অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যখনত মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলক এতিয়াৰ পৰা অসমত আনুষ্ঠানিকভাৱে সংখ্যালঘু হিচাপে গণ্য কৰা হ’ব৷
২৯ মে’ৰ ৰাজ্যিক কেবিনেট বৈঠকৰ পাছত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ কেশৱ মহন্তই কয়, “এই সিদ্ধান্তই নিৰ্দিষ্ট সম্প্ৰদায়সমূহক চৰকাৰী সা-সুবিধা লাভ কৰাত সহায় কৰিব৷”