সময় পুৱা ৬ বাজি ৩০ মিনিট৷ দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ পেৰেডস্থলীত খাকী পোছাক পৰিহিত কেইগৰাকীমান যুৱতীক পেৰেডৰ অনুশীলনৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ লক্ষ্য ১৫ আগষ্ট ২০২৩৷ কাৰণ গুৱাহাটীত অনুষ্ঠিতব্য স্বাধীনতা দিৱস উদযাপনৰ বৰ্ণাঢ্য কাৰ্যসূচীত তেওঁলোকেও পেৰেডত অংশগ্ৰহণ কৰিব৷ অনুশীলনৰ সময়তে দিয়া বৰষুণজাকলৈ ভ্ৰূক্ষেপ নকৰি সকলোৱে মাথোঁ সুচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰি গৈছে৷
পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত তথা একাদশ অসম আৰক্ষী বাহিনীৰ সহযোগত আয়োজিত বনকৰ্মী-১ৰ ৭৯গৰাকী মহিলাৰ তিনিমহীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী যোৱা জুন মাহৰপৰাই অনুষ্ঠিত হৈছে৷ পুৱা ৫ বজাৰপৰা নিশা প্ৰায় ৮ বজালৈ শাৰীৰিক কচৰৎ, পেৰেড অনুশীলন, অস্ত্ৰ চালনা, বিষয়ভিত্তিক পাঠ্যক্ৰম আদিৰ ভিত্তিত এই প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত আছে৷
অসম চৰকাৰৰ শেহতীয়া বৃহৎ নিয়োগ প্ৰক্ৰিয়াৰ অংশ হিচাপে বনকৰ্মী-১ৰ পদত নিযুক্তি লাভ কৰা যোৰহাটৰ মণিষা দাসে (২২)ও এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈছে৷
“আৰম্ভণিতে মই অসম আৰক্ষীত যোগদান কৰিবলৈ আৱেদন কৰিছিলোঁ যদিও নিৰ্ধাৰিত চৰ্তাৱলী অনুসৰি কম উচ্চতাৰ বাবে ৪বাৰ প্ৰত্যাখ্যান কৰিছে৷ তথাপি মনোবল হেৰুওৱা নাছিলোঁ৷ আগৰেপৰাই খেলৰ লগত জড়িত থকা হেতুকে দৌৰ চৰ্চা মোৰ অভ্যাস হৈ পৰিছিল৷ শেষত বনকৰ্মী- ১ৰ নিযুক্তিৰ তালিকাখনত মোৰ নামটো আহিল৷ ৪বাৰ বিফল হোৱাৰ পাছত মোৰ কষ্টখিনিয়ে সফলতাৰ ৰূপ পালে,” মণিষাই কয়৷
মণিষাৰ দৰে যোৰহাটৰ দীপশিখা দাস (২৪)ৰো আছে অন্য এক কাহিনী৷ বাহনা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে ২০১৯ বৰ্ষত দীপশিখা বিবাহপাশত আবদ্ধ হয়৷ ২০২১ বৰ্ষত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা দীপশিখাৰ স্বামীয়েও বৰ্তমান চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে৷
“মই আৰু মোৰ স্বামী একেলগে পৰীক্ষাটোত অৱতীৰ্ণ হৈছিলোঁ৷ ঘৰুৱা ব্যস্ততাৰ মাজত দুয়ো সমানেই প্ৰস্তুতি চলাইছিলোঁ যদিও তেখেত এইবাৰ উত্তীৰ্ণ নহ’ল৷ বৰ্তমান তেওঁ আন কামৰ লগতে পৰীক্ষাৰ বাবেও প্ৰস্তুতি অব্যাহত ৰাখিছে৷ মোৰ দৃঢ় বিশ্বাস যে তেওঁ এদিন হ’লেও সফল হ’ব৷ এইক্ষেত্ৰত আমাৰ পৰিয়ালৰ পূৰ্ণ সমৰ্থন আছে,” দীপশিখাই কয়৷
এওঁলোকৰ দৰে বৰাক উপত্যকাৰ কৰিমগঞ্জৰ পূৰ্ণিমা নমঃশূদ্ৰ (২১)ৰো বহুদিনীয়া সপোন এটিয়ে বাস্তৱ ৰূপ পাইছে৷ ২০২২ চনত বাংলা বিভাগত স্নাতক পাঠ্যক্ৰম সমাপন কৰা পূৰ্ণিমাই প্ৰথম প্ৰচেষ্টাতে নিযুক্তি লাভ কৰিছে৷
“সৰুৰেপৰাই দাদাৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছোঁ৷ আৰ্থিক সমস্যাই আমাৰ পৰিয়ালত বহু বাধাৰ সৃষ্টি কৰিছে যদিও হাৰ মনা নাছিলোঁ৷ স্নাতক পঢ়ি থকাৰ সময়ত নিজৰ পঢ়াৰ খৰচ বহন কৰিবলৈ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ঘৰুৱা শিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিলোঁ৷ এনেদৰেই মই নিজৰ উপাৰ্জনৰ ধনেৰে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিলোঁ আৰু প্ৰথম প্ৰচেষ্টাতেই চৰকাৰী চাকৰিত উত্তীৰ্ণ হ’লোঁ৷ এতিয়া মই দৰমহাৰ ধনেৰে দাদাক সহায় কৰাৰ পণ লৈছোঁ,” পূৰ্ণিমাই কয়৷
অহা ১৫ আগষ্টত ৩০ৰো অধিক এইসকল বনকৰ্মী-১ৰ প্ৰশিক্ষাৰ্থীয়ে গুৱাহাটীত পেৰেডত অংশ ল’ব৷ প্ৰথমবাৰৰ বাবে বনকৰ্মী-১ৰ মহিলা প্ৰশিক্ষাৰ্থীয়ে এই পেৰেড কাৰ্যসূচীত ভাগ লোৱাৰ বতৰাই সকলোকে আনন্দিত কৰি তুলিছে৷ সেয়েহে দিন-ৰাতি একাকাৰ কৰি হ’লেও সেই বিশেষ দিনটোত সংঘবদ্ধ প্ৰচেষ্টাৰে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সকলো বদ্ধপৰিকৰ৷
এওঁলোকৰ দৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়তো নৱনিযুক্ত ৩১৯গৰাকী মহিলা বনৰক্ষীৰ দুমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে৷ পুৱা ৫ বজাৰপৰাই প্ৰশিক্ষণ আৰম্ভ হোৱা মহিলা বনৰক্ষী গোটৰ সদস্যসকলৰো আছে জীৱন যুঁজৰ অনন্য কাহিনী৷ ইয়াৰ ভিতৰত অন্যতম শিৱসাগৰৰ মালৱিকা দাস (১৯)৷
“মোৰ দেউতাই শাক-পাচলিৰ ব্যৱসায় কৰে৷ শাক-পাচলি বিক্ৰী কৰিবলৈ মাৰ লগতে ময়ো দেউতাক সহায় কৰোঁ৷ মহাবিদ্যালয়ৰপৰা আহি চহৰত বিক্ৰী নোহোৱা পাচলিকেইবিধ ঘৰৰ পদূলিত মই বিক্ৰী কৰিছিলোঁ৷ যিহেতু মই এগৰাকী খেলুৱৈ, গতিকে সময়-সুবিধা মিলাই আন সময়ত খেলৰ বাবেও অনুশীলন কৰোঁ৷ ফটোগ্ৰাফীত বিশেষ ৰুচি আছে যদিও ভাল কেমেৰা বা ম’বাইল এটাৰ কাৰণে সপোনটো আধৰুৱা হৈ থাকিল৷ আমাৰ পৰিয়ালৰ বাবে এই চৰকাৰী চাকৰিটো সকাহৰ বাট,” মালৱিকাই কয়৷
ঠিক একেদৰে, বনৰক্ষীৰ প্ৰশিক্ষণত অংশ লোৱা কাৰ্বি আংলঙৰ ৰিশ্মা বসুমতাৰী (২১) এগৰাকী জিলা পৰ্যায়ৰ ফুটবল খেলুৱৈ৷ প্ৰশিক্ষণ মহাবিদ্যালয়ত এটা বৃহৎ পৰিয়ালৰ অংশীদাৰ হ’বলৈ লাভ কৰা এই বৰ্ণিল সুযোগে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে বুলি ৰিশ্মাই উল্লেখ কৰে৷
বহু কষ্টৰ মাজেৰে দিন পাৰ কৰি নিজৰ সপোন দিঠক কৰা চৰাইদেউৰ কৰিশ্মা গগৈ (১৯)য়ে জীৱন সংগ্ৰামৰ বিষয়ে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক কয়, “মা এখন প্ৰাথমিক বিদ্যালয়ত ৰান্ধনী হিচাপে কৰ্মৰত আৰু দেউতাই দিন হাজিৰা কৰে৷ বহু আগৰেপৰা এগৰাকী খেলুৱৈ হোৱাৰ আশা মনত পুহি ৰাখিছিলোঁ৷ এযোৰ জোতাৰ বাবে মনটোৱে হাহাকাৰ কৰিছিল৷ ধনৰ অভাৱত সেই আশা পূৰণ নহ’ল৷ দেউতাই বাৰে বাৰে আশ্বাস দিছিল যদিও মই বুজিছিলোঁ যে সেয়া কেতিয়াও সম্ভৱ নহয়৷ মোৰ সপোন পূৰণ কৰিব নোৱাৰাৰ দুখ মা, দেউতাই নীৰৱে কঢ়িয়াই ফুৰিছিল৷ সেয়েহে বেলেগৰ ঘৰত হাজিৰা কৰি হ’লেও মই উপাৰ্জন কৰিছিলোঁ৷”
“সমাজত আমাৰ স্থান অতি নিম্নমানৰ আছিল৷ গাঁৱৰ মানুহখিনিয়ে আমাক যথেষ্ট অৱজ্ঞা কৰিছিল৷ আৰ্থিক দুৰাৱস্থাৰ বাবে আমাৰ ভাল কাপোৰ এযোৰ কিনিবলৈও সামৰ্থ্য নাছিল৷ বেলেগৰ কাপোৰ পিন্ধিয়েই ডাঙৰ হৈছিলোঁ৷ লেতেৰা কাপোৰ পিন্ধা বুলি বহুতে ঠাট্টাও কৰিছিল৷ এগৰাকী নৃত্যশিল্পী হোৱাৰ হেঁপাহ আছিল যদিও সম্পূৰ্ণ নহ’ল৷ পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ পাছত মা-দেউতাৰ মুখত বিৰিঙি উঠা হাঁহিটোৱেই মোৰ জীৱনৰ সৰ্বস্ব উপহাৰ৷”
বনৰক্ষী প্ৰশিক্ষাৰ্থী যোৰহাটৰ পাপৰি শইকীয়া (২১)ই এনেদৰে কয়৷
এইসকল অক্লান্ত যুঁজাৰুৰ সংগ্ৰামৰপৰা সফলতাৰ অনিৰুদ্ধ যাত্ৰাই জীৱন যুঁজৰ এক অনন্য প্ৰতিচ্ছবি দাঙি ধৰিছে৷ বিফলতাৰ কাহিনীৰে সফলতাৰ জয়গান গোৱা এওঁলোক আন বহুজনৰ বাবে আদৰ্শ হৈ ৰ’ব৷