লেপেটকটা চাহ বাগিচাৰ এগৰাকী কৰ্মী, ৪২ বছৰীয়া মনোহৰ কুৰ্মীয়ে নিজৰ চাৰিজনীয়া পৰিয়ালৰ সংসাৰ চলাবলৈ সংগ্রাম কৰিছিল। চৰকাৰী হিতাধিকাৰী হিচাপে যোগ্য হোৱাৰ পাছতো তেখেতে কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাছিল। কাৰণ, তেখেতৰ লগত আধাৰ কাৰ্ড নাছিল।
“আমাৰ বাবে চৰকাৰে যিবোৰ আঁচনি প্ৰচলন কৰিছিল, সেইবোৰৰ আমি লাভালাভ প্ৰাপ্তি কৰা নাছিলোঁ। আমি চাহ বাগিচাত দিন-ৰাতি পৰিশ্ৰম কৰিছোঁ, কিন্তু আধাৰ নথকাৰ বাবে আমি যেন চৰকাৰী নথিপত্ৰত অস্তিত্বহীন হৈ আছিলোঁ,” মনোহৰ কুৰ্মীয়ে কয়।
এই কাহিনী কেৱল মনোহৰৰে নহয়, ডিব্ৰুগড় জিলাৰ হাজাৰ হাজাৰ চাহ বাগিচাৰ কৰ্মীয়ে একেই সমস্যাৰ সন্মুখীন হৈছিল। তেওঁলোকে পোৱা নাছিল খাদ্যশস্য, এমজি এনৰেগাৰ মজুৰি, পেঞ্চন, ছাত্ৰবৃত্তি আৰু আন বহুতো সেৱা।
এই সমস্যাৰ গুৰুত্ব বুজি ডিব্ৰুগড় জিলা প্ৰশাসনে ২০২৩ চনত বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত “ৰেপিড আধাৰ এন’ৰ’লমেণ্ট ড্ৰাইভ” আৰম্ভ কৰে। লক্ষ্য আছিল — বঞ্চিতসকলৰ ২.৫ লাখ লোকক আধাৰ সংযুক্তকৰণৰ সুবিধা প্ৰদান কৰা। এই অভিযান কেৱল নথিপত্ৰ প্ৰস্তুত কৰাই নহয়, বৰঞ্চ অধিকাৰ আৰু সেৱা লাভৰ মাজত থকা ব্যৱধান দূৰ কৰি এখন প্ৰাপ্তিৰ সেতু নিৰ্মাণ কৰাৰ লক্ষ্যকো সামৰি লৈছিল।

অনন্যা চৌধুৰী, সহকাৰী আয়ুক্ত (আধাৰ শাখা) অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰি জনায়, “আমাৰ এই অভিযানৰ জৰিয়তে বহুস্তৰীয় সমীক্ষা কৰা হৈছে। ঘৰ পৰিদৰ্শন, স্কুলত নামভৰ্তি নিৰীক্ষণ আদিৰ জৰিয়তে তথ্য বিশ্লেষণ কৰাৰ সমান্তৰালকৈ যিসমূহ অঞ্চলত আধাৰ লাভৰ সংখ্যা কম আছিল, সেইসমূহ বিশেষভাৱে সামৰি লোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।”
তেখেতে কয় যে যিসকলৰ প্ৰমাণপত্ৰ নাছিল, তেওঁলোকে যাতে এই সুবিধাৰ পৰা বঞ্চিত নহয়, সেই দিশটো নিশ্চিত কৰিবলৈ দুই লাখৰো অধিক জাতি আৰু জন্মৰ প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল।
তেখেতে কয়, “জনসাধাৰণৰ সুবিধাৰ বাবে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। কৰ্মীসকলৰ কথা চিন্তা কৰি কামৰ আগত আৰু পাছত, ছুটিৰ দিনতো আধাৰ পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হৈছিল। লগতে জি পি এছৰ মাধ্যমেৰে শিবিৰসমূহৰ কাৰ্যপন্থা নিৰীক্ষণ কৰা হৈছিল যাতে স্বচ্ছতা নিশ্চিত হয়।”
তেখেতে লগতে কয় যে সচেতনতা বৃদ্ধিৰ বাবে সৰু পৰিসৰৰ আই ই চি অভিযান চলোৱা হৈছিল। ইয়াৰ লগতে আশাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰি যিসকল পৰিয়াল দ্বিধাগ্ৰস্ত আছিল, তেওঁলোকক উৎসাহিত কৰা হৈছিল।
চৌধুৰীয়ে জনায় যে ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৫ মাৰ্চলৈকে মুঠ ১০,০০০ৰো অধিক আধাৰ পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হৈছিল।
তেখেতে গৌৰৱৰ সৈতে কয়, “যেতিয়া ২০২৩ এপ্ৰিলত আমি অভিযান আৰম্ভ কৰিছিলোঁ, তেতিয়া আধাৰ সংযুক্তকৰণ আছিল ৭৭%। কিন্তু ২০২৫ জুনলৈকে আমি এই সংখ্যা ৯৬.৮%ত পৰিণত কৰিছোঁ, অৰ্থাৎ মুঠতে ২.৮১ লাখ ব্যক্তিক পঞ্জীয়ন কৰা হৈছে। এই পদক্ষেপে চাহ বাগিচা অঞ্চলসমূহত কল্যাণমূলক সেৱা, আৰ্থিক অন্তৰ্ভুক্তিকৰণ আৰু দাৰিদ্ৰ্যতা হ্ৰাসৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱর্তন আনিছে। তদুপৰি ইয়াৰ ফলাফলসমূহো বৰ্তমান সুস্পষ্ট। ২০২৩ এপ্ৰিলত এন এফ এছ এ-ৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰী সংখ্যা ৬.৭৭ লাখৰ পৰা ২০২৫ জুনলৈ বৃদ্ধি পায় ৯.২৬ লাখলৈ। এমজি এনৰেগাৰ অধীনত আধাৰ সংলগ্নতা ৮৭% ৰ পৰা ৯৯.৯৮%লৈ বৃদ্ধি পাইছে আৰু আধাৰভিত্তিক পেমেণ্ট ছিষ্টেম ২০২৩ ৰ ৩৫% ৰ পৰা ২০২৫ ত ৯৬%লৈ বৃদ্ধি পাইছে।”
তথাপিও ইয়াৰ প্ৰভাৱ কেৱল সংখ্যাতেই সীমাবদ্ধ নহয়। তেখেতৰ মতে এই অভিযানটোৱে হিতাধিকাৰীসকলৰ জীৱনলৈও পৰিৱর্তন আনিছে। পূৰ্বে যিসকলে অৱহেলিত অনুভৱ কৰিছিল, তেওঁলোকে এতিয়া নিজে নামভৰ্তিৰ বাবে আগবাঢ়ি আহিছে। পিএম জি কে এ ৱাই, পিএম এম ভি ৱাই আৰু ‘এটি কলি, দুটি পাত’ৰ দৰে অধিকাৰভিত্তিক আঁচনিসমূহৰ সম্প্ৰসাৰণৰো উন্নত হৈছে। ইয়াৰ লগতে, আধাৰক হিতাধিকাৰী চিনাক্তকৰণ আৰু ডুপ্লিকেশ্যন ৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছে।
জিলা প্ৰশাসনৰ এই সফলতাক শেহতীয়াকৈ ব্যাপকভাৱে স্বীকৃতি দিয়া হৈছে। ডিব্ৰুগড়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত অভিলাষী আঁচনি বাস্তৱায়নৰ ক্ষেত্ৰত জিলাস্তৰীয় ৰেংকিং ফ্ৰেমৱৰ্কত প্ৰথম স্থান লাভ কৰিছে। ২০২৫ চনত এই পদক্ষেপে গৌৰৱজনক ‘কৰ্মশ্ৰী বঁটা’ও লাভ কৰিছে।
কৰ্মশ্ৰী বঁটাৰ বিষয়ে অনন্যাই কয়, “এই সুযোগৰ বাবে মই অতি কৃতজ্ঞ। এইটো মোৰ বাবে স্বপ্ন পূৰণৰ মুহূৰ্ত, যিয়ে মোক ভৱিষ্যতে আৰু অধিক মনোবলেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে।”
আজিৰ দিনত মনোহৰৰ দৰে বহুতে এই পৰিৱৰ্তনৰ সাক্ষী হৈছে। আধাৰ কাৰ্ড হাতত লৈ তেখেতৰ পৰিয়াল এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।










