অসম চৰকাৰে তৃণমূল পৰ্যায়ৰ পৰাই ৰাজ্যখনৰ উন্নয়নত গুৰুত্ব দি প্ৰতিটো খণ্ডৰ উত্তৰণত মনোনিৱেশ কৰিছে। শেহতীয়াকৈ তামুলপুৰ উন্নয়ন খণ্ডই কঢ়িয়াই আনিছে এক গৌৰৱৰ বতৰা। নিটি আয়োগে প্ৰকাশ কৰা ‘Aspirational Blocks Programme-Delta Ranks, March 2025’ত সামগ্ৰিকভাৱে উৎকৃষ্ট প্রদৰ্শনৰ বাবে তামুলপুৰ উন্নয়ন খণ্ডই দেশৰ ৫০০খন উন্নয়ন খণ্ডৰ ভিতৰত দখল কৰিছে শীৰ্ষ স্থান।
তামুলপুৰ উন্নয়ন খণ্ডৰ এই সফলতা কিন্তু এদিনতে প্ৰাপ্তি হোৱা নাছিল। ইয়াৰ আঁৰত আছিল বিষয়া-কৰ্মচাৰীসকলৰ নিৰৱচ্ছিন্ন প্ৰয়াস, ৰাইজৰ সহযোগিতা আৰু উন্নয়নমুখী মনোভাব। যাৰ ফলশ্ৰুতিত পূৰ্বৰ ৩৩১ স্থানৰ পৰা তেওঁলোকে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।
এই সফলতা প্ৰাপ্তিৰ অন্যতম মূল দিশটো হ’ল যে বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শন আৰু অনলাইন তথা প্ৰত্যক্ষভাৱে অংশীদাৰসকলৰ সৈতে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে সকলো স্তৰৰ মুখ্য সূচকসমূহ পৰ্যালোচনা কৰাৰ বিষয়ত গুৰুত্ব দিছিল। তদুপৰি উচ্চপদস্থ বিষয়াসকলে স্বাস্থ্য প্রতিষ্ঠান, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহ নিয়মিত পৰিদৰ্শন কৰি কাম-কাজসমূহৰ অগ্ৰগতিৰ বুজ লৈছিল।

উন্নয়ন খণ্ডটিৰ সফলতাৰ এটি দিশ আছিল – পঞ্চামৃত পদক্ষেপ। এই পদক্ষেপৰ অধীনত জন্মৰ প্ৰমাণপত্ৰ প্ৰদান, নৱজাতকৰ বাবে আধাৰ পঞ্জীয়ন, সুকন্যা সমৃদ্ধি যোজনা (কন্যা সন্তানৰ বাবে), ইউ-উইন পঞ্জীয়ন আৰু টীকাকৰণ, সমাহাৰ কিট বিতৰণ (নৱজাতক আৰু মাতৃৰ বাবে প্ৰয়োজনীয় সামগ্ৰী) আদি সামৰি লোৱা হৈছিল। তদুপৰি যক্ষ্মা ৰোগ নিৰ্মূল কৰিবলৈ ‘নিক্ষয় মিত্ৰ’ৰ জৰিয়তে সবল পদক্ষেপ লোৱা হৈছিল।
২০২৪ চনৰ ২৬ ডিচেম্বৰত তামুলপুৰত সফলতাৰে আয়োজন কৰা হৈছিল– ঋণ মেলা তথা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান উদ্যমিতা কাৰ্যসূচী। এই পদক্ষেপৰ দ্বাৰা ৭৮১টা ঋণ অনুমোদিত হয়, যাৰ পৰিমাণ হৈছে ৩১.৩৮ কোটি টকা।
২০২৪-২৫ বৰ্ষৰ এক সমীক্ষা অনুযায়ী মুঠ ২৬৬গৰাকী বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীক চিনাক্ত কৰা হৈছিল, যাৰ ভিতৰত ১৩৮গৰাকীক এন আৰ টি এছ আৰু আৰ টি এছৰ জৰিয়তে পুনৰ বিদ্যালয়ত নামভৰ্তি কৰোৱা হয়। ইয়াৰ সমান্তৰালকৈ ৯৫গৰাকী ছাত্ৰ-ছাত্ৰীক ভি চি ডি চিৰ জৰিয়তে পৰামৰ্শ প্ৰদানৰো পদক্ষপো গ্ৰহণ কৰা হৈছিল আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ সৈতে জড়িত কৰোৱা হৈছিল। তদুপৰি বৃত্তিমূলক প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰো পদক্ষেপ গ্ৰহণ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিছিল।
সময়ে সময়ে বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদিৰ সন্দৰ্ভতো সজাগতামূলক কাৰ্যসূচী,অভিযান, ৰেলী আদিৰ জৰিয়তে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰা হৈছিল।
পুষ্টিহীনতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ Severe Acute Malnutrition (SAM) আৰু Moderate Acute Malnutrition (MAM) ৰ দ্বাৰা শিশুৰ অৱস্থা পৰ্যবেক্ষণ কৰা হয়। এই দিশত অংগনৱাড়ী কৰ্মীসকলেও গৃহ পৰিদৰ্শন কৰি পুষ্টিহীনতাত ভোগা শিশুসকলক চিনাক্ত কৰি সঠিক পৰামৰ্শ প্ৰদান আৰু সহায় নিশ্চিত কৰিছিল। গৰ্ভাৱস্থাত স্বাস্থ্যকৰ আহাৰ খোৱাৰ সন্দৰ্ভতো এ এন এম আৰু আশা কৰ্মীসকলে স্বাস্থ্যকৰ আহাৰৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচীৰ জৰিয়তে সজাগতা নিশ্চিত কৰিছিল।
বিশেষ পশু স্বাস্থ্য শিবিৰ, পশুপালসকলৰ সজাগতা অভিযানেও উন্নয়ন খণ্ডটিৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ডিষ্ট্ৰিক মাছৰূম ছ’চাইটি আৰু এৰিকা নাট ক্লাষ্টাৰে জিলাখনৰ কৃষি ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে জীৱন আৰু জীৱিকাতো প্ৰভাৱ পেলাইছিল।
বিদ্যালয়ত ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষা কাৰ্যৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, প্ৰতিমাহে তামুলপুৰ জিলাৰ ১০গৰাকী শিক্ষকৰ সৈতে ৪০-৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সেনাৰ শিবিৰ পৰিদৰ্শন কৰি সেনা জোৱানৰ সৈতে মত বিনিময় কৰে।
অঞ্চলটোৰ প্ৰেৰণামূলক কামৰ ভিতৰত অন্যতম হৈছে যে প্ৰতিমাহে তামুলপুৰ জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ শ্ৰেণী অনুযায়ী প্ৰথম স্থান লাভ কৰা ১০গৰাকী ছাত্ৰ-ছাত্রীক জিলা আয়ুক্ত আৰু এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে পুৱাৰ আহাৰ (জলপান) গ্ৰহণ কৰিবলৈ নিৰ্বাচন কৰা হয়।
তদুপৰি জল জীৱন মিছনৰ পদক্ষেপসমূহ সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ জিলাখনৰ অৱসৰপ্ৰাপ্ত সদস্যক জল সৈনিক হিচাপে নিযুক্তি দিয়া হৈছে।
এনেধৰণৰ বিভিন্ন পদক্ষেপৰ বাবে তামুলপুৰ উন্নয়ন খণ্ড ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে আৰু এই সফলতাৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰেও শেহতীয়াকৈ জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অৰুণিমা কাকতি, অনুপম ডেকা আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাঃ গৌতম মেধিক দলীয়ভাৱে ‘কৰ্মশ্ৰী বঁটা’ৰে সন্মানিত কৰে।
এই সফলতা প্ৰাপ্তিৰ পাছত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে অসম বাৰ্তাৰ প্ৰতিবেদকক কয়, “এই বঁটাই আমাক অনুপ্ৰেৰণা যোগাইছে। ভৱিষ্যতে বিভাগসমূহৰ মাজত অধিক সমন্বয় সৃষ্টি কৰি সেৱা প্ৰদানৰ পথ প্ৰশস্ত কৰিবলৈ আমি দায়বদ্ধতাৰে কাম কৰি যাম। তামুলপুৰ নতুনকৈ গঠিত জিলা হোৱাৰ বাবে এই স্বীকৃতিয়ে আমাৰ সামূহিক প্ৰচেষ্টাক শক্তিশালী কৰিব আৰু অধিক মনোযোগেৰে কাম কৰি যাবলৈ আমাক অনুপ্ৰাণিত কৰিব।”
তেখেতে লগতে কয় যে কৰ্মশ্ৰী বঁটাই সকলো অংশীদাৰৰ মাজত ন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ যোগাইছে।
সহকাৰী আয়ুক্ত অনুপম ডেকাই জিলা আয়ুক্তগৰাকীৰ কামৰ শলাগ লৈ কয়, “বিভিন্ন বিভাগৰ মাজৰ সমন্বয়ৰ ফলত কামসমূহ ৰূপায়ণ কৰাত সহজ হৈ পৰিছে। এই ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীৰ অভিজ্ঞতা আৰু ভূমিকাও সফলতাৰ আন এক দিশ।”










