গুৱাহাটী নিবাসী ব্যৱসায়ী সুমন বিশ্বাস গুৱাহাটী-শিলচৰ পথৰ এগৰাকী নিয়মীয়া যাত্ৰী। নিজৰ ব্যক্তিগত বাহনত যাত্ৰা কৰাৰ সুবিধা থাকিলেও তেখেতৰ বাবে ডিমা হাছাও পাৰ্বত্য অঞ্চলত যাত্ৰা কৰাটো এক বাধা হৈ পৰে।
“আমি সদায় অহা-যোৱা কৰোঁ, কিন্তু ডিমা হাছাওৰ ১০ কিল’মিটাৰ পথ পাৰ হওঁতেই কেতিয়াবা ডেৰ ঘণ্টাৰো অধিক সময় লাগে। এনে অৱস্থাই সমগ্ৰ যাত্ৰাটোত এক অসহ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে, বিশেষকৈ সৰু ল’ৰা-ছোৱালী আৰু বয়স্ক লোকসকলৰ বাবে অশান্তিদায়ক হয়,” সুমনে অসম বাৰ্তাৰ প্ৰতিবেদকক কয়।
এনেধৰণৰ স্থায়ী সমস্যাৰ মাজতো অসম কেবিনেটৰ এক সিদ্ধান্তই এই অঞ্চলটোৰ উন্নয়নৰ বাবে লৈ আহিছে এক আশাৰ বতৰা। ৩,৮৭৫ কোটি টকাৰ পথ উন্নয়নমূলক প্রকল্পত অনুমোদ বহু লোকৰ বাবে সকাহৰ বাট মুকলি কৰিছে।
“বহুদিনৰ অপেক্ষাৰ এই উন্নয়নমূলক পদক্ষেপে ভ্ৰমণকাৰ্য সহজ কৰি তোলাৰ সমান্তৰালকৈ ডিমা হাছাও আৰু সমগ্ৰ বৰাক উপত্যকাৰ বাসিন্দাসকলৰ বাবে অনেক সুবিধাৰ সৃষ্টি কৰিব,” সুমনে কয়।
ডিমা হাছাও জিলাৰ পথ সংযোগ উন্নত কৰাৰ বাবে অসম কেবিনেটে ৪ জুনত ৩,৮৭৫ কোটিৰ এক বৃহৎ পৰ্য্যায়ৰ আন্ত:গাঁথনিমূলক উন্নয়ন প্ৰকল্পত অনুমোদন দিয়ে। এয়া হৈছে অঞ্চলটোত এতিয়ালৈকে ৰাজ্য চৰকাৰে কৰা সৰ্বোচ্চ বিনিয়োগ হিচাপে গণ্য হ’ব। মূল পথসমূহক সংযোগ স্থাপন কৰিবলৈ আছাম ডিজেষ্টাৰ ৰেজিলিয়েণ্ট হিল এৰিয়া ৰোডছ ডেভেলপমেণ্ট প্ৰকল্পৰ অধীনত ৩৪৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব।
“পাৰ্বত্য জিলাৰ বাবে অসম চৰকাৰে এতিয়ালৈকে অনুমোদন কৰা সৰ্বোচ্চ পৰিমাণৰ বাজেট,” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক সেৱা ভৱনত কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত সংবাদ মেলত কয়। তেখেতে লগতে উল্লেখ কৰে যে এই প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে, বাৰিষাৰ পাছতেই নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই প্ৰকল্পৰ ৮০% ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু বাকী ২০% ৰাজ্য চৰকাৰে বহন কৰিব। কেন্দ্ৰই বিশ্ব বেংকৰ সহায়ত এই অনুদান আগবঢ়াইছে।”
কিন্তু নিৰ্মাণকাৰ্য বান পৰিস্থিতিৰ কিছু উন্নত হোৱাৰ পাছতহে আৰম্ভ হ’ব।
কেবিনেট মন্ত্ৰী নন্দিতা গর্লোছাই অসম বাৰ্তাৰ প্ৰতিবেদকৰ সৈত বাৰ্তালাপ কৰাৰ সময়ত কয়,”২০২২ চনৰ বিধ্বংসী বানৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ক্ষতিগ্রস্ত এলেকা পৰিদৰ্শন কৰিছিল। তাৰপিছতে তৎকালীনভাৱে বিভিন্ন বিভাগৰ বিষয়াসকলক বৃহৎ পৰিসৰত ভৌগোলিক অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। মুখ্যমন্ত্ৰীৰ আগ্ৰহ আৰু সদিচ্ছাই এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাট মুকলি কৰিলে।” তেখেতে লগতে কয়, “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এই প্ৰকল্পটো বিশ্ব বেংকে গ্ৰহণ কৰিছে।”
“যোগাযোগ ব্যৱস্থাৰ অভাৱ ডিমা হাছাও জিলাৰ মূল সমস্যা আছিল। এই প্ৰকল্পটোৱে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱর্তন আনিব,” গর্লোছাই কয়।
সুমন বিশ্বাসেও এগৰাকী ব্যৱসায়ী হিচাপে বাণিজ্যিক সুবিধাৰ উপৰি এই পথ উন্নয়ন প্রকল্পটোৰ আন সুবিধাসমূহৰ ওপৰতো গুৰুত্ব দিয়ে।
“উন্নত পথ ব্যৱস্থাই যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব, যাৰ ফলত ৰোগীসকলক চিকিৎসালয় অতি কম সময়ৰ ভিতৰত পোৱাটো সহজ কৰি তুলিব। ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ৰোগীসকলে এতিয়া যি দুৰ্বিষহ যাত্ৰা কৰে, এতিয়া সেই সমস্যাৰ অন্ত পৰিব আৰু ৫-৬ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ৰাজধানী বা অন্য বৃহৎ চিকিৎসা কেন্দ্ৰ গৈ পোৱাত সহায়ক হ’ব,”সুমনে কয়।
তেখেতে আশা প্ৰকাশ কৰি কয়, “ভৱিষ্যতে মোৰ ব্যৱসায়িক ভ্ৰমণ অতি সহজ আৰু আৰামদায়ক হ’ব।”











