এয়া শাৰদীয় বতৰ, শেৱালিৰ গোন্ধে আমোলমোল বতৰ৷ শাৰদীয় দুৰ্গাপূজাৰ আয়োজনৰ বাবে ৰাজ্যখনত ব্যাপক প্ৰস্তুতি চলিছে৷ দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অনাবিল আনন্দ আৰু উৎসাহ-উদ্দীপনাৰ মাজতেই সকলোৱে পালন কৰি গৈছে নিজৰ দায়িত্ব৷
খেলপথাৰ, বিদ্যালয়ৰ লগতে পথসমূহো আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ কৰা স্থানীয় কাৰুকাৰ্যসমূহ আৰু ৰঙীন পেণ্ডেলবোৰ হৈছে দৰ্শনাৰ্থীৰ আকৰ্ষণৰ অন্যতম মূল বিষয়৷ এই উৎসৱৰ পৰিৱেশত দুৰ্গাপূজা সমিতিসমূহে আয়োজনৰ বাবে ব্যস্ত হৈ থকাৰ মাজতে ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় সাহায্যৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে৷ এই বিত্তীয় সাহায্যই পূজা সমিতিসমূহক যথেষ্ট সকাহ প্ৰদান কৰিছে৷
কাছাৰৰ দ্বাৰবন্দ বস্তিৰ বাসিন্দাসকলৰ বাবে ২০২৩ বৰ্ষৰ দুৰ্গাপূজা আছিল সবাতোকৈ শ্ৰেষ্ঠ৷ এই পূজাৰ বাবে তেওঁলোকে হেঁপাহেৰে অপেক্ষা কৰি আছিল৷ বিগত বৰ্ষত প্ৰথমবাৰৰ বাবে তিনিটা দিনেই ভোগ-প্ৰসাদ লাভ কৰাটোৱেই আছিল দ্বাৰবন্দ বস্তিবাসীৰ বাবে এই অপেক্ষাৰ অন্যতম কাৰণ৷

দ্বাৰবন্দ সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ কোষাধ্যক্ষ ৰূপায়ণ চৌধুৰীয়ে কয়, “আমি এই পূজাখন আঢ়ৈ দশকৰো অধিক সময়ৰ পৰা আয়োজন কৰি আহিছোঁ৷ ২০২৩ বৰ্ষত প্ৰথমবাৰৰ বাবে চৰকাৰৰ পৰা বিত্তীয় সাহায্য লাভ কৰাৰ ফলত আমাৰ উদযাপনৰ আয়োজন যথেষ্ট উন্নত হৈছিল৷” এই কথা সদৰী কৰি তেখেতে লগতে কয়, “আমাৰ পূজাখন হৈছে গ্ৰাম্যাঞ্চলকেন্দ্ৰিক৷ আমি অতিৰিক্ত সজ্জা বা কোনো বিষয়বস্তুৰ আধাৰত পূজাস্থলী সজোৱাৰ ক্ষেত্ৰত কম গুৰুত্ব দিওঁ৷ দেৱী মাৰ আৰাধনা আৰু সমাজ সেৱাত গুৰুত্ব প্ৰদানেৰে স্থানীয় ৰাইজৰ সহায়-সহযোগিতাত আমি পূজাভাগ আয়োজন কৰি আহিছোঁ৷ পূৰ্বে কেৱল মহানৱমীৰ দিনাহে দৰ্শনাৰ্থীৰ মাজত খিচিৰি ভোগ বিতৰণ কৰিবলৈ সক্ষম হৈছিলোঁ৷ কিন্তু বিগত বৰ্ষত বিত্তীয় সাহায্য পোৱাৰ বাবে সপ্তমী আৰু মহাঅষ্টমীতো অন্ন ভোগৰ ব্যৱস্থা কৰিব পাৰিলোঁ৷ তদুপৰি মহানৱমীৰ দিনটোত খিচিৰি ভোগ বিতৰণ কৰা হৈছিল৷”
এই সাহায্যৰ বাবে চৌধুৰীয়ে অসম চৰকাৰক কৃতিত্ব দি কয়, “ৰাজ্য চৰকাৰৰ পৰা ১০,০০০ টকাৰ বিত্তীয় সাহায্যৰে আমি এই সকলো ব্যৱস্থা কৰিবলৈ সক্ষম হ’লোঁ৷ এই পদক্ষেপৰ ফলতেই আমাৰ গাঁওবাসী আৰু অন্যান্য দৰ্শনাৰ্থীসকলে বহু সুবিধা লাভ কৰাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰে৷”

১৯৪৩ চনত প্ৰতিষ্ঠিত ডিগবৈৰ ৰিফাইনেৰী পাৰা পূজা সমিতিৰ যুটীয়া সম্পাদক সুজয় চক্ৰৱৰ্তীয়ে কয়, “চৰকাৰৰ বিত্তীয় সাহায্যই পূজা সমিতিসমূহৰ মনোবল বৃদ্ধি কৰিছে৷ বিগত বৰ্ষত আমাৰ বিধায়ক সুৰেন ফুকনে ১০,০০০ টকাৰ চেক প্ৰদান কৰিছিল৷ ৭০ বছৰৰ ভিতৰত চৰকাৰী সাহায্য পোৱাৰ এয়াই প্ৰথম উদাহৰণ৷ এই সাহায্যই আমাক আনন্দিত কৰাৰ লগতে আন্তৰিকতা তথা ভক্তিৰ সৈতে পূজা উদযাপন কৰিবলৈ উৎসাহিত কৰিছে৷”
উৎসৱৰ সময়ছোৱাত ‘চান্দা’ অপসংস্কৃতি ৰোধ কৰাৰ প্ৰয়াস হিচাপে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ৰাজ্যজুৰি ৬,৯৫৩খন দুৰ্গাপূজা সমিতিক বিগত বৰ্ষত ১০,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল৷
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়াই জনায়, “পৰম্পৰা অনুসৰি চলিত বৰ্ষতো সকলো দুৰ্গাপূজা সমিতিক পূজা আয়োজন কৰিবলৈ নিৰ্ধাৰিত নিয়মাৱলী সাপেক্ষে চৰকাৰে ১০,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷”
আনহাতে ২০২৪-২৫ বৰ্ষৰ বিত্তীয় সাহায্য প্ৰদানৰ বাবে অনুসৰণ কৰিবলগীয়া এছঅ’পিৰ নিৰ্দেশনা বিভাগটোৱে জাৰি কৰা হৈছে৷
যোগ্যতাৰ চৰ্তাৱলী:
কেৱল সাৰ্বজনীন দুৰ্গাপূজা উদযাপন কৰা সমিতিসমূহ
কমেও তিনি বছৰৰ পৰা অবিৰতভাৱে দুৰ্গাপূজা আয়োজন কৰি অহা সমিতিসমূহ
ব্যক্তিগত বা ঘৰুৱাভাৱে আয়োজন কৰা সমিতিসমূহ এই সাহায্যৰ বাবে যোগ্য নহয়
জাগীৰোডৰ বৰপাক দুৰ্গাপূজা সমিতিৰ উপদেষ্টা গোপাল ৰয়ে কয়, “১৪০টা পৰিয়ালৰ আমাৰ সৰু গাঁওখনত আমি চান্দা (দান) সংগ্ৰহৰ কামত নিয়োজিত নহয়৷ চৰকাৰী সাহায্যই আমি বিচৰা ধৰণে পূজা অনুষ্ঠিত কৰিবলৈ যথেষ্ট সহায় কৰিছে৷”
তেখেতে লগতে কয় যে গাঁওখনত শীঘ্ৰে এটি দুৰ্গা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ যাৰ জৰিয়তে অধিক দৰ্শনাৰ্থীৰ আকৰ্ষণ বৃদ্ধি কৰিব পৰা যাব আৰু গাঁৱৰো প্ৰশংসা বৃদ্ধি পাব৷”
পশ্চিম শিলপুখুৰীৰ দুৰ্গাপূজা সমিতিৰ সম্পাদক ৰাজা দে’-য়ে চৰকাৰী সাহায্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “বিগত বৰ্ষৰ পৰা পূজাৰ নিৰ্দিষ্ট ৰীতিৰ বাবে চৰকাৰী সাহায্যৰ ধন ব্যয় কৰাৰ সিদ্ধান্ত লৈছোঁ৷”
অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰা দুৰ্গাপূজা সমিতিসমূহে উল্লেখ কৰে যে এই বিত্তীয় সাহায্যই কেৱল তেওঁলোকৰ মনোবল বৃদ্ধি কৰাই নহয়, ইয়াৰ লগতে বৃহৎ পৰিসৰত সমাজৰ সকলো স্তৰৰ লোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে৷ চৰকাৰৰ এই সাহায্যই তেওঁলোকক দুৰ্গাপূজা উদযাপন কৰিবলৈ অধিক উৎসাহিত কৰাৰ লগতে সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাকো প্ৰতিফলিত কৰিছে৷