১৯ বছৰীয়া প্ৰিয়ংকা বৰ্মনৰ দৃঢ়তা আৰু সংকল্পই নিজৰ বয়সক জিনিবলৈ সক্ষম হৈছে৷ ভিন্ন সমস্যাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত প্ৰিয়ংকাই বিদ্যালয় শিক্ষা সামৰিব লগা হ’ল যদিও নিজৰ কৌতূহলী মনটোৱে আকাশ চুৱাৰ সপোন তাই প্ৰতিদিনেই দেখে৷ নলবাৰী পলিটেকনিকত ড্ৰ’ন প্ৰশিক্ষণ কাৰ্যসূচীটো যেন তাইৰ বাবে আছিল সপোন পূৰণৰ এক সুযোগ৷
নলবাৰীৰ বানেকুছি মহকুমাৰ মধুপুৰ গাঁৱৰ বাসিন্দা প্ৰিয়ংকাই আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পাচলি বিক্ৰেতা দেউতাকক সহায় কৰিবলৈ ডেৰ বছৰৰ আগতে প্ৰগতি আত্মসহায়ক গোটত যোগদান কৰিছিল৷ প্ৰিয়ংকাই কয়, “আত্মসহায়ক গোটৰ সদস্য হিচাপে প্ৰথমবাৰলৈ মই এনে এটা প্ৰশিক্ষণত অংশগ্ৰহণ কৰিলোঁ৷”
এই প্ৰশিক্ষণত অংশ ল’বলৈ পোৱাৰ বাবে প্ৰিয়ংকাই নিজকে সৌভাগ্যৱতী বুলি উল্লেখ কৰি কয়, “এয়া মোৰ বাবে এটা ইতিবাচক সুযোগ আছিল৷ কৰ্মশালাৰ ছটা দিনত আমি ড্ৰ’ন পৰিচালনা, নীতি-নিয়ম, সুৰক্ষা, ব্যৱহাৰ আৰু সেৱা আদিৰ বিষয়ে শিকিবলৈ পালোঁ৷”
“এই কৰ্মশালাই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ ড্ৰ’ন ৰ বিষয়ে অধিক জানিবলৈ আৰু জীৱিকাৰ বাবে ড্ৰ’ন ৰ ব্যৱহাৰ কৰিবলৈ এতিয়া আগ্ৰহী হৈ পৰিছোঁ৷”
উক্ত প্ৰশিক্ষণত অংশ লোৱা ৰিংকু মণি বেগমে (২৭) প্ৰশিক্ষণথলীত উপস্থিত হ’বলৈ প্ৰতিদিনে চাৰি ঘণ্টাকৈ ভ্ৰমণ কৰিবলগীয়া হৈছিল৷ নিজৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি তমন্না আত্মসহায়ক গোটৰ সদস্য ৰিংকু মণিয়ে কয়, “কৰ্মশালাৰ ছটা দিন মোৰ বাবে সপোনৰ দৰে আছিল৷ শিকাৰ বাবে যেন এখন সাগৰ৷ মই পাঠ্যক্ৰমটোত যোগদান কৰাক লৈ অলপ সন্দিহান আছিলোঁ৷ যিহেতু মই কেতিয়াও ড্ৰ’ন দেখা নাই, মই ভাবিছিলোঁ এয়া মোৰ বাবে যথেষ্ট কঠিন হ’ব৷ এতিয়া অনুভৱ হৈছে যে কৰ্মশালাটোত যোগদান কৰাটো উচিত সিদ্ধান্ত আছিল৷”
“ড্ৰ’ন প্ৰযুক্তিৰ ব্যৱহাৰেৰে আমাৰ কৃষিক্ষেত্ৰৰ কেনেদৰে যতন ল’ব লাগে সেই সন্দৰ্ভত আমাৰ বিতং প্ৰশিক্ষণ প্ৰদান কৰিছিল৷ কৰ্মশালাৰ এই কাৰিকৰী জ্ঞানে কৃষিভূমিৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিব,” তেওঁ অসম বাৰ্তাক কয়৷
ভাৰতক নাৰী নেতৃত্বাধীন দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিল ‘লাখপতি দিদি’ নামৰ এক নতুন আঁচনিৰ বিষয়ে৷ তেখেতে আধুনিক প্ৰযুক্তিৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকলক সবল কৰাৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলক ড্ৰ’ন উৰণ আৰু মেৰামতিৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰিছিল৷
জিলা প্ৰশাসনৰ সহযোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এই হ্ৰস্বম্যাদী কাৰ্যসূচী আয়োজন কৰিছিল৷
প্ৰশিক্ষক সুমিত কৃষ্ণনে প্ৰশিক্ষাৰ্থীসকলৰ নতুন প্ৰযুক্তি শিকাৰ দিশত প্ৰদৰ্শন কৰা আগ্ৰহৰ প্ৰশংসা কৰে৷