ৰাতিপুৱা প্ৰায় ৯ বাজিছে, আনদিনাৰ দৰে আজিও শুৱালকুছিৰ বাথান গাঁৱৰ মিনতি দাস (৫০) ব্যস্ত হৈ আছে খোৱা পানী ধৰা কামত৷ মিনতিৰ গাঁৱৰ ৬৭৭টা পৰিয়াললৈ জল জীৱন মিছনৰ অধীনত বাথান পানী যোগান আঁচনিৰ জৰিয়তে প্ৰতিদিনে খোৱা পানী যোগান ধৰা হয়৷
“জল জীৱন মিছনৰ অধীনত টেপ সংযোগ পোৱাৰ পাছৰেপৰা সদায় ৰাতিপুৱা পৰিষ্কাৰ আৰু পৰিশোধন কৰা পানী জমা কৰাটো আমাৰ চাৰিজনীয়া পৰিয়ালটোৰ দৈনন্দিন কাম৷
আঁচনিখনৰ অধীনত আমি দৈনিক যিমান পানী পাওঁ সেয়া আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ বাবে যথেষ্ট,” অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত মিনতি দাসে কয়৷
মিনতিৰ স্বামীৰ শুৱালকুছি টাউন চ’কত এখন সৰু চাহৰ দোকান আছে৷ তেওঁৰ পৰিয়ালটো হৈছে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ৷ চৰকাৰক কৃতজ্ঞতা জনাই তেওঁ কয়, “আমাৰ পৰিয়ালৰ বাবে গভীৰ নলীনাদ স্থাপন কৰি খোৱা পানীৰ ব্যৱস্থা কৰাটো প্ৰায় অসম্ভৱ হ’লহেঁতেন৷”
কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ৩৫ কিল’মিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত৷ ঘন জনবসতিপূৰ্ণ এই গ্ৰাম্য অঞ্চলটি পৃথিৱীৰ বৃহত্তম ৰেচম বয়ন গাঁও বুলিও অভিহিত কৰা হয়৷
এই অঞ্চলটোৰ গাঁওসমূহত ২০১৬ চনৰপৰা ৰাজ্য চৰকাৰে বৃহৎ কল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷ “আমি ২০১৬ চনৰপৰা শুৱালকুছি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত কৰিছোঁ৷ এয়া আমাৰ বাবে এক শুভ কাৰক,” একেখন গাঁৱৰ বাসিন্দা নিত্যানন্দ দাসে কয়৷
মিনতিৰ চুবুৰীয়া অনিতা দাস (৫২) এগৰাকী শিপিনী৷ তেখেতে চৰকাৰ আৰু আঁচনিখনৰ প্ৰশংসা কৰি কয় যে আগতে তেওঁ দমকলৰ আইৰনযুক্ত পানী ব্যৱহাৰ কৰিছিল৷ এতিয়া এই টেপ সংযোগৰপৰা আমি সুৰক্ষিত,পৰিষ্কাৰ আৰু পৰিশোধন কৰা খোৱা পানী লাভ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ এতিয়া ওৰ পৰিল৷”
বাথান পানী যোগান আঁচনিৰ কাৰিকৰী আৰু তত্বাৱধানৰ দিশসমূহৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (পিএইচইডি) অভিযন্তা অৰুণ চন্দ্ৰ ডেকাই এই সংবাদপত্ৰিকাখনক জনায় যে গাঁওখনৰ প্ৰতিটো পৰিয়ালক সংযোগ প্ৰদান কৰাৰ বাবে জল শোধন প্ৰকল্পৰ পৰিৱৰ্তন, নতুন যন্ত্ৰপাতি স্থাপন আৰু গাঁৱত পাইপ বহুৱাকে আদি কৰি আন্তঃগাঁথনি কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে আৰু আঁচনিখন স্থানীয় লোকসকলৰ সহযোগত কাৰ্যক্ষম হৈ উঠিছে৷
“বাথান গাঁৱত হিতাধিকাৰীৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ বাবে আঁচনিখনৰ দৈনিক নিৰীক্ষণ কৰিবলৈ দুজনকৈ জলমিত্ৰ নিযুক্ত কৰা হৈছে৷ আঁচনিখনৰ গাঁও কাৰ্যকৰী সমিতিখনো এই বিষয়ত সদা-সতৰ্ক হৈ থাকে৷ প্ৰতিদিনে, আমি আমাৰ গভীৰ নলী কুঁৱা যন্ত্ৰৰ জৰিয়তে ১.৬০ লাখ লিটাৰ পানী উঠাওঁ আৰু দুটা জলাধাৰত উৎকৃষ্ট পৰিস্ৰাৱণ সুবিধাৰ সৈতে সংৰক্ষণ কৰোঁ৷ এই জলাধাৰৰপৰা পানী পৰিয়ালসমূহলৈ বিতৰণ কৰা হয়,” ডেকাই কয়৷
জলমিত্ৰ হৰ গোবিন্দ দাসে এই প্ৰতিৱেদকক জনায় যে তেওঁ আঁচনিখনৰ দৈনিক কাৰ্যক্ষমতাৰ বাবে যিকোনো বাধা আঁতৰ কৰিবলৈ তেওঁ চোৱাচিতা কৰি থাকে৷
জল শোধন প্ৰকল্পৰ চোৱাচিতাৰ লগতে আঁচনিখনৰ মসৃণ কাৰ্যকৰীতা নিশ্চিত কৰাৰ বাবে এই আঁচনিখনৰ কাৰ্যকৰী সমিতিয়ে প্ৰতিটো পৰিয়ালৰপৰা প্ৰতি মাহে ১০০ টকাকৈ সংগ্ৰহ কৰে৷
গুৱাহাটীৰপৰা প্ৰায় ৭০ কিলোমিটাৰ উত্তৰ-পশ্চিমে নলবাৰী-হাজো ৰোডত অৱস্থিত মাৰোৱা হৈছে নলবাৰী জিলাৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ গাঁওসমূহৰ অন্যতম৷ পি.এইচ.ই. বিভাগৰ অধীনৰ মৰোৱা পানী যোগান আঁচনিখনক জল জীৱন মিছন আঁচনিৰ সৈতে একত্ৰিত কৰি গাঁওখনৰ পৰিয়ালসমূহ লাভান্বিত কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে৷
“জল জীৱন মিছনৰ উদ্দেশ্য হৈছে ফাংচনেল হাউচহোল্ড টেপ কানেকশ্যন (এফএইচটিচি) অৰ্থাৎ ঘৰুৱা কাৰ্যক্ষম সংযোগৰ জৰিয়তে প্ৰতিটো গ্ৰাম্য পৰিয়ালক প্ৰতিদিনে ৫৫ লিটাৰকৈ পানী যোগান ধৰা৷ আমি গাঁওখনৰ ৭৮৩টা পৰিয়ালক ফাংচনেল হাউচহোল্ড টেপ কানেকশ্যন প্ৰদান কৰিছোঁ,” পিএইচইডিৰ এগৰাকী অভিযন্তা অংকুশ ডেকাই কয়৷
আঁচনিখনৰ এগৰাকী জলমিত্ৰ, মণ্টু বৈশ্যক তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত নলবাৰী চহৰত অনুষ্ঠিত জেজেএম কনক্লেভত পুৰস্কৃত কৰা হৈছিল৷
কামৰ ব্যস্ততাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “মই কামৰ এই ব্যস্ততা থাকিলে ভাল পাওঁ৷ মই পৰিয়ালসমূহলৈ পানী বিতৰণৰ সৈতে জড়িত বেছিভাগ বিষয়েই চোৱাচিতা কৰোঁ৷”
জল জীৱন মিছনৰ অধীনত, গাঁওসমূহৰ ৰাইজে পানী যোগান আন্তঃগাঁথনিৰ পৰিকল্পনা, ৰূপায়ণ, ব্যৱস্থাপনা, সঞ্চালন, আৰু তত্ত্বাৱধান আদি বিষয়ত মুখ্য ভূমিকা পালন কৰি আহিছে যাৰ ফলত প্ৰতিটো গ্ৰাম্য পৰিয়ালক এফ.এইচ.টি.চি. সুবিধা প্ৰদান কৰাটো সম্ভৱপৰ হৈছে৷ পানী যোগান ব্যৱহাৰকৰ্তা সমিতিৰ সভাপতি শম্ভু ৰাম বেজবৰুৱাই জনাই যে জল শোধন প্ৰকল্পৰ কাষত বাস কৰা পৰিয়ালসমূহে পাইপযোগে পানীৰ বেগ ভালধৰণে লাভ কৰে, তথাপি গাঁওখনৰ প্ৰতিটো পৰিয়ালে তেওঁলোকৰ দৈনন্দিন পাবলগীয়া পানীৰ পৰিমাণ লাভ কৰে৷ “পিডব্লিউএছএছৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি হিতাধিকাৰীসকলৰপৰা প্ৰতি মাহে ৫০ টকাকৈ সংগ্ৰহ কৰোঁ৷”
জল জীৱন মিছনৰ অধীনৰ মুগকুছি পানী যোগান আঁচনি হৈছে অন্য এক সফলতাৰ কাহিনী৷ “হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি পূৰ্বৰ পানী যোগান আঁচনিখনক জল জীৱন মিছনৰ সৈতে একত্ৰিত কৰা হৈছে৷ এই আঁচনিৰ জৰিয়তে পূব মাজদিয়া, গোঁসাইৰ চুবুৰি, মুগকুছি বালা, পশ্চিম মাজদিয়া আৰু পূব মুগকুচিৰ পৰিয়ালসমূহৰ লগতে অঞ্চলটোত থকা বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰলৈও পানী যোগান ধৰা হয়৷ আনকি আঁচনিখনে জাপৰকুছি আৰু চাহিয়তলীৰ নিৰাপত্তা বাহিনীৰ শিবিৰলৈও পৰিশোধিত পানী যোগান ধৰে,” এগৰাকী জলমিত্ৰ ফণীধৰ হালৈয়ে কয়৷
মৰোৱাৰ পেটুৱা চুপাৰ নিপেন বৈশ্যই (৫৮) উল্লেখ কৰে, “আগতে আমি দমকল আৰু পুখুৰীৰপৰা পানী সংগ্ৰহ কৰি পানী পৰিশোধন কৰি ব্যৱহাৰ কৰিবলগীয়া হৈছিল৷ এতিয়া এনে দীঘলীয়া প্ৰক্ৰিয়াৰ সমস্যাৰ পৰা ৰেহাই পালোঁ৷”