এই আগষ্টত অসমলৈ আহিছিল এটা বিশেষ দল৷ তেওঁলোকে সকলো ভালদৰে নিৰীক্ষণ কৰি এটা গুৰুত্বপূৰ্ণ আৰু অসমবাসীয়ে গৌৰৱ কৰিব পৰা সিদ্ধান্ত গ্ৰহণ কৰিলে৷ অসমত আয়োজিত হ’ব ২০২৩ চনত ভাৰতৰ সভাপতিত্বকালত আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ অগ্ৰণী মঞ্চ জি-২০ৰ পাঁচখনকৈ বৈঠক৷ জি-২০য়ে মূলতঃ সকলো আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক স্থিতিশীলতা উন্নয়নৰ লগতে প্ৰশাসন গঢ় দিয়া আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
আগষ্টত অসমলৈ অহা এই দলটোৰ নেতৃত্বত আছিল ভাৰতৰ প্ৰাক্তন বৈদেশিক গৃহ সচিব আৰু বৰ্তমানৰ জি-২০ সচিবালয়ৰ মুখ্য সমন্বয়ক হৰ্ষবৰ্ধন শ্ৰিংগালা৷ জি-২০ সচিবালয় ভাৰতৰ সভাপতিত্বৰ কালছোৱাত সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকসমূহৰ আয়োজন আৰু সমন্বয়ৰ দায়িত্বত থাকিব৷
শ্ৰিংগালা আৰু জি-২০ সচিবালয়ৰ এটা দলে যোৱা ৩ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে৷ ড॰ শৰ্মাই দলটোক এই সভাসমূহ নিয়াৰিকৈ আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগ আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ এই বৈঠকসমূহৰ ভিতৰত এখন বৈঠক হ’ব ফাইনেন্স ট্ৰেক সম্পৰ্কীয়৷ ফাইনেন্স ট্ৰেক হৈছে বহনক্ষম অৰ্থনীতিৰ বাবে জি-২০ বিধানৰ অধীনত তিনি কৰ্মসূচীৰ (ৱৰ্কষ্ট্ৰীম) অন্যতম৷ অন্যান্য ৱৰ্কষ্ট্ৰীমসমূহ হ’ল শ্বেৰ্পা ট্ৰেক আৰু এনগেজমেণ্ট গ্ৰুপ৷ প্ৰতিখন জি-২০ সদস্যৰাষ্ট্ৰৰ বেচৰকাৰী অংশগ্ৰহণকাৰীসকলক লৈ এনগেজমেণ্ট গ্ৰুপে জি-২০ নেতাসকলক পৰামৰ্শ প্ৰদান কৰে আৰু নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত অৰিহণা যোগায়৷
গুৱাহাটীত প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব ২০২৩ চনৰ ২ আৰু ৩ ফেব্ৰুৱাৰীত৷
অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু ৰাজ্যিক জি-২০ সচিবালয়ৰ মুখ্য সমন্বয়ক চৈয়দিন আব্বাচীয়ে কয় যে এই বৈঠকসমূহৰ জৰিয়তে অসমে জি-২০ ৰাষ্ট্ৰসমূহক ৰাজ্যখনৰ সম্ভাৱনাময় পৰিৱেশৰ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব৷ “অসম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হোৱাৰ হেতু অৰ্থনৈতিকভাৱে উন্নত দেশসমূহৰ পৰা বিনিয়োগ আৰু প্ৰযুক্তিক আকৰ্ষণ কৰাৰ এক অপৰিসীম সুযোগ লাভ কৰিব৷ আমি নিশ্চিত যে এই ফলাফল ইতিবাচক আৰু প্ৰভাৱশালী হ’ব,” তেওঁ কয়৷
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলক সমন্বিত কৰি ৰাজ্যিক জি-২০ সচিবালয় গঠন কৰা হৈছে৷ এই সচিবালয়ে জি-২০ অনুষ্ঠানসমূহৰ সামগ্ৰিক পৰিচালনাৰ উদ্দেশ্যে কেন্দ্ৰীয় জি-২০ সচিবালয়ৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে৷
গুৱাহাটীত হ’বলগীয়া চাৰিখন বৈঠকৰ লগতে এখন বৈঠক ডিব্ৰুগড়ত আয়োজন কৰা হ’ব৷ “শ্ৰিংগালাৰ নেতৃত্বত দলটোৱে ডিব্ৰুগড় ভ্ৰমণ কৰিছিল আৰু আমাৰ আন্তঃগাঁথনিক লৈ তেওঁলোকে সন্তষ্টি প্ৰকাশ কৰে আৰু বৈঠক আয়োজনৰ সিদ্ধান্ত লয়,” অসম পৰিবহণ বিভাগৰ সচিব, ৰাজ্যিক জি-২০ সচিবালয়ৰ সদস্য সচিব তথা ন’ডেল বিষয়া আদিল খানে অসম বাৰ্তাক জনায়৷ ২০২৩ চনৰ মাৰ্চত অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহৰ বাবেও প্ৰতিনিধিসকলৰ অভ্যৰ্থনা আৰু প্ৰবাসৰ ব্যৱস্থাও ডিব্ৰুগড়তেই কৰা হ’ব৷
“ৰাজ্যখনত আয়োজন কৰিবলগীয়া এই পাঁচখন বৈঠক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ বিশেষ দৃষ্টিভংগীৰ অন্তৰ্ভুক্ত৷ আমি লাভ কৰা সূচী অনুসৰি অঞ্চলটোৰ প্ৰতিখন ৰাজ্যতে এনে বৈঠক আয়োজন কৰিব,” আদিল খানে কয়৷
“আমি বিশ্বৰ সন্মুখত প্ৰকাশ কৰিব পাৰিম যে এক অত্যন্ত সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ লগতে সময়ৰ সৈতে আগবাঢ়ি যাবলৈ আমাৰ ওচৰত বিশ্বমানৰ সুবিধা আছে৷” তেওঁ লগতে কয় যে এয়া হৈছে এতিয়ালৈকে ৰাজ্যখনে আয়োজন কৰা আটাইতকৈ বৃহৎ আৰু সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান৷ তেওঁ উল্লেখ কৰে যে জি-২০ ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ উপৰি ৰাজ্যখনে ইউনিচেফৰ লগতে বিশ্ব বাণিজ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ শীৰ্ষ বিষয়াসকলকো আতিথ্য প্ৰদান কৰিব৷
ৰাজ্য চৰকাৰে বিদেশৰ পৰা অহা অতিথিসকলক অসমৰ পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰোৱাৰ বাবে এক বিতং পৰিকল্পনা প্ৰস্তুত কৰিছে৷ জি-২০ ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ ভ্ৰমণকালত তেওঁলোকক কামাখ্যা আৰু উমানন্দৰ দৰে ঐতিহাসিক স্থান ভ্ৰমণ কৰোৱাৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ এই অনুষ্ঠানসমূহৰ সময়ত পৰ্যটন আৰু অসম বিষয়ক কফী টেবুল কিতাপৰো (চিত্ৰপুথি) উন্মোচন কৰা হ’ব৷ মুখ্য সচিবে সকলো অগ্ৰগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰি আদিল খানে কয়, “এই গুৰুত্বপূৰ্ণ বৈঠকসমূহ আয়োজন কৰাৰ সুবাদতে ৰাজ্যখনক আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভালদৰে উপস্থাপন কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ বিচাৰিছোঁ৷”
মুম্বাই আৰু বেংগালুৰুত অনুষ্ঠিত জি-২০ বৈঠকলৈ ৰাজ্যখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এক এক্সপ’জাৰ ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ তদুপৰি বিদেশৰ প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ তথা বাৰ্তালাপৰ নীতি-নিয়মৰ বাবে অসমৰ নিৰ্বাচিত বিষয়াসকলক প্ৰশিক্ষণ দিবলৈ এগৰাকী প্ৰাক্তন কূটনীতিবিদক অনুৰোধ জনোৱা হ’ব৷ প্ৰট’কল সম্পৰ্কীয় কৰ্তব্যৰ বাবে নিয়োজিত বিষয়াসকলক তেওঁলোকৰ দায়িত্বত থকা প্ৰতিনিধি ৰাষ্ট্ৰসমূহৰ জাতি, সাংস্কৃতিক লোকাচাৰ, অভ্যাস, আচৰণ আদিৰ বিষয়ে অৱগত কৰোৱা হ’ব৷