ইছলামী সন্ত্ৰাসবাদী সংগঠনসমূহৰ বৰ্ধিত ভাবুকি দূৰ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে জেহাদী উপাদানসমূহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ জেহাদী কাৰ্যকলাপসমূহৰ বেছিভাগেই বাংলাদেশৰ পৰা পৰিচালিত হৈ আছে৷ যোৱা কেইটামান সপ্তাহত গোৱালপাৰা, মৰিগাঁও, বৰপেটা আৰু বঙাইগাঁও জিলাত অসম আৰক্ষীয়ে বহুকেইটা অভিযান চলাই এইসংগঠনসমূহৰ দ্বাৰা হ’ব পৰা ক্ষতিৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ সক্ষম হৈছে৷ বিদেশী জেহাদী গোটৰ সৈতে সম্পৰ্ক থকা দুজন ব্যক্তিক যোৱা ২৯ আগষ্টত কৰায়ত্ত কৰাৰ ফলত এতিয়ালৈকে আটক কৰা ব্যক্তিৰ সংখ্যা ৩৭ লৈ বৃদ্ধি পাইছে৷
এই জিলাকেইখনত সক্ৰিয় হৈ থকা স্লিপাৰ চেলসমূহ উৎখাত কৰাৰ পাছত অসম আৰক্ষীয়ে বিতং তদন্তৰ বাবে কেইটামান গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ হস্তান্তৰ কৰিছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ গুৰুত্ব সন্দৰ্ভত ব্যক্তিগতভাৱে সংবাদ মাধ্যমক সম্বোধন কৰে৷
“কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা পোৱা তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে যোৱা মাৰ্চৰ পৰা নামনি অসমৰ বৰপেটা আৰু বঙাইগাঁও জিলাত অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানসমূহৰ পৰা আমি জানিবলৈ পাওঁ যে ২০১৭-২০১৮ সময়ছোৱাত ছয় বাংলাদেশী নাগৰিকে ৰাজ্যখনত ‘যুৱক যুৱতীসকলক জেহাদী কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰোৱাবলৈ’ প্ৰৱেশ কৰিছিল আৰু তাৰে মাজৰ এজন মহম্মদ সুমনক বৰপেটাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বাকী পাঁচজন পলাতক হৈ আছে,” ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাজ্যখনত বাংলাদেশৰ পৰা পৰিচালিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টীমৰ (এবিটি) ছটা মড্যুল উৎখাত কৰে৷ এই অভিযানকালত আল কায়দা ইণ্ডিয়ান ছাব-কণ্টিনেণ্ট (একিউআইএছ) আৰু এবিটিৰ দৰে সংগঠনসমূহৰ কাৰ্যকলাপ আৰু পৰিকল্পনা সম্পৰ্কীয় বহুতো গুৰুত্বপূৰ্ণ তথ্য-পাতি লাভ কৰিবলৈ সক্ষম হয়৷
মুখ্যমন্ত্ৰীয়ে কয় যে মহম্মদ সুমনে এখন মাদ্ৰাছাত আৰবী ভাষাৰ শিক্ষকৰ ছদ্মবেশত আছিল আৰু এজন ইমাম হিচাপেও নিজকে পৰিচয় দিছিল৷ মুফতি মুস্তাফা নামৰ আন এজন ব্যক্তিক ২৮ জুলাইত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁ এখন মাদ্ৰাছা পৰিচালনা কৰি আছিল য’ত শিশুসকলক ‘জেহাদী’ শিক্ষাৰে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল৷ মৈৰাবাৰীত থকা উল্লিখিত মাদ্ৰাছাখন ৪ আগষ্টত উচ্ছেদ কৰা হয় কাৰণ, প্ৰয়োজনীয় অনুমতি অবিহনে এই মাদ্ৰাছাখন স্থাপন কৰা হৈছিল৷
“মই সকলোকে সতৰ্ক হৈ থকাৰ লগতে এই জেহাদী প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰশাসনক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ৷ শান্তিপ্ৰিয় মুছলমান গোটসমূহে ইতিমধ্যে আমালৈ সহযোগিতা আগবঢ়াইছে৷ সাম্প্ৰতিক পৰিস্থিতিত এই অপশক্তিসমূহক পৰাস্ত কৰিবলৈ উচ্চস্তৰীয় সতৰ্কতাৰ প্ৰয়োজন,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
আনহাতে, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে অসম বাৰ্তাক জনায় যে গোৱালপাৰা জিলাৰ আৰক্ষীয়ে একিউআইএছ আৰু এবিটিৰ সৈতে থকা সম্পৰ্কৰ বাবে দুগৰাকী ইমামক গ্ৰেপ্তাৰ কৰিছে৷
“আমি গ্ৰেপ্তাৰ কৰা দুয়োজন ইমামে জেহাদী গোটসমূহক সহায় কৰাৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰিছোঁ৷ তেওঁলোকে গোৱালপাৰাত নতুন জেহাদী স্লিপাৰ চেল গঠন কৰিবলৈ চেষ্টা কৰাৰ লগতে একিউআইএছ আৰু এবিটিৰ পৰা এই কামৰ বাবে প্ৰয়োজনীয় সহযোগিতা লাভ কৰিছিল,” ৰেড্ডীয়ে কয়৷
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে এবিটিৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁলোকে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছিল৷ তেওঁলোকে যোগাযোগৰ বাবে ফ’নৰ ব্যৱহাৰ কমকৈ কৰিছিল আৰু ছদ্মনাম ব্যৱহাৰ কৰি সদস্যসকলে বিভিন্ন মড্যুল পৃথক পৃথককৈ পৰিচালনা কৰিছিল৷”
“দুয়োগৰাকী ইমামৰে বৰপেটা আৰু মৰিগাঁও জিলাত উৎখাত কৰা জেহাদী গোটসমূহৰ সৈতে সম্পৰ্ক আছিল৷ জেৰাৰ সময়ত আমি জানিবলৈ পাওঁ যে দুয়োগৰাকী ব্যক্তিৰ হাতত আল কায়দাৰে জড়িত কিতাপ আৰু পুস্তিকাও আছিল,” তেওঁ লগতে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয় যে এনেধৰণৰ ভাবুকি আগতীয়াকৈ প্ৰতিহত কৰিবলৈ ৰাজ্যখনলৈ অহা নতুন ইমামসকলৰ বাবে এখন নতুন মানক পৰিচালনা বিধি (এছঅ’পি) নিৰ্ধাৰণ কৰা হৈছে৷ তেওঁ কয় যে এই এছঅ’পিৰ অধীনত যিকোনো ইমাম বা প্ৰচাৰক মছজিদ বা মাদ্ৰাছালৈ প্ৰচাৰ বা শিক্ষাদানৰ বাবে আহিলে আৰক্ষীক অৱগত কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে৷
