দেদচাং বড়ো, পৰমেশ্বৰ পাণিকা আৰু অনুপম কোঁচৰ দৰে কেইবাগৰাকী সুদক্ষ ব্যক্তিৰ সফলতাই অসম চৰকাৰ আৰু টাটা টেকন’লজিছ লিমিটেডৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তিপত্ৰ স্বাক্ষৰিত হোৱাত একপ্ৰকাৰে অনুঘটকৰ কাম কৰিছে৷
আই টি আই (ITI) ৰৌতাৰ পৰা প্ৰশিক্ষণ লাভ কৰি সফলতাৰ কাহিনী লিখা বিভিন্নজনৰ ভিতৰত এওঁলোক অন্যতম৷ ৰৌতাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো টাটা গ্ৰুপৰ অধীনস্থ দেশৰ বিভিন্ন কোম্পানীৰ ভিতৰত অন্যতম- এমালগামেটেড প্লেণ্টেচনচ প্ৰাইভেট লিমিটেড (পূৰ্বৰ Tata Tea)ৰ দ্বাৰা ১৯৯৭ চনতে স্থাপিত আৰু পৰিচালিত৷ এই বুজাবুজি চুক্তিয়ে হাজাৰ হাজাৰ যুৱক-যুৱতীক নৱীকৃত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু পলিটেকনিকসমূহৰ পৰা টাটা ব্ৰেণ্ডৰ অধীনস্থ এপিপিএলৰ দৰে শ শ ভাৰতীয় আৰু বিদেশী কোম্পানীত যোগদান কৰাৰ পথ সুগম কৰি তুলিছে৷ বৰ্তমান ৰাজ্যখনত ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৩৪খন পলিটেকনিক আছে৷
উল্লেখ্য যে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত ওদালগুৰি জিলাৰ চেঙীমনৰ দেদচাং বড়োৱে এই প্ৰতিষ্ঠানৰ পৰা মটৰ বাহন মেকানিক হিচাপে ডিপ্ল’মা লোৱাৰ পাছত বৰ্তমান সুদূৰ কুৱেইটত কৰ্মৰত, পৰমেশ্বৰ পাণিকা গোলাঘাট জিলাৰ এপিপিএলৰ অধীনস্থ হাতীখুলি চাহ বাগিচাৰ মুখ্য সহায়ক আৰু অনুপম কোঁচে ডিগবৈত অসম গেছ কোম্পানী লিমিটেডত কাম কৰি আছে৷
আগন্তুক কেইবছৰমানৰ ভিতৰতে অসম চৰকাৰ আৰু টাটা কোম্পানীৰ মাজত স্বাক্ষৰ হোৱা এই বুজাবুজি চুক্তিৰ আধাৰত ২,৩৯০ কোটি টকাৰো অধিক পুঁজিৰে এই প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে ‘Centres of Excellence’ লৈ ৰূপান্তৰিত হ’ব৷ ইয়াৰ পাছত দেদচাং, অনুপম, পৰমেশ্বৰৰ দৰে যুৱক-যুৱতীসকলে আৰু চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি নাথাকে৷
যোৱা ১১ মে’ত, অসম চৰকাৰৰ হৈ এই বুজাবুজি চুক্তিপত্ৰত স্বাক্ষৰ কৰে দক্ষতা, সংস্থাপন আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু টাটা টেকন’লজিছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাৰেন হেৰিছে৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, পৰিবহণ, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি টাটা টেকন’লজিছ লিমিটেডৰ অধ্যক্ষ এছ ৰামাদুৰাই উপস্থিত আছিল৷
এই বুজাবুজি চুক্তিয়ে শিক্ষাৰ্থীসকলক একোগৰাকী উদীয়মান উদ্ভাৱক হোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ চৰকাৰ আৰু ঔদ্যোগিক ক্ষেত্ৰখনক সহায় কৰিব৷ লগতে, উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদক প্ৰশিক্ষণ দিয়াৰ বাবে এই প্ৰতিষ্ঠানসমূহক অত্যাধুনিক প্ৰযুক্তিৰে উদ্যোগ 4.0 ৰ বাবে উজ্জীৱিত কৰি তুলিব৷
অসমৰ উন্নয়নৰ বাবে টাটা গ্ৰুপে পালন কৰা ভূমিকাক প্ৰশংসা কৰি ড॰ শৰ্মাই কয় যে এই প্ৰচেষ্টাৰ জৰিয়তে প্ৰতি বছৰে ২০,০০০তকৈও অধিক যুৱক-যুৱতীয়ে বিভিন্ন কোম্পানীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব, বিশেষকৈ টাটাৰ বিভিন্ন প্ৰতিষ্ঠানসমূহত৷ অনুষ্ঠান সমাপ্তিৰ কিছুসময় পাছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে জনায়, “আজি আমি আমাৰ যুৱপ্ৰজন্মৰ নিয়োগ লাভৰ যোগ্যতা বৃদ্ধি আৰু তেওঁলোকক উদ্যোগ 4.0 ৰ বাবে সাজু কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷”
এছ ৰামদুৰায়ে ড॰ শৰ্মাক ৰাজ্যখনৰ উন্নয়নৰ বাবে “সদাতৎপৰ এগৰাকী ব্যক্তি” হিচাপে অভিহিত কৰে আৰু অসমৰ কল্যাণৰ হকে টাটা গ্ৰুপৰ প্ৰতিশ্ৰুতিৰ কথাও পুনৰবাৰ উল্লেখ কৰে৷ তেওঁ কয় যে উন্নত প্ৰযুক্তিৰ সমান্তৰালকৈ দক্ষ মানৱ সম্পদৰ সংখ্যা তেনেই সীমিত আছিল আৰু ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে৷
অসম বাৰ্তাৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰধান সচিবগৰাকীয়ে কয় যে এই প্ৰচেষ্টাৰ পটভূমি তেতিয়াই আৰম্ভ হৈছিল যেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁক কৰ্ণাটক আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ বাবে কৰ্প’ৰেট গ্ৰুপসমূহে কি পদক্ষেপ হাতত লৈছে তাক অন্বেষণ কৰাৰ লগতে অসমত কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ বাবে টাটা গ্ৰুপে কি কৰিব পাৰে সেই বিষয়ে অধ্যয়ণ কৰিবলৈ নিৰ্দেশ দিছিল৷ “গুৱাহাটীত আমাৰ লগত টাটা গ্ৰুপৰ এখন প্ৰেজেনটেচন আছিল৷ যেতিয়া মুখ্যমন্ত্ৰী মহোদয় নিশ্চিত হ’ল যে এই পদক্ষেপে এক নতুন দিগন্তৰ সূচনা কৰিব, তেতিয়াই আমি প্ৰাথমিক কাম-কাজসমূহ আৰম্ভ কৰিছিলোঁ৷ পাঁচ মাহৰ ভিতৰত আমি টাটা গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছিলোঁ” – তেখেতে কয়৷