এটুপি বিশুদ্ধ পানীৰ যোগান ধৰাটো এখন দেশৰ সুস্থ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ হোৱা সত্ত্বেও পূৰ্বতে এই বিষয়টোক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হোৱা নাছিল৷ কিন্তু, ২০১৯ চনত দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱস উদযাপনত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অনাগত সময়ত ভাৰতত জল জীৱন মিছন (JJM)ক পূৰ্ণোদ্যমে আগুৱাই নিয়া হ’ব৷
জল জীৱন মিছনৰ সফল ৰূপায়ণেৰে ২০২৪ চনৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালক ঘৰে ঘৰে নল সংযোগৰ জৰিয়তে বিশুদ্ধ আৰু পৰ্যাপ্ত খোৱাপানী যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে৷ ‘হৰ ঘৰ জল’ৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিয়ে জনসাধাৰণৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷
কোনো এগৰাকী ব্যক্তি যাতে এই সুবিধা লাভ কৰাৰপৰা বঞ্চিত নহয়- ৰাজ্য চৰকাৰসমূহৰ সৈতে যৌথ প্ৰচেষ্টাৰে ৰূপায়ণ কৰা এই আঁচনিয়ে তাক সুনিশ্চিত কৰিছে৷ লগতে, আৰ্থিকভাৱে পিছপৰা সমাজৰ একেবাৰে অন্তিমগৰাকী ব্যক্তিৰ উপৰি পূৰ্বতে পানীৰ যোগান নোপোৱা সকলোকে JJM-ৰ অধীনত পানীৰ টেপ প্ৰদান কৰা হয়৷
কামৰূপ (গ্ৰাম্য) জিলাৰ মদন কামদেৱ মন্দিৰৰ সমীপৰ সেউজীয়া পাহাৰেৰে আবৃত এখনি মনোৰম গাঁও হৈছে ‘বামুণীগাঁও’ আৰু ইয়াৰ অধিকাংশ লোকেই বড়ো জনগোষ্ঠীয়৷ চৰকাৰৰ এই অভিলাষী আঁচনিৰ সফল ৰূপায়ণে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ দূৰ কৰাত গাঁওবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে৷ JJMৰ অধীনত বামুণীগাঁও পানী যোগান আঁচনিৰ জৰিয়তে অঞ্চলটোৰ ১১০টা পৰিয়ালে নিজ নিজ গৃহত পানী যোগান আঁচনিৰ সুবিধা লাভ কৰিছে৷
অঞ্চলটোৰ প্ৰতিটো পৰিয়ালক নলৰ জৰিয়তে পানী বিতৰণ আঁচনিখন কাৰ্যকৰী কৰি তুলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে (PHED)৷
বামুণীগাঁও পানী যোগান আঁচনি প্ৰকল্পটোৰ দায়িত্বত থকা বলীন চন্দ্ৰ বড়োৱে কয়, “প্ৰতিদিনে আমি ৭০,০০০ লিটাৰ পানী শোধন প্ৰকল্পলৈ প্ৰেৰণ কৰোঁ৷ পানী শোধনৰ নিৰ্ধাৰিত নিয়মসমূহ সম্পূৰ্ণ হোৱাৰ পাছত আমি আমাৰ গাঁৱৰ প্ৰতিটো পৰিয়াললৈ খোৱাপানী মুকলি কৰি দিওঁ৷”
দুনু বড়োৱে কয়, “পূৰ্বতে আমি বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা পানী সংগ্ৰহ কৰিছিলোঁ যাৰ ফলত আমাৰ দৈনন্দিন জীৱনতো যথেষ্ট প্ৰভাৱ পৰিছিল৷ কিন্তু, এতিয়া আমি নিয়মীয়াকৈ পৰিষ্কাৰ পানী লাভ কৰোঁ৷”
মৰিগাঁও জিলাৰ মানিপুৰ গাঁৱতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়৷ গাঁওখনৰ এটি বান অধ্যুষিত অঞ্চলৰ ৬৫ বছৰীয়া কুলধৰ কেলেঙে কয়, “মাৰ্চ মাহৰ তৃতীয় সপ্তাহলৈকে আমাৰ গাঁৱত পানীৰ অভাৱ আছিল৷ আনকি যিখিনি পানী উপলব্ধ আছিল তাতো যথেষ্ট পৰিমাণে আইৰন আছিল৷ কিন্তু মোৰ ঘৰত নলৰ পানীৰ সংযোগ স্থাপন হোৱাৰ পাছৰে পৰাই মই বিশুদ্ধ পানী লাভ কৰি আহিছোঁ৷”
জনস্বাস্থ্য কাৰিকৰী বিভাগক জিলাখনৰ বাচনাঘাটত পানী যোগান আঁচনিখন উন্নীতকৰণ কৰাৰ দায়িত্ব দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক মিছনৰ অধীনলৈ স্থানান্তৰ কৰা হৈছিল৷
বিশুদ্ধ খোৱাপানীৰ সংযোগ লাভ কৰা পাঁচখন বিভিন্ন গাঁৱৰ ভিতৰত নাম অন্তৰ্ভুক্ত হোৱা এখন গাঁও হৈছে গুৱাহাটীৰ পৰা ৭৫ কিল’মিটাৰ নিলগৰ মৰিগাঁও জিলাৰ দয়ঙিয়াল গাঁও৷ জে জে এমৰ অধীনত জাগীভকতগাঁও পানী যোগান আঁচনিৰ জৰিয়তে গাঁৱখনৰ প্ৰতিটো গৃহত খোৱাপানীৰ যোগান ধৰা হয়৷
গাঁওখনৰ এগৰাকী কৃষকৰ পত্নী মুনু বৰুৱাই (৩৫) কয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ঘৰত নলৰ পানীৰ সংযোগ দিয়া হৈছিল৷ তেওঁ কয়, “এতিয়া আমি দিনত দুবাৰকৈ পানী পাওঁ৷ আগতে আমি বিশুদ্ধ খোৱাপানী লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছিলোঁ যদিও এতিয়া আৰু সেই সমস্যা নাই৷”
একেখন জিলাৰ বৃহত্তৰ নসত্ৰ অঞ্চলৰ বাসিন্দাসকলে দুষিত পানীৰ সমান্তৰালকৈ পানীৰ নাটনিৰ সমস্যাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল৷ জে জে এমে তেওঁলোকৰ এই সমস্যা দূৰ কৰা পৰিলক্ষিত হৈছে৷ নসত্ৰ পানী যোগান আঁচনিৰ জৰিয়তে তেওঁলোকৰ সৰহসংখ্যক লোকে এতিয়া নিয়মীয়াকৈ নল সংলগ্ন পানী যোগানৰ সুবিধা লাভ কৰিছে৷
জে জে এম হিতাধিকাৰীসকলৰ ভিতৰত আন এগৰাকী হৈছে মনহা নসত্ৰ গাঁৱৰ বাসিন্দা অৰূপ কুমাৰ মেধি (৪৩)৷ গাঁওখনত জে জে এম কাৰ্যকৰী কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷