মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যিসকলে জৰুৰীকালীন অৱস্থা ঘোষণাৰ প্ৰতিবাদ কৰিছিল আৰু সেই অসহনীয় বেদনা সহ্য কৰি গণতান্ত্ৰিক চেতনাক শক্তিশালী কৰিবলৈ বহু ত্যাগ কৰিবলগীয়া হৈছিল তেওঁলোক হৈছে বৰ্তমান প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷
সেই দিনটোৰ বিষয়ে সুঁৱৰি আৰু ইয়াৰ তাৎপৰ্যৰ সৈতে সংগতি ৰাখি যোৱা ২৫ জুনত গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত ৩০১গৰাকী লোকতন্ত্ৰ সেনানী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰে ৯১গৰাকীলৈ উক্ত অনুষ্ঠানতেই পেঞ্চনৰ নথিও প্ৰদান কৰা হয়৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে ১৯৭৫ চনৰ ২৫ জুনক ভাৰতীয় গণতন্ত্ৰৰ ‘ক’লা দিন’ হিচাপে গণ্য কৰা হয়৷ সেইদিনাই তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল৷ তেওঁ উল্লেখ কৰে যে সকলো গণতান্ত্ৰিক নীতি-নিয়ম অমান্য কৰি সেই জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল৷ “তদানীন্তন প্ৰধানমন্ত্ৰীৰ স্বৈৰাচাৰিতাই কলুষিত কৰা গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত মাত মতা লাখ লাখ ভাৰতীয়ৰ শেষ আশ্ৰয় হৈছিলগৈ কাৰাগাৰ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
অসমতো সহস্ৰাধিক লোকে তদানীন্তন প্ৰধানমন্ত্ৰীৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে মাত মাতিছিল৷ ড॰ শৰ্মাই লগতে উল্লেখ কৰে যে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে কঠোৰ সংগ্ৰাম কৰা লোকতন্ত্ৰ সেনানীক তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি প্ৰদান কৰোঁতে যথেষ্ট পলম হৈছিল৷ তেওঁ কয় যে স্বাধীনতাৰ অমৃত কালত অসমে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
১৯ এপ্ৰিলত অনুষ্ঠিত কেবিনেট বৈঠকত এই সেনানীসকলক মাহিলী ১৫,০০০ টকাৰ পেঞ্চন পৰিশোধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ লোকতন্ত্ৰ সেনানীৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী বা তেওঁৰ অবিবাহিত কন্যা এই মাহিলি পেঞ্চনৰ অধিকাৰী হ’ব৷