মনীষ দাস, কাকু গোস্বামী আৰু মৃণাল শইকীয়া হৈছে এনে তিনিগৰাকী ব্যক্তি যাক লৈ অসমবাসীয়ে গৌৰৱ কৰিব পাৰে৷ চৰকাৰী কৰ্মচাৰীয়ে কামক অৱহেলা কৰাৰ অপবাদৰ বিপৰীতে তেওঁলোকে নিষ্ঠা আৰু একাগ্ৰতাৰে জনসাধাৰণৰ সেৱা কৰি আহিছে৷
এওঁলোক তিনিগৰাকী হৈছে অসম চৰকাৰে অৰাজপত্ৰিত কৰ্মচাৰীৰ কৰ্মদক্ষতাক স্বীকৃতি আৰু সন্মান প্ৰদান কৰিবলৈ আৰম্ভ কৰা ৰাজ্যিক পৰ্যায়ত লোকসেৱা সন্মানপ্ৰাপক ১০গৰাকীৰ ভিতৰত অন্যতম৷ তেওঁলোকৰ উপৰি আন ৮৯গৰাকী কৰ্মচাৰীক জিলা পৰ্যায়ত এই সন্মানেৰে সন্মানিত কৰা হয়৷
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উপলক্ষে যোৱা ৫ আগষ্টত প্ৰথমবাৰৰ বাবে আয়োজন কৰা লোক কল্যাণ দিৱসত এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাত আছিল এখন প্ৰশস্তি পত্ৰ, ২৫,০০০ টকা আৰু এবছৰৰ চাকৰিকাল বৃদ্ধি৷ অৰ্থাৎ লোকসেৱা সন্মানপ্ৰাপকসকলে ৬০ বছৰৰ বিপৰীতে ৬১ বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব৷
বঁটাপ্ৰাপকসকলক বাছনি কৰা হৈছিল কৰ্মক্ষেত্ৰত নৈতিকতা, সময়ানুৱৰ্তিতা, সততা আদি কিছুমান বিশেষ মাপকাঠীৰ আধাৰত৷ এখন বিচাৰক সমিতিয়ে প্ৰাপ্ত মনোনয়নসমূহৰ পৰা বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰে৷
বিত্ত বিভাগৰ জ্যেষ্ঠ প্ৰশাসনীয় সহকাৰী মৃণাল শইকীয়াই তেওঁক প্ৰদান কৰা এই সন্মানৰ বাবে চৰকাৰখনক ধন্যবাদ জনাই অসম বাৰ্তাক কয়, “ মই ২০১৩ চনত কনিষ্ঠ প্ৰশাসনীয় সহকাৰী হিচাপে চাকৰিত যোগদান কৰি ২০১৯ চনত জ্যেষ্ঠ প্ৰশাসনীয় সহকাৰী পদলৈ পদোন্নতি পাওঁ৷ আজি মই অত্যন্ত সুখী৷ এয়া মই ইমান বছৰে সুচাৰুৰূপে কৰি অহা কামৰ স্বীকৃতি৷ এনে সন্মানে কৰ্মচাৰীসকলক প্ৰতিদিনৰ কামবোৰ নিয়াৰিকৈ কৰি যাবলৈ উৎসাহিত কৰিব৷”
গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ প্ৰশাসনীয় সহকাৰী কাকু গোস্বামীয়ে কয়, “মই ২০১০ চনত কনিষ্ঠ প্ৰশাসনীয় সহকাৰী হিচাপে চাকৰিত যোগদান কৰিছিলোঁ৷ সেই প্ৰথম দিনটোৰ পৰা মই মোৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰি আহিছোঁ৷ আজি মই কৰি অহা ভাল কামৰ স্বীকৃতি পাবলৈ সক্ষম হৈছোঁ৷”
যোৱা ৫ আগষ্টত সম্পন্ন হোৱা এই অনুষ্ঠানতে মিছন সদ্ভাৱনাৰ প্ৰথম পৰ্যায়ৰ সামৰণিও পৰে৷ দিছপুৰ খেলপথাৰত উপস্থিত হৈ জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে এই মিছনৰ অধীনত চৰকাৰে অসম সচিবালয়ত এতিয়ালৈকে ৩.২৪ লাখ ফাইলৰ ভিতৰত ২.৭৫ লাখ ফাইল সম্পৰ্কীয় সকলো আৱেদন নিষ্পত্তি কৰিছে৷ অৱশিষ্ট ফাইলসমূহৰ ভিতৰত কিছুসংখ্যক স্থায়ীভাৱে ৰখা হ’ব, কিছুমান সংগ্ৰহ কৰি ৰখা হ’ব৷ আনহাতে, গৰিষ্ঠসংখ্যক ফাইল নষ্ট কৰি পেলোৱা হ’ব৷ সিদিনাই তেওঁ জনতা ভৱনত ফাইল নষ্ট কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰে৷
লোকসেৱা বঁটাপ্ৰাপক মনীষ দাসে চৰকাৰৰ এই প্ৰচেষ্টাৰ কথা উনুকিয়ায়, “মোৰ সেৱাৰ আৰম্ভণিৰে পৰা মই অসম সচিবালয়ত কৰ্মচাৰী বিভাগৰ সৈতে জড়িত হৈ আছোঁ৷ মই লক্ষ্য কৰিছোঁ, বিশেষকৈ যোৱা এবছৰত, চৰকাৰে প্ৰশাসনক দক্ষ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সদ্ভাৱনাৰ জৰিয়তে এই লক্ষ্যত উপনীত হ’ব পৰা যাব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে ২ অক্টোবৰৰ পৰা অসম সচিবালয়ৰ সকলো কাম-কাজ ডিজিটেল বা ই- অফিচৰ জৰিয়তে সম্পন্ন হ’ব৷ এতিয়া অসমৰ যিকোনো ঠাই বা অসমৰ বাহিৰৰ পৰাও কোনো ব্যক্তিয়ে জনতা ভৱনলৈ নহাকৈয়ে চৰকাৰলৈ আৱেদন কৰিব পাৰিব৷
অনুষ্ঠানটোত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মুখ্য সচিব জিষ্ণু বৰুৱা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ উপস্থিত থাকে৷