হাজোৰ ১৯ বছৰীয়া এগৰাকী ঢুলীয়া শ্যামল ডেকাই তেওঁৰ ঢোলটোত গামোচাৰে আৱৰণখন বান্ধি, বেগত কেইজোৰমান কাপোৰ আৰু প্ৰয়োজনীয় সামগ্ৰী ভৰাই তেওঁৰ সংগীবৃন্দৰ সৈতে বাছেৰে ৰাওনা হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম অভিমুখে৷
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন জিলাৰপৰা অহা অজস্ৰ লোকৰ দীঘলীয়া শাৰী৷ সৰুসজাইত বিহুনাচ উপভোগৰ বাবে বিনামূলীয়া টিকট সংগ্ৰহ কৰিবলৈ এনেদৰে ভিৰ কৰিছে সহস্ৰাধিক বিহুবলীয়া ৰাইজে৷
সৰুসজাই ষ্টেডিয়ামৰ ভিতৰলৈ আগবাঢ়ি যোৱাৰ লগে লগেই চিনাকি ঢোল-পেঁপা-গগনাৰ মাতত পৰিৱেশটো অধিক জীপাল হৈ উঠিছে৷ বিহুৱতীসকলৰ ৰং-বিৰঙৰ মেখেলা চাদৰ, বিহুৱাসকলৰ মুৰত বান্ধি লোৱা বিহুৱানৰ ৰঙা-বগা ৰঙে এক অপূৰ্ব দৃশ্যপট সৃষ্টি কৰিছে৷ পুৱা প্ৰায় ৭ বজাৰপৰাই বিহুনাচৰ আখৰাত ব্যস্ত ঢুলীয়া-নাচনীসকলে প্ৰখৰ ৰ’দকো নেওচি বিশেষ দিন দুটাৰ বাবে প্ৰস্তুতি চলাইছে৷
১৩ আৰু ১৪ এপ্ৰিল ২০২৩, এই দুটা দিন অসমবাসীৰ বাবে বিশেষ৷ কিয়নো ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰ কষ্ট আৰু সপোনে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তিকৰণেৰে বিশ্ব অভিলেখৰ যাত্ৰাত পৰিপূৰ্ণতা লাভ কৰিলে৷ বিহুৰ এই বিশ্বজনীন যাত্ৰাৰ আঁৰত আছে বহুজনৰ আশাশুধীয়া প্ৰচেষ্টা, সুদূৰপ্ৰসাৰী চিন্তা, হেঁপাহ আৰু কৰ্মোদ্যম৷
ৰঙা, নীলা, হালধীয়া আদি বিভিন্ন ৰঙৰ মেখেলা-চাদৰ পৰিহিত নাচনীকেইগৰাকীয়ে সৰুসজাইৰ বাকৰিত সোণত সুৱগা চৰাইছে৷ বিহুনাচৰ এই নান্দনিক দৃশ্যই বৰ্ণাঢ্য অসমৰ সমৃদ্ধ সংস্কৃতি প্ৰতিফলিত কৰিছে৷ অনুজসকলে অগ্ৰজজনৰপৰা শিকাৰ আগ্ৰহ প্ৰকাশ কৰাৰ দৃশ্যই পৰিস্ফুট কৰিছে ইজনে-সিজনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰম৷
“আমিনগাঁৱত অনুষ্ঠিত বাছনি প্ৰক্ৰিয়াত মই নিৰ্বাচিত হওঁ আৰু পৰ্যায়ক্ৰমে অনুষ্ঠিত আখৰাত অংশগ্ৰহণ কৰোঁ৷ সৰুসজাইৰ চূড়ান্ত আখৰাৰ বাবে আমি ১০ এপ্ৰিলত গুৱাহাটীত উপস্থিত হওঁ৷ ইয়াত বিভিন্ন জিলাৰপৰা অহা দাদা-বাইদেউসকলক লগ পাইছোঁ৷ জ্যেষ্ঠসকলে আমাক সুন্দৰকৈ শিকাই-বুজাই দিছে৷ বিহু প্ৰদৰ্শনৰ বাবে সৃষ্টি হোৱা এই পৰিৱেশটো কেতিয়াও পাহৰিব নোৱাৰিম,” ঢুলীয়া শ্যামল ডেকাই অসম বাৰ্তাক কয়৷
স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী যোৰহাটৰ মৌচুমী সোণোৱালে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আমি যোৰহাটৰপৰা ৮০০গৰাকী নাচনী আহিছোঁ৷ চিনাকি-অচিনাকি সকলোৱে মিলি একেলগে বিহুটিক বিশ্বৰ আগত উজলাই তুলিম বুলি পণ লৈছোঁ৷ এই বিশ্ব অভিলেখৰ সৈতে ১১ হাজাৰ নাচনী-ঢুলীয়াৰ লগতে হাজাৰ হাজাৰ পৰিয়ালৰ আৱেগ জড়িত হৈ আছে৷”
ঢোলবাদনৰ সৈতে জড়িত চৰাইদেউৰ ব্ৰজেন বৰগোহাঁই আৰু তেখেতৰ পুত্ৰ দুয়ো একেলগে বিশ্ব অভিলেখৰ যাত্ৰাত অংশগ্ৰহণৰ বাবে আহিছে৷ ব্ৰজেনে কয় “চেনেহৰ বিহুটিৰ প্ৰতি থকা আৱেগৰ বাবেই মই আৰু মোৰ ল’ৰা দুয়ো একেলগে ঢোলত চাপৰ মাৰিম বুলি আহিছোঁ৷ এইবেলি গৰু বিহু ঘৰত পালন কৰা নহ’ব বুলি আক্ষেপ নাই৷ কাৰণ সেইদিনা আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত বিহুনাচ প্ৰদৰ্শন কৰিম৷”
মাষ্টাৰ ট্ৰেইনাৰ নগাঁৱৰ কমলজিৎ দত্তই কয়, “মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ কাৰ্যসূচীৰপৰা নাচনী-ঢুলীয়াসকলৰ বাছনি প্ৰক্ৰিয়া, আখৰা আদিৰ সকলো ক্ষেত্ৰতে আমাক জিলা প্ৰশাসনে সকলো সুবিধা কৰি দিছে৷ এই পৰিৱেশ আমাৰ বাবে আনন্দদায়ক৷ নগাঁৱৰপৰা আমি ৭৫০গৰাকী নাচনী-ঢুলীয়া আহিছোঁ৷ আমাক থকা-খোৱাৰ আদিকে ধৰি সকলো ব্যৱস্থাই কৰি দিছে৷ আমি আদৰৰ বিহুটিক বিশ্বৰ বুকুত উজলাই তুলিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ৷”
“প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি বিহুনাচ প্ৰদৰ্শন কৰাৰ সুযোগ পাইছোঁ৷ এয়া আমাৰ বাবে সৌভাগ্যৰ কথা৷ সকলো জাতি-জনজাতি নিৰ্বিশেষে একেলগে একেখন মঞ্চত বিহুনাচ প্ৰদৰ্শন কৰিছোঁ৷ চিনাকি-অচিনাকি সকলোৱে যিকোনো পৰিস্থিতিতে ইজনে-সিজনক সহায়-সহযোগিতা কৰিছোঁ,” বঙাইগাঁৱৰপৰা অহা মাষ্টাৰ ট্ৰেইনাৰ দেৱীকা ৰয়ে কয়৷
এই বিশ্ব অভিলেখত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰপৰা প্ৰায় ১,৪০০গৰাকী নাচনী-ঢুলীয়া আহিছে৷ ইয়াৰ ভিতৰত ত্ৰিদিশা বৰুৱাও অন্যতম৷ প্ৰখৰ ৰ’দত সৰুসজাইৰ বাকৰিত পুৱাৰেপৰা আখৰা কৰাৰ পাছত ত্ৰিদিশা সহিতে কেইবাগৰাকী নাচনীয়ে জিৰণি লৈছে৷ কাৰণ কিছুসময়ৰ পাছত তেওঁলোক পুনৰ আখৰাত ব্যস্ত হৈ পৰিব৷
“১০ এপ্ৰিলৰ পুৱা ৬ বজাতে আমি গুৱাহাটীলৈ ৰাওনা হৈছোঁ৷ নিশা আহি আমি হোটেলত আছোঁ আৰু আজি (১১ এপ্ৰিল) আমি পুৱাৰপৰাই আখৰাত ব্যস্ত হৈ আছোঁ৷ জিলাভেদে সকলোৱে ভিন্নৰঙী মেখেলা-চাদৰ পৰিধান কৰি বিহু নাচিছোঁ৷ যদিও আমাৰ
মেখেলা-চাদৰৰ ৰং ভিন্ন, তথাপি আমাৰ পৰিচয় এটাই, উদ্দেশ্য এটাই, নাচৰ ভংগিমাও একেই৷ এয়া সমন্বয়-সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন,” ত্ৰিদিশাই কয়৷
১১ হাজাৰোধিক নাচনী-ঢুলীয়াৰ সৈতে বিহুনাচৰ বিশ্ব অভিলেখৰ ঐতিহাসিক যাত্ৰাটোত জড়িত থকা ব্যক্তিসকলৰ ভিতৰত অন্যতম ব্যক্তিজন হৈছে ৰঞ্জিত গগৈ৷ ৰঞ্জিত গগৈৰ লগতে তেখেতৰ দলটোৰ সদস্যসকলে বিহুনাচৰ প্ৰদৰ্শনৰ বাবে কৰিঅ’গ্ৰাফী আদিকে ধৰি প্ৰয়োজনীয় সকলো দিশ সামৰি প্ৰাৰম্ভিক পৰ্যায়ৰপৰাই জড়িত হৈ আছে৷
“এই বিৰল মুহূৰ্তটো এখন দলিল হিচাপে আজীৱন ৰৈ যাব৷ দেশ-বিদেশৰ মানুহে আমাৰ বিহুনাচ দেখিব৷ এই সময়খিনি যুগ যুগলৈ খ্যাতি হৈ ৰ’ব৷ ১৪ এপ্ৰিলৰ দিনটো মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিন৷ এয়া এক সংঘবদ্ধ প্ৰচেষ্টা৷ ইয়াৰ পাছত আমি আমাৰ সংস্কৃতিৰ গৰিমা, স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ অধিক দায়বদ্ধ হৈ পৰিম৷ গাঁও-চহৰবোৰত আমাৰ হেঁপাহৰ বিহুটি নতুন ৰূপত জিলিকি উঠিব, চৰ্চা বাঢ়িব৷ এই পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ ধন্যবাদ আৰু প্ৰশংসাৰ পাত্ৰ,” ৰঞ্জিত গগৈয়ে কয়৷