কৰিমগঞ্জ কমলজিৎ বৰদলৈৰ বাবে এখন সম্পূৰ্ণ নতুন ঠাই৷ ৩১ মে’ৰ নিশা কৰিমগঞ্জলৈ যোৱা নৈশ বাছৰ যাত্ৰাত এক উৎকণ্ঠাত কমলজিতৰ চকুলৈ টোপনি নাহিল৷ ১ জুনৰ দিনটো কমলজিতৰ বাবে বিশেষ৷ পুৱাই কমলজিৎ উপস্থিত হ’লগৈ কৰিমগঞ্জৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত৷ মৰিগাঁও জিলাৰ জাগীৰোডৰ কমলজিতৰ বাবে আজিৰেপৰা এয়াই হৈছে কৰ্মক্ষেত্ৰ৷ আজি চৰকাৰী চাকৰিৰ প্ৰথমটো কৰ্মদিন৷
শেহতীয়াকৈ অসম চৰকাৰে ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশস্বৰূপে ৪৪,৭০৩গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে৷ এই প্ৰাৰ্থীসকলৰ ভিতৰত এজন হৈছে জলসম্পদ বিভাগৰ তৃতীয় বৰ্গৰ কনিষ্ঠ সহকাৰী পদত নিযুক্তি লাভ কৰা কমলজিৎ বৰদলৈ৷
কমলজিৎ বৰদলৈয়ে অসম বাৰ্তাক কয়, “মোৰ দেউতা বিগত বহু বছৰ ধৰি অসুস্থ হৈ আছে৷ মাৰ বিয়োগৰ পাছত তেখেতৰ লগতে আমাৰ পৰিয়ালটোৱেও যথেষ্ট কষ্ট পাইছিলোঁ৷ দেউতাক ইমান দূৰলৈ অনাটো সম্ভৱ নাছিল বাবে অকলশৰীয়া দেউতাক চোৱা-চিতা কৰিবলৈ আন এজন লোকক দায়িত্ব দি মই ইয়াত যোগদান কৰোঁতে কিছু চিন্তিত হৈছিলোঁ৷ কিন্তু, ২০১৬ চনত বাণিজ্যৰ স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰেপৰা চেষ্টা কৰি এইবাৰ মই এই নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’লোঁ৷ সেইবাবে কিছু কষ্ট হ’লেও ইমান দূৰলৈ আহি মই কৰ্তব্য পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷” কাৰ্যালয়ত যোগদান কৰাৰ পাছত নতুন এখন ঠাইত থাকিবলৈ ভাড়া ঘৰৰপৰা আৰম্ভ কৰি কাৰ্যালয়ৰ কাম-কাজ বুজি উঠালৈ সহকৰ্মীসকলে যথেষ্ট সহায় কৰাৰ বিষয়ে উল্লেখ কৰি কমলজিতে কয়, “মোৰ সহকৰ্মীসকল মোৰ পৰিয়ালৰ একোগৰাকী সদস্যৰ দৰে হৈ পৰাত ইয়াত কাম কৰিও বৰ ভাল লাগিছে৷”
কমলজিতৰ দৰে বিভূতি দাস, অভিজিৎ বৈশ্য, হীৰক জ্যোতি শইকীয়া আৰু আন বহুকেইগৰাকী যুৱক-যুৱতীয়ে অসম চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰি নিজ নিজ কৰ্মক্ষেত্ৰত নিয়োজিত হৈছে৷ নিজৰ কঠোৰ পৰিশ্ৰম আৰু চৰকাৰৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াত বিশ্বাসী এইসকল প্ৰাৰ্থীয়ে অসম চৰকাৰৰ কৰ্মশক্তিৰ অংশীদাৰ হ’বলৈ পাই নিজৰ সফলতাৰ অভিজ্ঞতা সম্পৰ্কে অসম বাৰ্তাক অৱগত কৰে৷
নিজৰ কৰ্মজীৱনৰ প্ৰথম দিনটো স্বাভাৱিকতে সকলোৰে বাবে উৎকণ্ঠাৰে ভৰা এটা দিন৷ চৰকাৰী চাকৰি জীৱনৰ প্ৰথম দিনটোৰ কথা উল্লেখ কৰি প্ৰণাম কমিশ্বনত চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰা অভিজিৎ বৈশ্যই অসম বাৰ্তাক কয়, “আমাৰ প্ৰণাম কমিশ্বনৰ অফিচটো খুব ধুনীয়া৷ মোৰ জ্যেষ্ঠসকলে আৰু আন আন সহকৰ্মীসকলে মোক যথেষ্ট সহায় কৰে৷ আগতে মই দেউতাক তেওঁৰ ব্যৱসায়ৰ কাম-কাজত সহায় কৰিছিলোঁ৷ এতিয়া চৰকাৰী কাৰ্যালয়ত কাম কৰি দৈনন্দিন জীৱনত নিয়মানুৱৰ্তিতাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও অনুভৱ হৈছে৷”
দৰং জিলাৰ মঙলদৈ কমলপাৰাৰ সংগীতা ডেকা(২৩)ৰ পিতৃয়ে ঠেলাচালক হিচাপে যথেষ্ট কষ্টেৰে পৰিয়ালটোক পোহপাল দিছিল৷ কিন্তু, যোৱাবছৰ তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয়৷ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালটোলৈ সংগীতাৰ চাকৰিটোৱে কঢ়িয়াই আনিছে আনন্দৰ বতৰা৷ সংগীতা নিজেও এগৰাকী দিব্যাংগ৷ বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় বৰ্গৰ চাকৰিত যোগদান কৰা সংগীতাই ঘৰৰপৰা প্ৰায় ৩৫ কিল’মিটাৰ দূৰৰ কৰ্মক্ষেত্ৰখনৰ বিষয়ে কয়, “সহকৰ্মীসকলৰ সহায়-সহযোগিতাই মোৰ কৰ্মক্ষেত্ৰক দ্বিতীয়খন ঘৰ যেন কৰি তুলিছে৷ নতুন চাকৰি বুলি মনতে থকা ভয়-ভয় ভাৱটো প্ৰথম দিনাই নোহোৱা হৈ পৰিছিল৷” স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবেই চাকৰি পোৱাটো সম্ভৱ হৈ উঠিল বুলি উল্লেখ কৰি তেওঁ কয়, “চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াটো নিকা কৰি তুলিছে আৰু এতিয়া আমাৰ নৱ-নিযুক্তসকলৰ সংকল্প হোৱা উচিত যাতে আমি নিষ্ঠাৰে ৰাইজৰ সেৱা কৰি যাব পাৰোঁ৷
কামৰূপ জিলাৰ দদৰাৰ বিভূতি দাস এতিয়া গুৱাহাটীৰ কাহিলিপাৰাত থাকে আৰু পুৱা ৯ বজাৰ পূৰ্বেই মটৰ চাইকেলখনেৰে পাণবজাৰলৈ বুলি ৰাওনা হয়৷ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ জৰিয়তে ৰাজ্যিক ভিজিলেন্স আয়োগত LDA কম্পিউটাৰ অপাৰেটৰৰ পদত তেওঁ নিযুক্তি লাভ কৰিছে৷ “সংযোগবশতঃ ২০১৮ চনতো মই এই একেটি পদৰ বাবে আৱেদন জনাইছিলোঁ যদিও তেতিয়া নিযুক্তি লাভ কৰা নাছিলোঁ৷ অৱশেষত পাঁচ বছৰৰ মূৰত মোৰ সপোনটো পূৰণ হ’ল,” দাসে কয়৷
ইলেক্ট্ৰ’নিকছ্ এণ্ড কমিউনিকেশ্বন বিষয়ত অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা বিভূতি দাসে বহু বছৰ ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে৷ দাসে উৎফুল্লিত হৈ কয়, “পূৰ্বৰ তুলনাত অধিক স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি যোগ্যজনক সপোন পূৰণ কৰাৰ সুযোগ দিয়াৰ বাবে চৰকাৰখন প্ৰশংসাৰ পাত্ৰ৷ মোৰ পিতৃ-মাতৃয়ে সমাজৰ হকে কাম কৰি মোক সদায় প্ৰেৰণা যোগাই আহিছিল৷ এই কাৰ্যালয়ত মোৰ যি দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনি মই সততা আৰু নিষ্ঠাৰে কৰি যাম, যাতে সমাজ আৰু দেশখন আগুৱাই যাব পাৰে৷”
তৃতীয় বৰ্গত সদ্যনিযুক্তিপ্ৰাপ্ত নগাঁৱৰ হীৰক জ্যোতি শইকীয়াই ধেমাজিত পৰিবহণ বিভাগত যোগদান কৰি লাভ কৰিছে অনন্য অভিজ্ঞতা৷
“২৯ মে’ত ধেমাজিলৈ আহি ভাড়া ঘৰৰ সন্ধান কৰি প্ৰয়োজনীয় বয়-বস্তু ক্ৰয় কৰোঁ৷ ১ জুনত ধেমাজিত পৰিবহণ বিভাগত যোগদান কৰোঁ৷ বিভাগৰ জ্যেষ্ঠসকলৰপৰা লাভ কৰা দিহা-পৰামৰ্শ আৰু অনুপ্ৰেৰণাই আমাক সাহস দিছে৷ কিন্তু নগাঁও আৰু ধেমাজিৰ মাজত দূৰত্ব বেছি হোৱা হেতুকে কিছু অসুবিধাৰো সন্মুখীন হৈছোঁ৷ মা শাৰীৰিকভাৱে অসুস্থ৷ এইকেইদিন ঘৰলৈ অহা-যোৱা কৰিবলৈ সমস্যা হৈছে৷ যিহেতু দুমাহ পূৰ্বে মোৰ বিবাহ সম্পন্ন হৈছে আৰু এক বুজন পৰিমাণৰ ধন ব্যয় হৈছে, গতিকে দৰমহা অনুপাতে বৰ্তমান মই ভাড়া ঘৰলৈ পৰিয়াল আনিবলৈ অক্ষম৷ সেয়েহে নিযুক্তিসমূহ গৃহ জিলা বা চুবুৰীয়া জিলাত হ’লে সুবিধা হয়৷”
এইসকল নৱনিযুক্ত যুৱক-যুৱতীৰ ভাষ্যত কৰ্ম-সংস্কৃতিৰ প্ৰতি থকা এক আগ্ৰহ পৰিস্ফুট হৈছে যিয়ে চৰকাৰী কাৰ্যালয়সমূহত এক নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰে৷ তদুপৰি নিযুক্তি প্ৰক্ৰিয়াটোৰ প্ৰতি থকা বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে যোগ্যতাৰ বলত সফলতা লাভৰ আত্মবিশ্বাসে ৰাজ্যখনৰ উন্নয়নত দক্ষ কৰ্মশক্তিৰ প্ৰভাৱ বৃদ্ধি কৰিব৷