অধ্যাপক দিলীপ কুমাৰ দে’
সাধাৰণ সম্পাদক, প্ৰ’এক্টিভ ছিনিয়ৰ চিটিজেনছ্ ফ’ৰাম, শিলচৰ
এই লেখাৰ জৰিয়তে মই এটা কথা উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ভাষা বিষয়ৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বিশেষকৈ বৰাক উপত্যকাৰ শিক্ষানুষ্ঠানসমূহত বাংলা ভাষাৰ শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষকৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে৷ এনে হোৱাৰ প্ৰধান কাৰণ হৈছে শিক্ষানুষ্ঠানসমূহত দীৰ্ঘদিন ধৰি এই পদসমূহ খালী হৈ আছে৷ বৰাক উপত্যকাত প্ৰায়বোৰ শিক্ষানুষ্ঠানতে উচ্চতৰ মাধ্যমিক পৰ্যায়ত বাংলা ভাষাৰ শিক্ষকসকলে স্থায়ীভাৱে নিযুক্ত হৈ নাথাকে৷ শিলচৰত চৰকাৰী বিদ্যালয়কে ধৰি প্ৰায় সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়তে বাংলা ভাষাৰ কোনো বিষয় শিক্ষক নাই৷ উদাহৰণস্বৰূপে, নৰসিংহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডি এন এন কে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বাংলা ভাষাৰ শিক্ষক নাই৷ কিছুমান বিদ্যালয়ত আকৌ ইংৰাজী বিভাগৰ শিক্ষকো নাই৷
স্নাতকোত্তৰ ডিগ্ৰী আৰু বি.এড.ৰ দৰে পেছাদাৰী অহৰ্তা থকা টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰা হয়৷ কিন্তু কোনোক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহত তেনে টে”ট উত্তীৰ্ণ প্ৰাৰ্থী উপলব্ধ নোহোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে সমস্যা ভুগিবলগীয়া হোৱাটো যুক্তিসংগত নহয়৷
টে’ট উত্তীৰ্ণ প্ৰাৰ্থী উপলব্ধ নোহোৱালৈকে স্নাতকোত্তৰ তথা বি এড ডিগ্ৰী লাভ কৰা কোনো যোগ্য প্ৰাৰ্থীক অস্থায়ীভাৱে ভাষা আৰু অন্যান্য বিষয়ত, বিশেষকৈ বাংলা ভাষাত নিয়োজিত কৰিব পাৰে৷ চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ শৈক্ষিক অধিকাৰ কৰ্তন কৰা কাৰ্য কেৱল অবাঞ্ছিতই নহয়, ই অনৈতিকো৷ যদি প্ৰতিষ্ঠানসমূহত এটি নিৰ্দিষ্ট বিষয় সন্নিৱিষ্ট হৈ থাকে তেন্তে সেই বিষয়ৰ শিক্ষকক স্থায়ী বা অস্থায়ীভাৱে হ’লেও নিযুক্তি প্ৰদান কৰিব লাগে৷
দীপ শৰ্মা, গুৱাহাটী
হেল্পলাইন নম্বৰসমূহে আজিৰ তাৰিখত জনসাধাৰণক বিভিন্নধৰণেৰে সহায় কৰি আহিছে৷ চৰকাৰী হেল্পলাইন ব্যৱস্থাৰ বাবে আজি আমি তাৎক্ষণিকভাৱে কোনো অভিযোগ বা সমস্যা নিৰ্ধাৰিত বিভাগসমূহক জনাব পাৰোঁ আৰু ইয়াৰ সমাধানো লাভ কৰিব পাৰোঁ৷ এই হেল্পলাইন সম্পৰ্কীয় মোৰ এটি কাৰ্টুন আগবঢ়ালোঁ৷
সঞ্জীৱ শীল
এই পত্ৰযোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাওঁ যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰতিখন জিলা বা মহকুমাতে যাতে একোখনকৈ গোশালাৰ স্থাপন কৰে৷ গোশালাৰ জৰিয়তে চিএনজি, বায়’গেছ ঔষধি উৎপাদন কৰিব পৰা যায়৷ লগতে, ই জৈৱিক কৃষি আৰু ঔষধিৰ ক্ষেত্ৰখনতো সহায় কৰিব৷ বাটে-ঘাটে ঘূৰি ফুৰা দেশী পশুধনৰ সেৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো এই পদক্ষেপে সহায় কৰিব পাৰে৷ গোপালকৰ পৰা গোবৰ ক্ৰয় কৰি তেওঁলোকক অতিৰিক্ত সকাহ দিব পৰাও যাব পাৰে৷
মুকুন্দৰায় ৰাৱাল, গুজৰাট
অসম বাৰ্তা নিউজলেটাৰখন পাই মই সুখী হৈছোঁ৷ ইয়াত একেবাৰে তৃণমূল পৰ্যায়ৰ বাতৰি প্ৰতিফলিত হৈছে৷ এনেধৰণৰ সংবাদ পত্ৰিকাই জনসাধাৰণক উৎসাহিত কৰিব৷ তেওঁলোকে অসম চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাক সুন্দৰকৈ প্ৰকাশিত কৰিছে৷