শিক্ষাৰ মান উন্নয়নেৰে জ্ঞান অন্বেষণৰ জগতখনক সমৃদ্ধ কৰিবলৈ অসম চৰকাৰে আয়োজন কৰি আহিছে ‘গুণোৎসৱ’। চলিত বৰ্ষতো তিনিটা পৰ্যায়ত গুণোৎসৱ আয়োজন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে ৬-৯ জানুৱাৰীলৈ প্ৰথম পৰ্যায় আৰু ১৭-২২ জানুৱাৰীলৈ দ্বিতীয় পৰ্যায় আয়োজন কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত চলিত বৰ্ষৰ গুণোৎসৱৰ তৃতীয় পৰ্যায় আয়োজন কৰা হ’ব।
চৰকাৰী/প্ৰাদেশীকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়, চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক ‘গুণোৎসৱ’ৰ অধীনত সামৰি লোৱা হৈছে।
গুণোৎসৱৰ বিদ্যায়তনিক মূল্যায়ন প্ৰথম-নৱম শ্ৰেণীলৈ কৰা হয়। স্ব-মূল্যায়ন আৰু বহিঃমূল্যায়নৰ দ্বাৰা সমগ্ৰ কাৰ্যসূচী আয়োজিত হয়। এই কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহৰ মূলতঃ চাৰিটা গুৰুত্বপূৰ্ণ দিশ ক্রমে বিদ্যায়তনিক (ছাত্র-ছাত্ৰীৰ শিকন ফলাফল), সহ-বিদ্যায়তনিক ক্রিয়াকলাপ, আন্তঃগাঁথনি আৰু সমাজৰ অংশগ্ৰহণৰ মূল্যায়ন কৰা হয়।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰে। প্ৰথম পৰ্যায়ত অংশ লোৱা মুঠ বিদ্যালয়- ১৫,০৭২ (৯৯.৯৮%)খন আৰু মুঠ শিক্ষাৰ্থীৰ সংখ্যা ১৩,৩১,৯৯৭ (৯৮.০৮%)গৰাকী বুলি তেখেতে উল্লেখ কৰে। আনহাতে দ্বিতীয় পৰ্যায়ত মুঠ বিদ্যালয় ১৫,৬৫০ (৯৯.৯২%)খন আৰু মুঠ শিক্ষাৰ্থী ১৩,৮৪,০৬৬ (৯৭.৮২%)গৰাকীয়ে অংশ লয় বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ফে’চবুকত প্ৰকাশ কৰে।
মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্যৰ লগতে চৰকাৰী উচ্চপদস্থ বিষয়াসকলে গুণোৎসৱত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে।
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ “গুণোৎসৱ”-এ ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক মূল্যায়ন আৰু মান উন্নীত কৰাত যথেষ্ট অৰিহণা যোগাইছে। এই পদক্ষেপৰ জৰিয়তে বিদ্যালয়সমূহে বিদ্যায়তনিক উৎকৰ্ষ সাধন আৰু শৈক্ষিক মান প্ৰদৰ্শন কৰাৰ লগতে সুস্থ-সবল শৈক্ষিক বাতাৱৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।”