প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিফু আৰু ডিব্ৰুগড়ত দুখন ৰেলীত অংশগ্ৰহণ কৰি তেওঁৰ লাখ লাখ জনতাক উদ্দেশ্যি সম্বোধন কৰিলে। তেওঁৰ স্বভাৱসুলভ বন্ধুত্ৱপূৰ্ণ আৰু আৱেগিক কণ্ঠৰে অসমৰ জনসাধাৰণক ৰাজ্যখনত শান্তি, ঐক্য আৰু উন্নয়নৰ গতি অটুট ৰাখিবলৈ আহ্বান জনায়।
ডিফুত ৫০০ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই প্ৰকল্পসমূহে অঞ্চলটোত দক্ষতা বিকাশৰ লগতে সংস্থাপনৰ সুযোগ কঢ়িয়াই আনিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ২,৯৫০ তকৈও অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অমৃত সৰোবৰসমূহক বিকশিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় ১,১৫০ কোটি টকা ব্যয় কৰিব।
আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্বৰ কথা স্মৰণ কৰি তেখেতে কয় যে এয়া এক আনন্দময় সংযোগ যে দেশবাসীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীও উদযাপন কৰা হৈছে। তেওঁ উল্লেখ কৰে “লাচিত বৰফুকনৰ জীৱন আমাৰ বাবে দেশপ্ৰেম আৰু ৰাষ্ট্ৰ শক্তিৰ অনুপ্ৰেৰণাৰ উৎস। দেশৰ এইগৰাকী মহানায়কলৈ শতকৌটি প্ৰণাম যাচিছোঁ,” প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাবোৰ ক্ৰমান্ৱয়ে হ্ৰাস পাইছে আৰু উন্নয়নৰ গতি দ্ৰুততৰ হৈ পৰিছে।
অসমক জনজাতীয় সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ এখন ৰাজ্য হিচাপে তেখেতে অভিহিত কৰে।
আবেলিলৈ ডিব্ৰুগড়ৰ ৰেলীত হাজাৰ হাজাৰ বিহু নৃত্যশিল্পীৰ মাজত ঢোলৰ চাপৰৰ সৈতে ছন্দ মিলাই তেখেতে বিহু উপভোগ কৰে।
চাহ বাগিচাত কাম কৰা লক্ষাধিক লোকৰ জীৱন উন্নত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ বিষয়ে তেখেতে ডিব্ৰুগড়ত ভাষণ প্ৰসংগত উল্লেখ কৰে।