গুৱাহাটীৰ উলুবাৰীৰ বাসিন্দা বিপুল কলিতাই (৫৮) নিজৰ টাইপ-২ ডায়েবেটিছৰ নিয়ন্ত্ৰণ আৰু উপশমৰ বাবে প্ৰতিমাহে প্ৰায় ৪ৰপৰা ৫ হাজাৰ টকাৰ ঔষধ ক্ৰয় কৰিবলগীয়া হৈছিল৷ তেওঁ কেইদিনমানৰ আগতে দক্ষিণ শৰণীয়া পথত থকা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটোৰ বিষয়ে জানিবলৈ পালে৷
“মই ইয়ালৈ আহি জানিবলৈ পালোঁ যে মোক প্ৰয়োজনীয় ঔষধসমূহৰ মূল্য ইয়াত তেনেই কম’’- বিপুল কলিতাই কয়৷ “জেনেৰিক মেডিচিন যে বজাৰত উপলভ্য অন্যান্য ঔষধৰ দৰে একেই সেই কথা ইয়াত বিক্ৰেতাগৰাকীয়ে সুন্দৰকৈ বুজাই দিলে,” তেওঁ ক্ৰয় কৰা এটা ঔষধ দেখুৱাই কয়, “এই ঔষধটো মই আগতে প্ৰায় ৪৫০ টকাকৈ ক্ৰয় কৰিছিলোঁ আৰু একেই ফৰ্মুলাৰ এই জেনেৰিক ঔষধটোৰ দাম ইয়াত মাত্ৰ ৭৭ টকা৷”
বিপুল কলিতাৰ দৰেই দেৱাশিস¸ ৰয়, তাপস দেৱে উলুবাৰীৰ এই জন ঔষধি কেন্দ্ৰটোৰপৰা ঔষধ ক্ৰয় কৰি ঔষধৰ মূল্যত ৫০-৯০ শতাংশ পৰ্যন্ত আৰ্থিক ৰেহাই লাভ কৰিছে৷
গুণগত মানৰ জেনেৰিক ঔষধ সুলভ মূল্যত উপলব্ধ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ৰ ঔষধ বিভাগে আৰম্ভ কৰা ‘জন ঔষধি আঁচনি’ক ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ‘প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা’ (PMJAY) হিচাপে নতুন ৰূপ প্ৰদান কৰা হয়৷
২০১৬ চনৰ নৱেম্বৰ মাহত এই আঁচনিখনক অধিক গতি প্ৰদানৰ বাবে পুনৰ নাম সলনি কৰি ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা’ (PMBJP)নামেৰে নামকৰণ কৰা হয়৷ এই আঁচনিৰ অধীনত, দেশজুৰি সুলভ মূল্যত জেনেৰিক ঔষধ যোগান ধৰিবলৈ ‘জন ঔষধি কেন্দ্ৰ’ নামেৰে আউটলেট মুকলি কৰা হৈছে৷ ৩১ অক্টোবৰ ২০২২লৈকে সমগ্ৰ দেশতে ৮,৮১৯টা জন ঔষধি কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে৷ পিএমবিজেপিৰ জৰিয়তে ১,৭৫৯বিধ ঔষধ আৰু ২৮০বিধ অস্ত্ৰোপচাৰৰ সামগ্ৰী উপলভ্য হয়৷ এই আঁচনিখন ভাৰতীয় ফাৰ্মা এণ্ড মেডিকেল ব্যুৰো (পিএমবিআই)ৰদ্বাৰা ৰূপায়ণ কৰি থকা হৈছে৷ অসমত প্ৰায় ১০৯টা এনে জন ঔষধি কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে৷
২০১৫ চনৰ কথা, নগাঁৱৰ এজন উদীয়মান যুৱক মহম্মদ হাফিজুৰ ৰহমানে ই-প্ৰশাসন ব্যৱস্থা ৰূপায়ণ সম্পৰ্কীয় এটা প্ৰকল্পত কৰ্মৰত আছিল৷ কৰ্মসূত্ৰে তেওঁ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ বিষয়ে জানিবলৈ পালে৷ মেঘালয়ৰ চাণক্য ইন্সটিটিউট অৱ্ ফাৰ্মাচিউটিকেলছৰপৰা ফাৰ্মাচিষ্টৰ ডিগ্ৰী গ্ৰহণ কৰা এই যুৱকজনে পৰিযোজনাখনৰ পৰা ৰাইজৰ সেৱা কৰাৰ লগতে আত্মনিৰ্ভৰশীল হ’ব পৰাৰ বাট দেখা পালে৷ ২০১৬ চনৰ ২৫ নৱেম্বৰত নগাঁৱৰ ছিলঙনিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰে৷ বৰ্তমান নগাঁৱৰ ছিলঙনি আৰু ম’হখুলিত দুটাকৈ জন ঔষধি কেন্দ্ৰ পৰিচালনা কৰি থকা হাফিজুৰে অসম বাৰ্তাক কয়, “প্ৰথম অৱস্থাত মই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ দিনটোত কেতিয়াবা ৫০০-৭০০ টকাৰহে ঔষধ বিক্ৰী কৰিছিলোঁ৷ লাহে লাহে জন ঔষধিত উপলভ্য ঔষধসমূহৰ লাভ সম্পৰ্কে মানুহৰ মাজত সজাগতা অনাৰ বাবেও চেষ্টা কৰোঁ৷ চৰকাৰৰ প্ৰচেষ্টা আৰু মোৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফলত আজি মোৰ দুয়োটা জন ঔষধি কেন্দ্ৰত প্ৰতিদিনে যথেষ্ট পৰিমাণৰ ঔষধ বিক্ৰী হয়৷”
জন ঔষধি কেন্দ্ৰৰ সুফল সম্পৰ্কে বৰ্ণনা কৰি তেওঁ কয়, “মোৰ ইয়াত এটা দামী এণ্টিবায়’টিক পোৱা যায়, যাৰ মূল্য প্ৰায় ৩,০০০ টকা৷ একেটা ফৰ্মুলাৰ ঔষধ বজাৰত কিন্তু
১৩-১৪,০০০ টকা পৰ্যন্ত হয়৷” এটা সময়ত ঋতুস্ৰাৱৰ সময়ত পালন কৰিবলগীয়া পৰিচ্ছন্নতা সম্পৰ্কে সজাগতাৰ অভাৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “আজিকালি এইক্ষেত্ৰত বহু লোক সজাগ হৈছে আৰু আমাৰ জন ঔষধি কেন্দ্ৰসমূহত উপলভ্য কম খৰচী জৈৱপচনশীল ছেনিটেৰী নেপকিনসমূহে এইক্ষেত্ৰত এক পৰিৱৰ্তন সাধন কৰিছে যেন মোৰ অনুভৱ হয়৷” লগতে জেনেৰিক ঔষধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰচেষ্টাৰে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, “জন ঔষধিৰ ক্ষেত্ৰত স্বাস্থ্যকেন্দ্ৰ, চিকিৎসালয় আদিত ব্যাপক প্ৰচাৰ কৰাৰ অৱকাশ আছে৷”
গুৱাহাটীৰ দক্ষিণ শৰণীয়া পথত থকা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰূপা ছেত্ৰী ৰয়ে কয়, “আমাৰ কেন্দ্ৰটো ২০২০ চনত স্থাপন কৰা হৈছিল৷ স্থাপন কৰাৰ সময়ত আমি এককালীন উদগনিমূলক ভাট্টা ২ লাখ টকা লাভ কৰিছিলোঁ আৰু এতিয়া প্ৰতিমাহে ১৫,০০০ টকাকৈ আঁচনিখনৰ অধীনত লাভ কৰোঁ৷” তেওঁ লগতে কয়, “আৰম্ভণিতে জেনেৰিক ঔষধৰ প্ৰতি সজাগতা দেখা পোৱা নগৈছিল, কিন্তু এতিয়া লাহে লাহে এই সজাগতা বৃদ্ধি পাইছে৷” হেঙেৰাবাৰী আৰু বাঘৰবাৰীত দুটাকৈ জন ঔষধি কেন্দ্ৰ পৰিচালনা কৰি থকা ৰূপা ছেত্ৰী ৰয়ে কয় যে এতিয়া উলুবাৰীৰ কেন্দ্ৰটোতে দিনে নূ্যনতম ৪০,০০০ টকাৰ ঔষধ বিক্ৰী হয়৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফাৰ্মাক’লজি বিভাগৰ মুৰব্বী অধ্যাপিকা ড॰ দীপ্তিময়ী দেৱীয়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত জনায়, “ঔষধ প্ৰস্তুত কৰাৰ সকলো
নীতি-নিয়ম মানি চলা জেনেৰিক ঔষধসমূহৰ মান উন্নত৷ অৱশ্যে কিছুমান ঔষধ জেনেৰিকৰূপত উপলভ্য নহয়৷ কপিৰাইট শেষ হোৱাৰ পাছত জেনেৰিক ঔষধসমূহ প্ৰস্তুত কৰা হয়৷ যিহেতু এই ঔষধসমূহৰ মূল্য যথেষ্ট কম হয় সেয়ে জন ঔষধি কেন্দ্ৰসমূহে ৰোগীক আৰ্থিক সকাহ প্ৰদান কৰিছে৷”
জন ঔষধি কেন্দ্ৰৰ ব্যৱস্থাটোৰ প্ৰশংসা কৰি তেওঁ কয়, “জেনেৰিক ঔষধৰ মান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ দৃষ্টি ৰাখিব লাগে৷” লগতে তেওঁ কয় যে চৰকাৰে চিকিৎসা শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ লগতে ফাৰ্মাক’লজি শিক্ষাৰ ক্ষেত্ৰতো সমদৃষ্টি প্ৰদান কৰাটো জৰুৰী যাতে ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসমেও অৱদান আগবঢ়াব পাৰে৷