অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকাৰ নামচাইত অৱস্থিত বিশ্বৰ প্ৰাচীন পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যৰ গৱেষণা প্ৰতিষ্ঠান (Research Institute of World’s Ancient Traditions Cultures and Heritage-RIWATCH) সংগ্ৰহালয়টো উত্তৰ-পূব ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সংগ্ৰহালয়৷ নৱনিৰ্মিত এই প্ৰতিষ্ঠান তথা সংগ্ৰহালয়টো হৈছে এক বেচৰকাৰী, জনগোষ্ঠীভিত্তিক গৱেষণা সংস্থা যি বহনক্ষম উন্নয়নৰ বাবে থলুৱা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক সবলীকৰণৰ নিৰ্ণায়ক দিশসমূহৰ বিষয়ে আমাক অৱগত কৰে৷
থলুৱা জনগোষ্ঠীসমূহৰ মূল্যবোধক শক্তিশালী কৰি তেওঁলোকক বহনক্ষম পদ্ধতিৰে সমৃদ্ধিশালী কৰি তোলাই হৈছে ইয়াৰ প্ৰধান লক্ষ্য৷ অঞ্চলটোত অতীজৰে পৰা বসবাস কৰি অহা জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত পৰম্পৰা ৰক্ষাৰ লক্ষ্যৰে আৰম্ভ কৰা এই পদক্ষেপে আজি ইদু মিচিমিকে ধৰি স্থানীয় জনজাতিসমূহৰ জীৱনশৈলীৰ সৈতে জড়িত আকৰ্ষণীয় দিশসমূহকো উপস্থাপন কৰিছে৷
সংগ্ৰহালয়টোত স্থানীয় বাসিন্দাসকলে দান কৰা সামগ্ৰীসমূহ প্ৰদৰ্শিত কৰা হয়৷ তাৰে কিছুমান স্মৃতিচিহ্ন স্বয়ং দালাই লামাই সংগ্ৰহালয়টোলৈ উপহাৰস্বৰূপে প্ৰদান কৰিছে৷ ইয়াত অস্ত্ৰ-শস্ত্ৰ, মূল্যবান স্মৃতিচিহ্ন, প্ৰত্নতাত্ত্বিক সমল, ভাস্কৰ্য, শিলৰ গহনা, পুৰণি আলোকচিত্ৰ আদিৰো প্ৰদৰ্শন কৰা হয়৷ সংগ্ৰহালয়টোৰ কিছু লেখত ল’বলগীয়া সামগ্ৰী হৈছে ২০০ বছৰ পুৰণি মাটিৰ ৰন্ধন পাত্ৰ আৰু ৮০ বছৰ পুৰণি শিলৰ বাচন-বৰ্তন আদি৷ তদুপৰি, এটি পৰিয়ালৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰি অহা অস্থাৱৰ চিহ্ন আৰু জনজাতীয় সাজ-পোছাকৰো প্ৰদৰ্শন কৰা হয়৷
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখিত সংগ্ৰহালয়টো পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সংস্কৃতি আৰু আচাৰ-ব্যৱহাৰ আদিক প্ৰতিফলিত কৰি তুলিবলৈ অসমত সংগ্ৰহালয় নিৰ্মাণৰ বাবে লোৱা পৰিকল্পনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷
“খিনজিলিৰ ৰিৱাটছ সংগ্ৰহালয় ভ্ৰমণৰ সময়ত অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ আভাস পাই আনন্দিত হৈছোঁ৷ এই সংগ্ৰহালয়টোৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াত প্ৰদৰ্শিত সামগ্ৰীসমূহ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বৰঙণিস্বৰূপে আগবঢ়াইছে,” তেওঁ টুইটযোগে উল্লেখ কৰে৷
আন্তৰ্জাতিক সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ (ICCS USA)ৰ এটা প্ৰকল্পৰূপে ২০০৯ চনৰ নৱেম্বৰ মাহত ৰিৱাটছৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ তেতিয়াৰে পৰা ইয়াত সংলগ্ন কৰা বিভিন্ন সা-সুবিধাসমূহ হৈছে:
- উত্তৰ-পূব ভাৰতৰ নৃতাত্ত্বিক সংগ্ৰহালয়
- একেসময়তে ২০গৰাকী গৱেষক থাকিব পৰা স্বতন্ত্ৰ গৱেষণা কক্ষ
- ৮০বিধ বনৌষধি থকা এখন আদৰ্শ বাগিচা
- দৃশ্য-শ্ৰাব্য নথিপত্ৰৰ সুবিধাযুক্ত এটি অত্যাধুনিক কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে
- কনফাৰেন্স হল, খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে হ’ম ষ্টেৰ সুবিধা প্ৰদান কৰা ইত্যাদি
ৰিৱাটছক ইউনাইটেড নেশ্যনছ ইউনিভাৰ্ছিটী-ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ(UNU-IAS)-য়ে বহনক্ষম উন্নয়নৰ আঞ্চলিক শিক্ষা কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ লগতে, ইয়াত ২০১৪ চনৰ পৰা প্ৰতিটো বিকল্প বৰ্ষতে ইউনিভাৰ্ছিটী অৱ ছাউথ ফ্ল’ৰিডাৰ সৈতে বিদেশত অধ্যয়ন কৰাৰ সুবিধা প্ৰদানৰ বাবে এটি কাৰ্যসূচীও অনুষ্ঠিত কৰি অহা হৈছে৷ তদুপৰি, ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰো এটি স্বীকৃতিপ্ৰাপ্ত গোট৷
জনগোষ্ঠীয় জ্ঞানক শৈক্ষিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰিৱাটছৰ অনন্য পদ্ধতিটোৱে আজি বিশ্বত বিশেষ স্বীকৃতি লাভ কৰিছে৷ ইয়াৰ ফলত সকলো গৱেষকে থলুৱা জনগোষ্ঠীসমূহৰ সৈতে মুকলিভাৱে মত বিনিময় কৰাৰ সুবিধা লাভ কৰিছে৷ এক কথাত ৰিৱাটছৰ এই ব্যৱস্থাপনাক জনগোষ্ঠীয় ঐতিহ্য আৰু সংস্কৃতিৰ ৰহঘৰা হিচাপে অভিহিত কৰিব পাৰি৷