অসম চৰকাৰে যুৱচামৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক পদক্ষেপে পুনৰ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এ ডি আৰ ই) ২০২৫-ৰ ফলাফল ঘোষণা হোৱাৰ পাছত ৰাজ্যৰ ১২ হাজাৰতকৈও অধিক যুৱক-যুৱতীয়ে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ পদত চাকৰি লাভ কৰিলে।
মুঠ ৭,৬৫০টা তৃতীয় বৰ্গ আৰু ৪,৬০৪টা চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৫০টা বিভাগত নতুন নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদক্ষেপে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ ন্যায়সংগত, স্বচ্ছতা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তিৰ প্ৰতিশ্ৰুতি পালনত সংকল্পবদ্ধ।
মুখ্যমন্ত্ৰীগৰাকীয়ে ফলাফল প্ৰকাশৰ পাছত সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আকৌ এবাৰ আমি আমাৰ প্ৰতিশ্ৰুতি পালন কৰিলোঁ। সম্পূৰ্ণ স্বচ্ছতা, ন্যায়সংগতভাৱে আৰু যোগ্যতাৰ ভিত্তিত আমি নিযুক্তি প্ৰক্ৰিয়া আয়োজন কৰিলোঁ। এ ডি আৰ ই আৰু আন ফলাফল ঘোষণাৰ সৈতে অসমে পুনৰ সততা আৰু সুযোগৰ ক্ষেত্ৰত মানদণ্ড স্থাপন কৰিলে। আমি ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু আজি আমি প্ৰায় ২ লাখ নিযুক্তিৰ দিশলৈ আগবাঢ়িছোঁ। এয়া আমাৰ যুৱসমাজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ।”
তেখেতে লগতে কয়, “অসমবাসীয়ে আমাৰ ওপৰত বিশ্বাস ৰাখিছিল যে আমি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিম। আজিৰ ফলাফলে প্ৰমাণ কৰিছে যে উদ্দেশ্য আৰু সততাৰ সৈতে প্ৰশাসনিক ব্যৱস্থা পৰিচালনা কৰিলে যোগ্যতা সৰ্বদা জয়ী হয়।”

অতিৰিক্ত মুখ্য সচিব তথা অসম ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কয়, “কৃষি বিভাগত ১,৮৫০টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৮৭৩টা আৰু বিদ্যালয় শিক্ষা বিভাগত ৫৮১টা পদ পূৰণ কৰা হ’ব। ইয়াৰ উপৰি বিভিন্ন বিভাগৰ শূন্য পদসমূহো পূৰণ কৰা হ’ব।
২০২৫ চনৰ ছেপ্টেম্বৰত ৰাজ্যৰ ২৮খন জিলাত অনুষ্ঠিত পৰীক্ষাত ১৭ লাখতকৈও অধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।
ফলাফল ঘোষণাৰ পাছত ৰাজ্যজুৰি আনন্দৰ বতাহ বৈছে। বহু পৰিয়ালৰ বাবে এই নিযুক্তি হৈছে বহু বছৰৰ ত্যাগ, অধ্যৱসায় আৰু বিশ্বাসৰ ফল।
শ্ৰীভূমি জিলাৰ মহেশ্বতা দেৱ চৌধুৰী, যিগৰাকীয়ে এইবাৰ এ ডি আৰ ই-ত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে, তেখেতে কয়, “ধৈৰ্য্য আৰু শৃংখলাই হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। একমাত্ৰ সন্তান হিচাপে মই এতিয়া মোৰ পৰিয়ালৰ বাবে গৌৰৱৰ সৈতে অৱদান আগবঢ়াব পাৰিম।”
তেখেতে নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে কয়, “প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আছিল, আমি আমাৰ অ’ এম আৰ শ্বীটৰ স্কেন কপিও পাইছিলোঁ। এইবাৰ সঁচাকৈ যোগ্য প্ৰাৰ্থীসকলে ভয় নকৰাকৈ মেধা আৰু যোগ্যতাৰে চাকৰি লাভ কৰিছে।”
ধেমাজিৰ জোনাইৰ স্বৰ্ণালী বৰুৱাই বহুদিন ধৰি চৰকাৰী চাকৰিৰ সপোন দেখিছিল। তেখেতে গৌৰৱেৰে কয়,“প্ৰতিটো নিদ্ৰাহীন ৰাতি আজি সার্থক হ’ল। মোৰ দেউতা এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আৰু মা এগৰাকী গৃহিণী। দুয়োগৰাকীয়েই মোৰ শিক্ষাৰ বাবে বহু কষ্ট আৰু ত্যাগ কৰিছে। আজিৰ ফলাফলে তেওঁলোকৰ বিশ্বাসক সাৰ্থক কৰিলে।”
“ফলাফল চাবলৈ যাওঁতে মোৰ হাত কঁপিছিল। যেতিয়া মোৰ ৰোল নম্বৰটো চকুত পৰিল, এক মুহূৰ্তৰ বাবে সকলো স্তব্ধ হোৱা যেন অনুভৱ হ’ল। সকলো সংগ্ৰাম, ক্লান্তি যেন আনন্দৰ চকুলোত পৰিণত হ’ল,” স্বৰ্ণালী বৰুৱাই কয়।
কঠিন পৰিস্থিতিত নিজে অধ্যয়ন কৰি তেখেতে যি সফলতা অৰ্জন কৰিলে, সেয়া অধ্যৱসায় আৰু সহনশীলতাৰ এক প্ৰতীক। তেখেতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়, “তেখেতৰ দূৰদৰ্শী পৰিকল্পনাৰ ফলত এতিয়া অসমত সকলো মানুহে সমভাৱে চৰকাৰী চাকৰিৰ সুযোগ লাভ কৰিছে। এইটো এটি দশকৰ আগলৈ অবিশ্বাস্য আছিল।”
নলবাৰীৰ নিখিল মেধিৰ বাবে এই সফলতা নিজৰ নহয়, এয়া হৈছে পৰিয়ালৰ বিজয়।
“মোৰ মা-দেউতা দুয়োগৰাকীয়ে চৰকাৰী কৰ্মচাৰী। ময়ো চৰকাৰী চাকৰি পোৱাৰ আশা তেওঁলোকে মনতে পুহি ৰাখিছিল। আজি মোৰ মাধ্যমেৰে তেওঁলোকৰ সপোন পূৰণ হ’ল,” নিখিলে কয়।
নিখিলে কয় যে ফলাফল চাওঁতে তেখেতে প্ৰথমতে বিশ্বাসেই কৰিব পৰা নাছিল।
“মই বাৰম্বাৰ ব্রাউজাৰ ‘ৰিফ্ৰেছ’ কৰি আছিলোঁ, ভাবিছিলোঁ এয়া সপোন নহয়তো!” — নিখিলে কয়।
ইতিপূৰ্বে একাধিক পৰীক্ষাত বিফল হোৱাৰ পাছতো নিখিলৰ অধ্যৱসায় আৰু দৃঢ়তা আজি বহুজনৰ বাবে প্ৰেৰণাৰ উৎস। তেখেতে এতিয়া নিজৰ নতুন পদৰ জৰিয়তে শিক্ষা খণ্ডত ইতিবাচক পৰিৱৰ্তন আনি সমাজক আগবঢ়াই নিবলৈ ইচ্ছুক।
মণিকা গগৈৰ মতে ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী পোৱাৰ বাবে অসম ভাগ্যবান।
“অসমে আমাৰ বাবে এটি নতুন অধ্যায় মুকলি কৰিলে। এতিয়া কেৱল যোগ্য প্ৰাৰ্থীসকলেহে চাকৰি লাভ কৰিছে,” মণিকাই কয়।
তেখেতে কয় যে এ ডি আৰ ইৰ ফলাফল হৈছে অবিৰাম চেষ্টা আৰু চৰকাৰৰ সহায়ৰ ফলাফল। তেখেতে কয়, “মোৰ দেউতাই এটি ক্ষুদ্ৰ ব্যৱসায় কৰে। বহু আত্মীয়ই মোৰ ওপৰত সন্দেহ কৰিছিল। তেওঁলোকে ভাবিছিল যে মই এইবাৰো এই সুযোগ হেৰুৱাম। কিন্তু মই মনোবল হেৰুওৱা নাছিলোঁ। নামটো দেখি প্ৰথমে মোৰ মা-দেউতা, শিক্ষাগুৰু আৰু এই স্বচ্ছ ব্যৱস্থাটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিলোঁ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ কৰে,“যুৱপ্ৰজন্মই এনে অভিজ্ঞতা পোৱাৰ বাবে মই আনন্দিত। তেওঁলোকে এতিয়া নিজৰ সপোনৰ এটি পদ অৰ্জন কৰিছে। মোৰ আটাইতকৈ ডাঙৰ সন্তুষ্টি এই যে এইসকল যুৱচামে এতিয়া সততাৰ সৈতে নিজৰ মা-দেউতা আৰু সমাজক সেৱা কৰিব।”
ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডে ৫,৬১৪টা পদৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে, য’ত এ বি/ ইউ বি কনষ্টেবল, এছ আই আৰু অন্য বিভাগীয় পদসমূহো অন্তৰ্ভুক্ত।
কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁলোকৰ অঞ্চলৰ সফল প্ৰাৰ্থীসকলক অভিনন্দন জনাই কয়,“অসম আৰক্ষী, ডি এম ই নার্ছ, অগ্নিবীৰ (ইণ্ডিয়ান আর্মী) আৰু বিভিন্ন চৰকাৰী সেৱাত কাৰ্বি আংলঙৰ বহু প্ৰতিভাবান যুৱক-যুৱতী সফল হৈছে। তেওঁলোকৰ অধ্যৱসায়, শৃংখলা আৰু দৃঢ় সংকল্পই আমাৰ জিলাবাসীক গৌৰৱান্বিত কৰিছে। এই সুযোগ সৃষ্টি কৰি যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। সকলো সফল প্ৰাৰ্থীৰ পৰা আশা কৰিছোঁ যাতে তেওঁলোকে নিষ্ঠাৰে কাম কৰি কাৰ্বি আংলঙক আৰু উজ্জ্বল কৰি তুলিব।”










