মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনত সংস্কাৰ সাধন কৰাৰ বাবে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ ঘোষণা কৰিছে৷ প্ৰতিখন জিলাকে বিকশিত অসমৰ আধাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি ড॰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্ত সন্মিলনত ভাষণ প্ৰদান কৰি নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে এক বৃহৎ সংস্কাৰ আৰু মানসিকতাৰ পৰিৱৰ্তন সাধনৰ বাবে আহ্বান জনায়৷
তেওঁ কয় যে জিলা আয়ুক্তসকলে (উপায়ুক্তসকলৰ নতুন পদবী) জিলাখনৰ মুখ্য সচিব হিচাপে কাম কৰিব লাগিব আৰু উন্নয়নৰ মূল মাপকাঠীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব৷ ভাষণ প্ৰসংগত তেখেতে কয়, “জিলাসমূহৰ সৈতে জড়িত সকলো কাম এতিয়াৰেপৰা কৰ্তৃত্বশীল মন্ত্ৰ্যালয়সমূহৰদ্বাৰা পোনপটীয়াকৈ জনোৱা হ’ব আনহাতে অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিব৷”
সন্মিলনত অংশগ্ৰহণ কৰা এগৰাকী বিষয়াই এই ধাৰণাৰ আদৰণি জনাই কয় যে জিলা আয়ুক্তসকলক অধিক ক্ষমতা প্ৰদানেৰে আৰু নিম্ন কাৰ্যালয়সমূহলৈ নিয়মীয়া কাৰ্যকলাপৰ অধিক বিকেন্দ্ৰীকৰণে ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাটোক শক্তিশালী কৰি তুলিব৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে সকলো জিলা আয়ুক্তক এতিয়া ক্ৰমে ৰাজহ, আন্তঃগাঁথনি আৰু সমাজ কল্যাণৰ তিনিগৰাকী অতিৰিক্ত আয়ুক্তই সহযোগ কৰিব৷ আনহাতে জিলা এখনৰ প্ৰতিটো সমষ্টিকে একক ৰাজহ চক্ৰৰ সৈতে সংযুক্ত কৰা হ’ব৷
ৰাজ্যৰ এগৰাকী জিলা আয়ুক্তই অসম বাৰ্তাক কয়, “একোটা সমষ্টিত অতিৰিক্ত জিলা আয়ুক্তসকলে নিয়মীয়া কাম-কাজসমূহ নিৰীক্ষণ কৰাৰ বাবে জিলা আয়ুক্তসকলে জিলাখনৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহত অধিক গুৰুত্ব প্ৰদান কৰিব পাৰিব আৰু জিলাখনৰ উন্নয়নৰ বাবে পৰিকল্পনা কৰিবলৈ অপৰ্যাপ্ত সময় লাভ কৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে এতিয়াৰেপৰা জিলা পৰ্যায়ত মুঠ ঘৰুৱা উৎপাদন আৰু ধ্বজাবাহী আঁচনিসমূহৰ অগ্ৰগতি নিৰীক্ষণ কৰিব৷
“জিলাসমূহক এক স্বতন্ত্ৰ অৰ্থনৈতিক গোট হিচাপে বিবেচনা কৰা আৰু এই উদ্দেশ্যে প্ৰশাসনিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই বিকাশ ত্বৰান্বিত কৰিব আৰু জিলা এখনৰ প্ৰশাসন ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰি তুলিব,” এগৰাকী অংশগ্ৰহণকাৰী বিষয়াই কয়৷
সকলো জিলাতে সম-উন্নয়নক অগ্ৰাধিকাৰ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এবাৰ মূল্যাংকন কৰাৰ পাছত মই বিচাৰিম যে নিম্ন প্ৰদৰ্শন কৰা জিলাসমূহৰ আয়ুক্তসকলে উচ্চ প্ৰদৰ্শন কৰা জিলাসমূহ ভ্ৰমণ কৰক আৰু তেওঁলোকৰ অসফলতাৰ কাৰণসমূহ বিচাৰ কৰি তাৰ সংশোধন কৰক৷” তেওঁ উল্লেখ কৰে যে অতিৰিক্ত মুখ্য সচিবসকলে আকাংক্ষিত উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰথম ছটা মাহ জিলা আয়ুক্তসকলৰ সৈতে কাম কৰিব৷
সন্মিলনখনত বিধানসভা সমষ্টি অনুসৰি প্ৰশাসনিক বিতৰণ প্ৰণালী বিকশিত কৰাৰ ধাৰণাটো উত্থাপন কৰা হয়৷ বহুতো বিভাগৰে সংলগ্ন ক্ষেত্ৰ গোট নাথাকে যাৰ ফলত বিকাশৰ সমন্বয়ত তথা জনসাধাৰণলৈ সেৱা আগবঢ়োৱাত অভাৱ পৰিলক্ষিত হয়৷ আলোচনাত উপস্থিত থকা বহুকেইগৰাকী জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াই অনুভৱ কৰে যে এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছত বিভিন্ন কাৰ্যালয়ৰ অধিকাৰ ক্ষেত্ৰৰ বিষয়ে থকা অধিক স্পষ্টতাই নাগৰিকসকলৰ লগতে প্ৰশাসন ব্যৱস্থাটোকো যথেষ্ট সকাহ প্ৰদান কৰিব৷
এগৰাকী জিলা আয়ুক্তই এই প্ৰতিৱেদকক কয়, “বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিনিধিদলৰ ধাৰণাটোৰ অন্যতম সুবিধা হ’ল যে ই কেৱল জিলাসমূহৰ মাজতেই নহয়, সমষ্টিসমূহৰ মাজতো এক প্ৰতিযোগিতাৰ মনোভাব গঢ়ি তুলিব৷ এই ব্যৱস্থাই ৰাজনৈতিক আৰু প্ৰশাসনিক গোটসমূহৰ মাজত সমন্বয় উন্নত কৰিব আৰু ফলত নিজৰ সমষ্টিটোৰ বিকাশৰ বাবে জনপ্ৰতিনিধিসকলৰ সক্ৰিয়তা বৃদ্ধি পাব৷” তেওঁ লগতে কয় যে পূৰ্বতে একেটা সমষ্টিত ৰাজহ চক্ৰ, উন্নয়ন খণ্ড, স্বাস্থ্য খণ্ড, কৃষি চক্ৰ আদিৰ দৰে একাধিক বিভাগ আছিল, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে যিকোনো প্ৰগতি নিৰীক্ষণ আৰু প্ৰতিৱেদন আদি প্ৰস্তুত কৰাত অসুবিধাৰ সৃষ্টি হৈছিল৷
অৱশ্যে, কেইগৰাকীমান জিলা আয়ুক্তই প্ৰকাশ কৰে যে কোনো কৰ্তৃত্ব নেহেৰুওৱাকৈ বিভাগসমূহ নিৰীক্ষণ আৰু পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰিলে জিলা আয়ুক্তৰ ধাৰণাটো যথেষ্ট শক্তিশালী হ’ব৷ “উল্লেখিত সংস্কাৰৰ জৰিয়তে অধিক ক্ষমতা প্ৰদান কৰিলে উন্নয়নৰ দিশত অনুঘটক হিচাপে কাম কৰিব,” এগৰাকী জিলা আয়ুক্তই কয়৷
“যদি জিলা প্ৰশাসনক শক্তিশালী কৰিবলৈ আৰু সমষ্টিসমূহৰ মাজত প্ৰতিযোগিতামূলক মনোভাব বৃদ্ধি কৰাৰ বাবে এক শক্তিশালী ৰাজনৈতিক সদিচ্ছা থাকে তেন্তে ইয়াক আমি সংস্কাৰমূলক পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত এক বৈকল্পিক ধাৰণা বুলিও ক’ব পাৰিম,” এগৰাকী বিষয়াই কয়৷
মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ মহকুমাসমূহৰ দায়িত্বত থকা সকলো উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ সৈতে হোৱা দুদিনীয়া পৰ্যালোচনা বৈঠকতো সভাপতিত্ব কৰে৷
এই তিনিদিনীয়া সন্মিলনখনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰো পৰ্যালোচনা কৰা হয়৷ “প্ৰায় প্ৰতিখন জিলাই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ লক্ষ্য অতিক্ৰম কৰিছে বা স্পৰ্শ কৰাৰ একেবাৰে কাষত আছে৷ এয়া সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক৷ উল্লেখনীয় যে এখনৰ পাছত আনখন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত, এটাৰ পাছত আনটো খণ্ডত আমাৰ ৰাজ্যখন দেশৰ শীৰ্ষ ১০খন ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছে৷ আনকি বহুকেইটা খণ্ডত অসম দেশৰ শীৰ্ষ ৩ ৰাজ্যৰ ভিতৰত আছে,” এগৰাকী বিষয়াই কয়৷