পুৱাই অসমৰ একাপ চাহত চুমুক দি লাভ কৰা সতেজতাৰ আঁৰত আছে অসমৰ চাহৰ ২০০ বছৰীয়া ইতিহাসৰ বিশ্বপ্ৰসিদ্ধ যাত্ৰা৷ এই যাত্ৰাৰ অন্যতম মাইলৰ খুঁটি হৈছে ‘টোকোলাই’-টোকোলাই চাহ গৱেষণা কেন্দ্ৰ৷ যোৰেহাট টী কোম্পানী লিমিটেডৰ ভূমিত প্ৰতিষ্ঠিত এই কেন্দ্ৰটো চাহ বাগিচাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত গৌৰৱেৰে জিলিকি আছে৷
যোৰহাট চহৰৰপৰা প্ৰায় পাঁচ কিল’মিটাৰ দক্ষিণে অৱস্থিত ‘টোকোলাই চাহ গৱেষণা কেন্দ্ৰ’৷ ১৯১১ চনত স্থাপিত এই কেন্দ্ৰটো বিশ্বৰ সবাতোকৈ প্ৰাচীন চাহ গৱেষণাৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত৷ চাহ খেতি আৰু ইয়াৰ প্ৰক্ৰিয়াকৰণৰ সকলো দিশ সামৰি গৱেষণাৰ জৰিয়তে চাহৰ উৎপাদনশীলতা আৰু গুণগত মান উন্নীত কৰাই আছিল এই কেন্দ্ৰটি স্থাপনৰ মূল উদ্দেশ্য৷
পূৰ্বতে এই কেন্দ্ৰটো ‘Tocklai Experimental Station’ নামেৰে জনাজাত আছিল৷ ১৯৬৪ চনত চাহ গৱেষণা সংস্থা গঠন হোৱাৰ পাছত টোকোলাইত চাহ গৱেষণাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা হ’ল৷ অসম চৰকাৰে বিভিন্ন চাহ উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে এই কেন্দ্ৰটোৰ প্ৰতিষ্ঠাৰ বাবে ব্যয় বহন কৰিছিল আৰু ২০১৪ চনত এই কেন্দ্ৰই বৰ্তমানৰ নাম লাভ কৰে৷
টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড॰ আজাৰিয়া বাবুৱে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “টোকোলাই চাহ গৱেষণা কেন্দ্ৰই প্ৰতিষ্ঠা কালৰেপৰাই চাহ উদ্যোগটোৰ প্ৰয়োজন অনুসাৰে নতুন ক্ল’ন আৰু প্ৰজাতিৰ বিকাশ তথা উদ্ভাৱনৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে৷ এই পৰ্যন্ত আমি ২০০ৰো অধিক জাতৰ চাহৰ লগতে ৩৪টা ক্ল’ন বিকাশ সম্ভৱপৰ কৰি তুলিছোঁ৷ এই ক্ল’নসমূহ চাহৰ খেতিত প্ৰয়োগ কৰা হৈছে৷ বিভিন্ন স্থানত কৰা গৱেষণাৰ ভিত্তিত এই ক্ল’নসমূহ মুকলি কৰা হয়৷”
উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা তথা ভাৰতীয় চাহ ব’ৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতীয়ে এই সন্দৰ্ভত কয়, “চাহৰ কৃষি পদ্ধতিত টোকোলাইৰ অৱদান অপৰিসীম৷ টোকোলাইৰ অনুসন্ধান আৰু বিকাশ সম্পৰ্কীয় কাৰ্যপন্থাই অসম আৰু ভাৰতৰ চাহ উদ্যোগৰ লগতে আন বহু চাহ উৎপাদনকাৰী দেশকো উপকৃত কৰিছে৷”
জৈৱ প্ৰযুক্তিগত গৱেষণা হৈছে ‘টোকোলাই’ৰ অন্যতম মূল কাৰ্য৷ এনে গৱেষণাৰ অংশবিশেষ ক্ল’ন হৈছে কাণ্ডৰপৰা বিকশিত কৰা গছ৷ চাহৰ নতুন ক্ল’নবোৰে খৰাঙৰ আদি প্ৰতিকূল জলবায়ুৰ পৰিস্থিতিকো প্ৰত্যাহ্বান জনাই বিকশিত হোৱাৰ লগতে গুণগত মানসম্পন্ন চাহ উৎপাদন কৰে৷ ১৯৪৯ চনত টোকোলায়ে টিভি১, টিভি২ আৰু টিভি৩ শীৰ্ষক তিনিটা ক্ল’ন মুকলি কৰাৰ পাছৰেপৰা চাহ খেতিত ক্ল’ন পদ্ধতিৰ প্ৰয়োগে জনপ্ৰিয়তা লাভ কৰিলে৷ উল্লেখযোগ্য যে টোকোলাইৰ প্ৰথম ক্ল’ন টিভিৰ-এ উৎকৃষ্ট মানৰ চিটিচি চাহ উৎপাদন কৰে৷ ১৯৫০ৰ সময়ছোৱাতেই অসমত এই ক্ল’ন পদ্ধতিৰে কৰা চাহ খেতিয়ে ৰাজ্যখনক বিশ্বৰ ভিতৰতে সৰ্বাধিক চিটিচি চাহ উৎপাদনকাৰী অঞ্চল হিচাপে পৰিগণিত কৰাৰ লগতে অসমৰ চাহে লাভ কৰিলে বিশ্বব্যাপী সমাদৰ৷
ড॰ আজাৰিয়া বাবুৱে কয় যে অসমৰ বাবে উপযোগী কিছুমান ক্ল’ন চাহ উৎপাদনকাৰী আন অঞ্চলৰ বাবে উপযোগী নহ’বও পাৰে৷
“উদাহৰণস্বৰূপে কাছাৰৰ জলবায়ুৰ পৰিস্থিতি ডিব্ৰুগড় বা উত্তৰ অসমৰ চাহ খেতি কৰা আন অঞ্চলসমূহৰ দৰে একে নহয়৷ গতিকে আমি চাহ উদ্যোগটোৰ বাবে অঞ্চল বিশেষ ক্ল’ন প্ৰস্তুত কৰিছোঁ,” আজাৰিয়া বাবুৱে কয়৷
তদুপৰি চাহ খেতিৰ বাবে উপযুক্ত ভূমিৰ সৈতে জড়িত বিষয়ৰো গৱেষণা হৈছে টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অন্যতম মূল দিশ৷
“চাহ হৈছে বহুবৰ্ষজীৱী শস্য আৰু একক কৃষি পদ্ধতিৰে কৰা খেতি৷ চাহ উৎপাদনৰ মান বৃদ্ধিৰ কাৰণে মাটিৰ গুণাগুণ উচ্ছ মানবিশিষ্ট হোৱাটো অতিকৈ প্ৰয়োজনীয়৷ আমাৰ সকলো গ্ৰাহকে আমাৰ বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰি উপকৃত হৈছে,” তেখেতে লগতে কয়৷
ইয়াৰ লগতে জৈৱিক পদ্ধতিৰে উৎপাদিত চাহৰ ক্ষেত্ৰতো টোকোলায়ে এক দীৰ্ঘকালীন পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ বিভিন্ন অনুসন্ধানমূলক পৰীক্ষাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক চাহ খেতিৰ এক পদ্ধতি প্ৰস্তুত কৰা হৈছে আৰু বৰ্তমান ই চাহ বাগিচাসমূহৰ বাবে উপলভ্য৷
সঞ্চালকগৰাকীয়ে লগতে কয় যে বিগত বৰ্ষবোৰত টোকোলাই চাহ গৱেষণা কেন্দ্ৰই ৰাজ্যখনৰ চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা দিয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়তো গৱেষণা কৰি আহিছে৷ বিশেষকৈ শুভ কৃষি অনুশীলনী (Good Agricultural Practices -GAP) আৰু শুভ প্ৰস্তুতকৰণ অনুশীলনী (Good Manufacturing Practices -GMP)ৰ জৰিয়তে চাহ উদ্যোগটোৰ বাবে বহনক্ষম উন্নয়নৰ মান নিৰূপণ কৰাৰ ক্ষেত্ৰতো টোকোলায়ে অৰিহণা যোগাইছে৷ টোকোলাই গৱেষণা কেন্দ্ৰই ২০৩০ চনৰ ভিতৰত ‘a people and planet positive’ চাহ উদ্যোগ গঢ় দিয়াৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷
টোকোলাই চাহ গৱেষণাৰ ক্ষেত্ৰত আলোচ্য আন এক বিষয়বস্তুৰ মূল কেন্দ্ৰ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল, যিসকলে ৰাজ্যখনৰ মুঠ বাৰ্ষিক চাহ উৎপাদনত এক বৃহৎ অৱদান আগবঢ়াই আহিছে৷ এই খেতিয়কসকলৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত এটি নিৰ্ভৰযোগ্য প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে৷ টোকোলাইৰ সঞ্চালকগৰাকী এই ক্ষুদ্ৰ খেতিয়কসকলক লৈ যথেষ্ট আশাবাদী৷
“বৰ্তমান অসমে ভাৰতৰ মুঠ চাহৰ ৫০%ৰো অধিক উৎপাদন কৰে৷ ইয়াৰ ভিতৰত ৫০%ৰো অধিক চাহ উৎপাদন হৈছে ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ অৱদান৷ এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব বুলি আমি আশাবাদী,” সঞ্চালকগৰাকীয়ে কয়৷
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই টোকোলাইৰ এই প্ৰচেষ্টাৰ শলাগ লয়৷ “মই শেহতীয়াকৈ টোকোলাইত এটি প্ৰশিক্ষণ তথা চাহ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ৷ এই কাৰ্যসূচী অতি আকৰ্ষণীয় আৰু প্ৰশংসাৰ বিষয় আছিল,” তেখেতে কয়৷
চাহ গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়াই অহা অতুলনীয় অৰিহণাৰ বাবে অসম চৰকাৰে টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ ১০ কোটি টকাৰ অনুদান আগবঢ়াইছে, যাৰ জৰিয়তে এই কেন্দ্ৰই চাহ গৱেষণাক এক নতুন ৰূপ প্ৰদান কৰি অসমৰ চাহ উদ্যোগটোক এক অনন্য মাত্ৰা আগবঢ়োৱাত বৰঙণি যোগাব৷