দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়৷ ধৰ্ম প্ৰচাৰক তথা সমাজ সংগঠক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এই বিশ্ববিদ্যালয়খনতে এখন আসন প্ৰতিষ্ঠা কৰা হ’ব৷
শেহতীয়াকৈ এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷
দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ সংস্কৃত আৰু প্ৰাচ্যবিদ্যা অধ্যয়ন বিভাগত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰা হ’ব৷ এই উদ্দেশ্য সাধনৰ বাবে ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে ১০ কোটি টকাৰ এককালীন পুঁজি নিৰ্ধাৰণ কৰিছে৷
এই উপলক্ষে গুৱাহাটীৰ নেডফি হাউচত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শ-সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷
অসমৰ সমাজ ব্যৱস্থাত ভক্তি আন্দোলনৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষগৰাকীৰ নামত আসন প্ৰতিষ্ঠাই ভক্তি আন্দোলনৰ বিষয়ে চৰ্চা আৰু গৱেষণাক এক নতুন ৰূপ প্ৰদান কৰিব৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰি সমাজত আধ্যাত্মিক চিন্তা-চৰ্চাৰ ধল বোৱাইছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ “পৰিতাপৰ বিষয় যে একশৰণ নামধৰ্ম সম্পৰ্কীয় আলোচনা কেৱল ৰাজ্যখনৰ মাজতে সীমাবদ্ধ হৈ আছে,” মুখ্যমন্ত্ৰীয়ে কয়৷ ‘‘মহাপুৰুষগৰাকীৰ আসন প্ৰতিষ্ঠাই এই গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে গৱেষণা আৰু চৰ্চা কৰিবলৈ বিশেষ ভূমিকা পালন কৰিব,” মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
ইয়াৰ লগতে মহাপুৰুষগৰাকীক মুখ্যমন্ত্ৰীগৰাকীয়ে ‘অসমৰ জাতীয় জীৱনৰ পুৰোধা’ আখ্যা দি কয় যে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱৰ অৱদান আছিল অতুলনীয়৷ “ভাৰতৰ সভ্যতা-সংস্কৃতি তথা মূল্যবোধৰ গৰিমাক সামৰি লোৱা শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিত ৪৬বাৰ ‘ভাৰত’ শব্দৰ উল্লেখ পোৱা যায়৷ ইয়াৰপৰাই অনুমান কৰিব পাৰি যে তেখেতৰ কৰ্মৰাজিত সৰ্বভাৰতীয় দৃষ্টিভংগী আৰু অসমৰ লোক-সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটিছে৷ এইগৰাকী মহান ধৰ্মপ্ৰচাৰকক উপযুক্ত মৰ্যাদা আৰু সন্মান প্ৰদান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ,” মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপূদী পণ্ডিতে বিশ্ববিদ্যালয়খনত আসন প্ৰতিষ্ঠা কৰিবলৈ বিশেষ পদক্ষেপ লোৱাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়৷ তেখেতে কয়, “দেশৰ সভ্যতা-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৱদানৰ বিষয়ে আন প্ৰান্তৰ লোকসকলে জনাটো নিতান্তই প্ৰয়োজনীয়৷”
অসমৰ সত্ৰানুষ্ঠানসমূহৰ ৰক্ষণাবেক্ষণ আৰু ইয়াৰ বিভিন্ন দিশৰ উন্নতি সাধনৰ সৈতে জড়িত এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান হ’ল – অসম সত্ৰ মহাসভা৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক চিন্তা-চৰ্চা আৰু বৰ্ণাঢ্য কৰ্মৰাজিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ লক্ষ্যক ৰূপায়ণ কৰি থকা অসম সত্ৰ মহাসভায়ো অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে৷
অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম মহন্তই কয় যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে গুৰুজনাই প্ৰচাৰ কৰা সংস্কাৰকামী নৱ-বৈষ্ণৱ ধৰ্ম – ‘একশৰণ নামধৰ্ম’ৰ সাৰমৰ্ম আৰু মহান উদ্দেশ্যক ৰাইজৰ মাজলৈ লৈ যোৱাত সহায় কৰিব৷