সৰুসজাই ক্ৰীড়া প্ৰকল্পত ২৪ ফেব্ৰুৱাৰীত দেখিবলৈ পোৱা গ’ল এক বিনন্দীয়া পৰিৱেশ। ধামচা, মাদল, তাল, বাঁহী আদিৰ শব্দই জীপাল কৰি তোলা পৰিৱেশটোত ৮ সহস্ৰাধিক শিল্পীয়ে ১৬ মিনিটৰো অধিক সময় ‘ঝুমইৰ নৃত্য’ প্ৰদৰ্শন কৰিলে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দেশ-বিদেশৰ প্ৰতিনিধিবৰ্গ/ৰাষ্ট্ৰদূতসকলৰ উপস্থিতিয়ে এই কাৰ্যসূচীক এক নতুন ৰূপ দিলে। চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ আৱেগ, স্বাভিমান – ঝুমইৰ নৃত্যৰ বিশ্বজনীন প্ৰচাৰে যেন দেখুৱাই দিলে একতা, ভাতৃত্ববোধ আৰু অসমৰ চহকী সংস্কৃতিৰ এক নিদৰ্শন।
উক্ত দিনা সন্ধিয়াপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰুসজাই ক্ৰীড়া প্ৰকল্পলৈ ৰাওনা হোৱাৰ সময়ত জনতাৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।
এই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণিল সংস্কৃতি প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰী মোদী আকৰ্ষিত হয় আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আজি সন্ধিয়া, গুৱাহাটীত যি আদৰণি লাভ কৰিলোঁ সেয়া মই সদায় মনত ৰাখিম আৰু হৃদয়ত সাঁচি ৰাখিম। গুৱাহাটী বিমানবন্দৰৰপৰা সৰুসজাই ষ্টেডিয়ামলৈ ৰাইজে আশীৰ্বাদেৰে ওপচাই পেলালে। এই স্নেহত মই অভিভূত আৰু অসমৰ প্ৰগতিৰ বাবে কাম কৰি যাম।”

সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ সময়ত চাহ জনগোষ্ঠীয় সমাজৰ প্ৰতীক সম্বলিত এখন সুসজ্জিত বাহনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে অভিবাদন জনায়। এই সময়ছোৱাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ ‘অসম আমাৰ ৰূপহী’ শীৰ্ষক গীতটি ষ্টেডিয়ামখনত প্ৰতিধ্বনিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ লগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। তদুপৰি নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিবলৈ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰাৰ বাবেও ড° হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।
তদুপৰি চাহ জনগোষ্ঠীৰ মহান লোকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু চাহ বাগিচা অঞ্চলসমূহৰ সুৰক্ষাৰ সৈতে জড়িত দিশৰ কথা কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত উল্লেখ কৰে, “ঝুমইৰ নৃত্যৰ শিল্পীসকলৰ প্ৰস্তুতিয়ে চৌদিশে খলকনি তুলিছিল। এই আকৰ্ষণীয় প্ৰস্তুতিত চাহ বাগিচাৰ সুগন্ধি আৰু সৌন্দৰ্য নিহিত হৈ আছে।”

তেখেতে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি পুনৰ কয়, “আপোনালোকৰ ঝুমইৰ, চাহ বাগিচাৰ সৈতে থকা গভীৰ সম্পৰ্ক মোৰ ক্ষেত্ৰটো প্ৰযোজ্য। ২০২৩ বৰ্ষত ১১,০০০ৰো অধিক শিল্পীয়ে একেলগে বিহু নাচ প্ৰদৰ্শন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ মুহূৰ্তটো মোৰ বাবে এক অবিস্মৰণীয় মুহূৰ্ত। আজিও ঠিক সেই দৃশ্যৰ সাক্ষী হোৱাৰ ক্ষণটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰ’লোঁ।”
এই কথা সদৰী কৰি তেখেতে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। এই আয়োজনৰ সৈতে অসমৰ গৌৰৱ জড়িত হোৱাৰ লগতে ভাৰতৰ বৰ্ণিল সংস্কৃতি প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
“এটা সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক উপেক্ষা কৰা হৈছিল। কিন্তু এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেচাদৰ মোদী নিজেই হৈ পৰিছে,” তেখেতে এই কথা হাঁহিমুখে উল্লেখ কৰি কাজিৰঙা ভ্ৰমণ, অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদাম, মহান আহোম সেনাপতি লাচিত বৰফুকনৰ কথাও ভাষণত কয়।
তদুপৰি চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান, আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন, চাহ শ্ৰমিকসকলৰ অধিকাৰ আৰু মৰ্যাদা নিশ্চিতকৰণ, চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন আদিৰ কথাও তেখেতে কয়।
ইয়াৰ পাছত তেখেতে চাহ জনগোষ্ঠীয় সমাজৰ বাদ্যযন্ত্ৰ ধামচা বজাই সকলোকে উৎসাহিত কৰে।
ঝুমইৰ উপভোগ কৰি নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “ঝুমইৰ বিনন্দিনীৰ প্ৰতিটো মুহূৰ্ত যাদুৰ দৰে লাগিল! এয়া এক অন্তৰস্পৰ্শী অভিজ্ঞতা আছিল। আমি অসমৰ চাহৰ ২০০ বছৰ উদযাপন কৰাৰ সময়ত এই অনুষ্ঠানত ইতিহাস, সংস্কৃতি আৰু আৱেগৰ সুন্দৰ মিশ্ৰণ ঘটিছে। চাহ জনগোষ্ঠীৰ সংস্কৃতি, তেওঁলোকৰ উদ্যম আৰু এই ভূমিৰ সৈতে তেওঁলোকৰ গভীৰ সংযোগ সকলো আজি সজীৱ হৈ উঠিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো শিল্পীকে শলাগ লৈছোঁ। মই অসমৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰণাম জনাইছোঁ।”
“ভাৰতবৰ্ষৰ সকলো জনসাধাৰণক ঝুমইৰ আৰু চাহ জনজাতিসকলৰ ব্যতিক্ৰমী সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ আহ্বান জনাইছোঁ। আজিৰ অনুষ্ঠানটো এই দিশত এক মহত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে স্মৰণীয় হৈ থাকিব,” নৰেন্দ্ৰ মোদীয়ে এক্স’ত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ঝুমইৰ বিনন্দিনীৰ সফলতাৰ পাছত ফে’চবুকত প্ৰকাশ কৰে, “আমাৰ ৰাজ্যৰ সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্রত ব্যক্তিগতভাৱে তেখেতে আগবঢ়োৱা আগ্রহ আৰু দায়বদ্ধতাৰ বাবে অসমবাসী মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ।”
ঝুমইৰৰ অনুশীলনৰ সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰি ২৫,০০০ টকাকৈ দিব বুলি উল্লেখ কৰে।
‘ঝুমইৰ বিনন্দিনী’ৰ সফলতাৰ আঁৰত আছে বহু ব্যক্তি। ইয়াৰ ভিতৰত বিশিষ্ট শিল্পী চাজন নায়ক অন্যতম। গীতৰ মাধ্যমেৰে চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে চাজন নায়কে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীৰ সৈতে প্ৰাৰম্ভিক পৰ্যায়ৰপৰাই জড়িত হোৱা চাজন নায়কে অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়।
প্ৰাৰম্ভিক পৰ্যায়ত সমিতি গঠন, প্ৰদৰ্শনীমূলক গীত আৰু ভিডিঅ’ প্ৰস্তুত, মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ আদিকে ধৰি কেইবাটাও পৰ্যায়ত ঝুমইৰ বিনন্দিনীৰ বাবে প্ৰস্তুতি চলে। চাজন নায়কে অনুষ্ঠানটোত সংগীত ব্যৱস্থাপনাৰ লগতে ৩টা গীতত কণ্ঠ নিগৰোৱা, নৃত্য পৰিচালনাৰ সৈতেও জড়িত হৈ পৰিছিল। নৃত্যৰ কাৰিকৰী দিশত অসমৰ আন কেইবাগৰাকীও পৰিচালকে সহযোগ আগবঢ়াইছিল বুলি তেখেতে কয়।

“ঝুমইৰ নৃত্যত চাহ বাগিচা, শিৰীষ গছ, বেলি আদিৰ ধাৰণা উপস্থাপন কৰা হৈছিল। ‘ঝুমইৰ বিনন্দিনী’ৰ সফলতা এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আন গণ্য-মান্য ব্যক্তিসকলৰ সন্মুখত আমাৰ হেঁপাহ-আৱেগৰ ঝুমইৰ নৃত্যক প্ৰদৰ্শন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিনিয়ত এই কাৰ্যসূচীৰ বাবে আমাক দিহা-পৰামৰ্শ আগবঢ়াই আহিছিল। তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ,” চাজন নায়কে কয়।
তেখেতে পুনৰ কয়, “আমি চোতাল, কৰম পূজাত পৰিৱেশন কৰা ঝুমইৰ নৃত্যক বিশ্ববাসীয়ে দেখিবলৈ পোৱাটো জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে এক আশাৰ বতৰা। পূৰ্বে আমাৰ চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ লোকসকলে কিছু হীনমন্যতাত ভূগিছিল। সামাজিক দৃষ্টিকোণৰপৰা লক্ষ্য কৰিলে ইয়াৰ বিভিন্ন কাৰণ দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান সেই পৰিৱেশৰ সলনি হ’ল। বিশেষকৈ ঝুমইৰ বিনন্দিনীৰ সফলতাই মানুহখিনিৰ মাজত বিশ্বাস জন্মাইছে, তেওঁলোকক নিজৰ পৰিচয় দিবলৈ সাহস দিছে,” এই কথা উল্লেখ কৰি চাজন নায়কে কয়, “আমাৰ জনগোষ্ঠীটোৰ ভাষা, কলা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধনৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে এক উদাহৰণ দাঙি ধৰিব। আমি গৌৰৱেৰে আমাৰ ঐতিহ্য, পৰম্পৰাক জীয়াই ৰাখিম। আমাৰ সমাজখনৰ হৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা অসম চৰকাৰক ধন্যবাদ জনালোঁ। এতিয়াৰেপৰা আমাৰ দায়বদ্ধতা বাঢ়িল আৰু ময়ো এইক্ষেত্ৰত কৰণীয়খিনি আন্তৰিকতা, নিষ্ঠাসহকাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম।”
