অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ২০২৫ চনৰ ছেপ্তেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হৈ বছৰজোৰা কাৰ্যসূচীৰে দেশজুৰি ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হ’ব। এই পদক্ষেপ অত্যন্ত আদৰণীয় আৰু প্ৰশংসনীয়। ভূপেন দা এগৰাকী গুণী-জ্ঞানী ব্যক্তি আছিল। তেখেতৰ গীতত যি মানৱতাবাদী আৰু বৈচিত্র্যত একতাৰ চিন্তা প্ৰকাশ পাইছিল, সেইবোৰ সদায় সমন্বয় আৰু ভাতৃত্ববোধেৰে ভৰা। সুধাকণ্ঠগৰাকীৰ জীৱনটো যেন তেখেতৰ গীতত প্ৰতিফলিত হৈছিল। যিদৰে ব্ৰহ্মপুত্ৰ অসমৰ সাৰথি, ঠিক একেদৰে ভূপেন দা অসমৰ সংস্কৃতি, সমাজ আৰু মানুহৰ হৃদয়ৰ এক অভিন্ন অংশ হৈ পৰিছিল। যদি “বিশ্ব নাগৰিক” বুলি কোৱা কোনো সঁচা উদাহৰণ থাকে, তেন্তে সেয়া হৈছে “সুধাকন্ঠ” ড° ভূপেন হাজৰিকা। মহান অসমীয়াগৰাকীৰ জন্ম শতবৰ্ষ উপলক্ষে অসম চৰকাৰে যি কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব, তাৰ ভিতৰত সকলো সৃষ্টিক লৈ ডিজিটেল সংৰক্ষণ অন্যতম হ’ব লাগে। ইয়াৰ লগতে গুৱাহাটীস্থিত তেখেতৰ সমাধিক্ষেত্ৰটোৰ বাবে অধিক যত্নপৰ হৈ সংৰক্ষণৰ কাৰণেও কাম কৰা উচিত।