বাগানপাৰা, ধমধমা, বাক্সাৰ খেতিয়ক উৎপাদক সংস্থাৰ এগৰাকী পৰিচালক তথা খেতিয়ক অনন্ত ৰামচিয়াৰী৷ অনন্তৰ মতে ডিজিটেল যুগৰ সৈতে খোজ মিলাই খেতি প্ৰণালীৰ উন্নীতকৰণৰ ক্ষেত্ৰত বহুতো সুবিধা আছে৷ ম’বাইল ফ’নটোৰ সঠিক ব্যৱহাৰ জানিলে যে কৃষিৰ ক্ষেত্ৰত কিমান সহায়ক হ’ব পাৰে সেই বিষয়ে অনন্তৰ লগতে সেই অঞ্চলৰ শতাধিক কৃষকে অৱগত হৈছিল ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ইলেক্টªনিকছ আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ নাইলিটৰ (NIELIT) প্ৰযুক্তি প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত৷
অনন্তই কয়, “মই নাইলিটৰ এই বিশেষ কাৰ্যসূচীত অংশ লৈছিলোঁ৷ এই কাৰ্যসূচীত ম’বাইল ফ’নত বিভিন্ন এপ্ ব্যৱহাৰ কৰি কৃষিৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ কেনেদৰে ল’ব পাৰি, চৰকাৰী আঁচনি আদিৰ বিষয়ে কেনেকৈ অৱগত হ’ব পাৰি বা হেল্পলাইন নম্বৰৰ জৰিয়তে কেনেদৰে পৰামৰ্শ ল’ব পাৰি, এই বিষয়ে আমাক জনোৱা হৈছিল৷ লগতে ডিজিটেল পেমেণ্ট আদিৰ কথাও মই এই কাৰ্যসূচীৰ পৰা জানিব পাৰিছিলোঁ৷”
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনৰ নাইলিটে ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ মাৰ্চৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১.৬৫ লাখগৰাকী ব্যক্তিক ডিজিটেল দক্ষতা বৃদ্ধি আৰু সাম্প্ৰতিক ঔদ্যোগিক পৰিৱেশৰ প্ৰয়োজনীয় প্ৰযুক্তিগত প্ৰশিক্ষণ প্ৰদানৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এই বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তৰ্গত নাইলিটে ৪টা কেটেগৰীত যুৱক-যুৱতী, শিক্ষাৰ্থী, কৃষক, মহিলা, বয়োজ্যেষ্ঠসকলক সাঙুৰি লৈছে (বক্সত চাওক)।
নাইলিট গুৱাহাটীৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া ড॰ সৌৰভ মহন্তই অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “মুঠ চাৰিটা কেটেগৰীত চলাই থকা আমাৰ এই বিশেষ কাৰ্যসূচীৰ লক্ষ্য হৈছে দক্ষতা বৃদ্ধি, সংস্থাপন, পুনঃদক্ষতা আদি৷ ব্লকচেইন, চি প্লাছ প্লাছ, ম’বাইল টেকনলজী আদি ক’ৰ্ছসমূহ আজিৰ দিনত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে৷ বিশেষকৈ ডিজিটেল প্ৰযুক্তিয়ে ঠন ধৰি উঠাৰ সময়ত আমি এই প্ৰযুক্তিসমূহৰ বিষয়ে সজাগ হোৱাৰ প্ৰয়োজন৷” তেওঁ লগতে কয়, “এই কাৰ্যসূচী যুটীয়াভাৱে সফল কৰি তোলাৰ উদ্দেশ্যে নাইলিটে কাজিৰঙা বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, চিআইটি কোকৰাঝাৰ, বিএইচবি মহাবিদ্যালয়, চিনামৰা মহাবিদ্যালয় আদি প্ৰায় ২০খনতকৈও অধিক শিক্ষা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ লগতে আৰু প্ৰায় ৩০খনতকৈও অধিক শিক্ষা প্ৰতিষ্ঠানৰ সৈতে শীঘ্ৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব৷”
মহন্তই লগতে কয় আমাৰ এই কাৰ্যসূচীত ব্লকচেইনৰ প্ৰশিক্ষণ লোৱা উজ্জ্বল ৰয় আৰু পঞ্চানন নাথে চিআইটি কোকৰাঝাৰত সংস্থাপন লাভ কৰিছে, লগতে সত্যানন নন্দী আৰু আয়ুষ কুমাৰে চুথেৰলেণ্ড গ্ল’বেলত, জ্যোতিষ্মান দাসে এপিটি ছ’ফট্ৱেৰত সংস্থাপন লাভ কৰিছে৷ তেওঁ লগতে কয়, “কেৱল এয়াই নহয়, আন বহুজনে বিভিন্ন ক্ষেত্ৰত সংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত আমাৰ এই কাৰ্যসূচীয়ে সহায় কৰিছে৷ আমাৰ পেছাদাৰী ক্ষেত্ৰৰ সৈতে জড়িত পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ হ’লে এই সংখ্যা অধিক বৃদ্ধি পাব৷ কাৰ্যসূচীৰ অৰ্ধেক সময় পাৰ নৌহওঁতেই লাভ কৰা সফলতাই আমাক উৎসাহিত কৰিছে৷ আমাৰ এই কাৰ্যসূচীৰ অধীনত ডিজিটেল আৰু ইলেক্ট্ৰনিকছ ষ্টাৰ্ট আপৰ বিকাশৰ ([incubation) ক্ষেত্ৰতো কাম কৰা হ’ব৷”
চিআইটি কোকৰাঝাৰৰ সহকাৰী অধ্যাপক বিক্ৰম চৌধুৰীয়ে কয়, “নাইলিটে আমাৰ প্ৰতিষ্ঠানত যিকেইটা বিশেষ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। তাৰ ফলাফল আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতক্ষ্যভাৱে লাভ কৰিছে৷ সংস্থাপনৰ ক্ষেত্ৰতেই হওক বা ব্যৱহাৰিক পাঠ্যক্ৰমৰ ক্ষেত্ৰতেই হওক এনেধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে যথেষ্ট অৰিহণা আগবঢ়ায়৷”
ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ৰ ফণীধৰ মেচে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “এতিয়ালৈকে নাইলিটে আয়োজন কৰা কাৰ্যসূচীসমূহে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট সজাগ কৰিছে৷ শেহতীয়াকৈ সৌৰ প্ৰযুক্তিৰ লগত জড়িত প্ৰশিক্ষণৰ বাবে নাইলিটৰ তৰফৰ পৰা এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে আমাৰ মহাবিদ্যালয়লৈ তেওঁলোকে সৌৰ প্ৰযুক্তিৰ সামগ্ৰীসমূহ প্ৰেৰণ কৰিছে৷ এই কাৰ্যসূচীয়ে বৰ্তমান সম্পূৰ্ণ দেশতে ব্যাপক প্ৰসাৰ লাভ কৰা সৌৰ শক্তি পৰিচালনা আৰু তত্ত্বাৱধানৰ বাবে মানৱ সম্পদ সৃষ্টিত সহায় কৰিব৷”