বহু প্ৰতীক্ষাৰ অন্ত পেলাই এক সুবৰ্ণ মুহূৰ্তৰ সাক্ষী হ’ল নামচাই৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে যোৱা ১৫ জুলাই ২০২২ত নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰি দুয়োখন চুবুৰীয়া ৰাজ্যৰ সীমান্তত চলি থকা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ সংকল্প লৈছে৷
এই ঘোষণাপত্ৰখন স্বাক্ষৰিত হোৱাৰ ফলত অমীমাংসিত গাঁৱৰ সংখ্যা বৰ্তমানৰ ১২৩খনৰ পৰা ৮৬খনলৈ হ্ৰাস পাব৷ ড॰ শৰ্মাই টুইটাৰযোগে জনায়, “বৰ্তমানৰ নিৰ্ধাৰিত সীমাৰ ওপৰত ভিত্তি কৰি, দুয়োখন ৰাজ্যৰ মাজত থকা সীমান্ত বিবাদ ১৫ ছেপ্টেম্বৰ ২০২২ৰ ভিতৰত সমাধান কৰা হ’ব৷”
যোৱা বছৰৰ আগষ্ট মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধানসভাত উল্লেখ কৰিছিল যে অসম-অৰুণাচল প্ৰদেশৰ সীমাত কমেও ১,২০০খন বিবদমান ক্ষেত্ৰ আছে৷ নামচাই ঘোষণাপত্ৰৰ পূৰ্বে দুয়োগৰাকী মুখ্যমন্ত্ৰী চলিত বৰ্ষৰ জানুৱাৰী আৰু এপ্ৰিল মাহত সীমা বিবাদ সমাধানৰ অৰ্থে মিলিত হৈছিল৷ এই বৈঠকসমূহৰ ফলতেই, দুয়োখন চুবুৰীয়া ৰাজ্যই ১২খন জিলাক সামৰি বিবদমান ১২৩খন গাঁৱক যুটীয়াভাৱে প্ৰমাণীকৰণৰ বাবে ১২খন আঞ্চলিক সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছিল৷ এই সমিতিসমূহক ঐতিহাসিক দৃষ্টিভংগী, প্ৰশাসনিক সুবিধা, সন্নিিৱষ্টতা আৰু আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মতৰ ওপৰত ভিত্তি কৰি পৰামৰ্শ প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল৷
১৫ আগষ্ট ২০২২-ৰ আগতে আঞ্চলিক সমিতিসমূহে উল্লেখিত অঞ্চলসমূহৰ উপৰিও অন্যান্য সহমতত উপনীত হোৱা অঞ্চলসমূহৰ ওপৰত তেওঁলোকৰ প্ৰথম প্ৰতিবেদন দাখিল কৰিব৷
ঘোষণাপত্ৰৰ অংশ হিচাপে, দুয়োখন ৰাজ্যই এই সহমতত উপনীত হৈছে যে অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত থকা ২৮খন গাঁও অৰুণাচল প্ৰদেশৰ ওচৰত থাকিব৷ ২০২০ চনত নিজৰ অধিকাৰ প্ৰত্যাহাৰ কৰা দেওপানী নগা গাঁও, বেৰে গাঁও, আৰু পণ্টন বস্তি নামৰ গাঁও তিনিখন অসমৰ ওচৰত থাকিব৷
ঘোষণাপত্ৰখনত উল্লেখ কৰা হৈছে যে ছখন গাঁৱৰ অৱস্থান অসমৰ ভিতৰত চিহ্নিত কৰিব পৰা ন’গল৷ সেয়েহে, যদি এই গাঁওকেইখন ভৌগোলিকভাৱে অৰুণাচল প্ৰদেশৰ ভিতৰত আছে তেন্তে, এই ছখন গাঁও অৰুণাচল প্ৰদেশৰ সৈতে থাকিব৷
দুৰ্ভাগ্যজনকভাৱে ঔপনিৱেশিক কালৰে পৰা ৮০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই আন্তঃৰাজ্যিক সীমান্ত বহুতো সংঘৰ্ষৰ সাক্ষী হ’বলগীয়া হৈছে৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই ঘোষণাক উত্তৰ-পূৰ্বাঞ্চলত ভাতৃত্ববোধ, শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰে৷