অভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে সংযোগ বৃদ্ধিৰ বাবে কাজিৰঙাত জানুৱাৰী ২০২৫ত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয়। জলপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ অধীনৰ দায়বদ্ধ সংস্থা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এই কাৰ্যসূচী আয়োজন কৰে। এই বৈঠকত ১,৪০০ কোটি টকাতকৈও অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভ/ঘোষণা কৰা হয়।
বৈঠকত অধ্যক্ষতা কৰা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ‘কো-অপাৰেটিভ ফেডাৰেলিজিম’ৰ উদাহৰণ দাঙি ধৰিছে। অতীজৰে পৰা আমাৰ সভ্যতাৰ সৈতে জড়িত হৈ থকা অভ্যন্তৰীণ জলপথৰ ভূমিকাৰ বিষয়ে আমি জ্ঞাত। কিন্তু উন্নয়নৰ এই মৌলিক ধাৰণাটোক পূৰ্বে উপেক্ষা কৰা হৈছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ২০১৪ চনৰ পৰা আমি অভ্যন্তৰীণ জলপথক পুনৰুজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰিছোঁ, যাতে ৰে’লপথ আৰু ৰাস্তাৰ যান-জঁট দূৰ কৰিব পাৰোঁ। তদুপৰি যাত্ৰী আৰু কাৰ্গ’ অপাৰেটৰ উভয়ৰে বাবে এক কাৰ্যক্ষম, অৰ্থনৈতিক, বহনক্ষম তথা ফলপ্ৰসূ পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ দিশতো মনোনিৱেশ কৰা হৈছে।”
অসমৰ উন্নয়নৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত এক আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে। এই অত্যাধুনিক কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ পৰিবহণত দক্ষ মানৱশক্তিৰ প্ৰশিক্ষণ আৰু বিকাশৰ বাবে এক উৎকৃষ্ট পৰিৱেশ গঢ়ি তুলিব আৰু নতুন চিন্তা-চৰ্চা, শক্তি-সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিব বুলি তেখেতে কয়।
“ডিব্ৰুগড়স্থিত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ঐতিহ্য ভৱনৰ গৌৰৱ অটুট ৰখাৰ বাবে পুনৰ্নিৰ্মাণত গুৰুত্ব দিয়া হৈছে। তদুপৰি বিশ্বনাথ ঘাট, নিমাতী ঘাট, শিলঘাট আৰু গুঁইজানত নতুন পৰ্যটন ঘাট বিকশিত কৰা হ’ব। ইয়াৰ লগতে গুৱাহাটীৰ পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰপৰা পাণ্ডু বন্দৰলৈ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ নতুন সংযোগী পথৰ নিৰ্মাণ কৰা হ’ব।”

মন্ত্ৰীগৰাকীয়ে বৰাক নদীৰ বাবে (ৰাষ্ট্ৰীয় জলপথ – ১৬) ১২খন জাহাজৰ ডিজাইন, নিৰ্মাণ, যোগান, পৰীক্ষণ আৰু কমিশ্যনিঙৰ সমান্তৰালকৈ এখন জৰীপ জাহাজৰ কথা ঘোষণা কৰি কয়, “কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (চিএছএছ)-ৰ অধীনত টাৰ্মিনেল সুবিধা প্ৰদানৰ বাবে গেংৱেৰ সৈতে দুটা ষ্টীল পণ্টুন ক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে।”
গঠনমূলকভাৱে জলপথৰ উন্নয়নৰ বাবে অসমে বিগত কেইটিমান বছৰত ১,০০০ কোটিৰো অধিক অনুদান লাভ কৰিছে। ৰাষ্ট্ৰীয় জলপথ – ২ৰ সম্পূৰ্ণ উন্নয়ন, পাণ্ডুত জাহাজ মেৰামতি সুবিধা, বগীবিল টাৰ্মিনেলৰ উন্নয়ন, পাণ্ডুৰ সৈতে বিভিন্ন প্ৰান্তক সংযোগ আদি প্ৰকল্প ইতিমধ্যে ৰূপায়ণ কৰা হৈছে।
“উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব,” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত অংশগ্ৰহণ কৰাৰ সময়ত উল্লেখ কৰে, “যদি দেশৰ ৩০% পৰিবহণ অভ্যন্তৰীণ জলপথৰ মাধ্যমেৰে কৰা হয়, তেন্তে জলবায়ু পৰিৱৰ্তনৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব।”

ড॰ হিমন্ত বিশ্ব শৰ্মাই আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক কিমান সংখ্যক পথ আৰু ৰে’ল পৰিবহণক অভ্যন্তৰীণ জলপথলৈ ৰূপান্তৰ কৰিব পাৰি, সেই বিষয়ত চালি-জাৰি চাই পদক্ষেপ ল’বলৈ আহ্বান জনায়। “এয়া আমাৰ উন্নয়নৰ মাপকাঠী হোৱা উচিত,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
সাম্প্ৰতিক সময়ৰ প্রয়োজনীয়তা অনুসৰি জল পৰিবহণ ব্যৱস্থাটো গঢ় দিয়াৰ বিষয়ত গুৰুত্ব দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,“নদীৰ পাৰতেই সভ্যতাৰ আৰম্ভণি হৈছিল। এয়াই আমাৰ ‘প্ৰাকৃতিক পথ।’ সময়ৰ গতিত মানুহে ৰাস্তা, ৰে’লপথ আৰু আকাশীপথৰ নিৰ্মাণ কৰিছে, কিন্তু অভ্যন্তৰীণ জলপথ হৈছে প্ৰায় ৪,০০০-৫,০০০ বছৰ পুৰণি। সেয়েহে অভ্যন্তৰীণ জলপথ মানৱ সভ্যতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।”
“আমি অভ্যন্তৰীণ জলপথসমূহক পৰিৱৰ্তনশীল সময়ৰ সৈতে খাপ খোৱাকৈ পুনৰ উদ্ভাৱন কৰি এক নতুন গতি দিয়া উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এই খণ্ডটো নতুনকৈ উজ্জীৱিত হৈছে। প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ বাবে এক বৃহৎ পৰিকল্পনা আৰম্ভ কৰিছে। এই পৰিকল্পনাই ২০৪৭ চনৰ বিকশিত ভাৰতৰ সপোনক সাৰ্থক কৰাত আমাক সহায় কৰিব,’’ ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকৰ বিষয়ে উল্লেখ কৰে। “এনেধৰণৰ অনুষ্ঠানে কাজিৰঙাৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি কৰিব। কাৰণ আজি যদি ২০০গৰাকী লোক এই অনুষ্ঠানলৈ আহিছে, তেওঁলোকে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব আৰু এনেদৰেই প্ৰচাৰৰ জৰিয়তে পৰৱৰ্তী সময়ত ২,০০০গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিব। যাৰ জৰিয়তে অসমৰ পৰ্যটন খণ্ডৰ উন্নয়ন হ’ব,” তেখেতে কয়।
২০২৩ চনত প্ৰতিষ্ঠিত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে জল পৰিবহণ খণ্ডৰ বিকাশ ত্বৰান্বিত কৰি দেশৰ অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।