গোলাঘাট জিলাৰ প্ৰগতিশীল কৃষক ৰূপম দাসে বিগত কেইবাটাও বছৰ ধৰি কৃষিকাৰ্যত মনোনিৱেশ কৰি আহিছে। ধান খেতি কৰি আৰ্থিকভাৱে টনকিয়াল হোৱা ৰূপম দাসে চৰকাৰৰ ধান ক্ৰয় পদক্ষেপৰ প্ৰতি আৰম্ভণিৰে পৰা সঁহাৰি আগবঢ়াই আহিছে বুলি অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক তেখেতে জনায়।
ৰূপমৰ দৰে আন কৃষকসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষতো ন্যূনতম সমৰ্থিত মূল্য ২,৩০০ টকা (প্ৰতি কুইণ্টল)ত ধান ক্ৰয়ৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে অসম খাদ্য আৰু অসামৰিক যোগান নিগম, ভাৰতীয় খাদ্য নিগম, নাফেদ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে জিলাসমূহত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰযোগে পঞ্জীয়নভুক্ত কৃষকৰ পৰা ধান ক্ৰয় কৰিছে।
এই ক্ৰয় ব্যৱস্থাৰ নিৰ্ধাৰিত নিয়মাৱলী সাপেক্ষে ধানখিনি পৰিষ্কাৰ আৰু শুকান হোৱাৰ লগতে ইয়াৰ আৰ্দ্ৰতা সৰ্বাধিক ১৭% হোৱা উচিত। এই চৰ্তাৱলী মানি ৰূপম দাসে এইবাৰ প্ৰায় ৬০০ কুইণ্টল ধান বিক্ৰী কৰিছে বুলি অৱগত কৰে।
“চৰকাৰৰ পদক্ষেপক আমি প্ৰশংসা কৰিবই লাগিব। পূৰ্বে আমি ১,৩০০-১,৪০০ টকাত মধ্যভোগীৰ ওচৰত ধান বিক্ৰী কৰিছিলোঁ। এতিয়া আমাৰ প্ৰাপ্যৰ মূল্য বৃদ্ধি পাইছে। ধান বিক্ৰী কৰাৰ বাবে আমি এতিয়া আন চিন্তা কৰিব নালাগে। ধান বিক্ৰী কৰি লাভ কৰা ধন মই খেতিৰ কামতেই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ,” ৰূপম দাসে কয়।
ধান খেতি কৰি আৰ্থিকভাৱে টনকিয়াল হোৱা গোলাঘাটৰ আন এগৰাকী কৃষক সুশান্ত বৰায়ো চৰকাৰৰ পদক্ষেপৰ দ্বাৰা উপকৃত হৈছে। ২০২৩-২৪ বৰ্ষৰ তুলনাত এইবাৰ তেখেতে বেছি পৰিমাণৰ ধান বিক্ৰী কৰিছে বুলি অসম বাৰ্তাৰ প্ৰতিৱেদকক জনায়।
সুশান্ত বৰাই কয়, “চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবেই আমাৰ দৰে খেতিয়কসকলে আশাৰ বাট এটি দেখিবলৈ পাইছে। আমি উৎসাহ পাইছোঁ আৰু ভৱিষ্যতে ন উদ্যমেৰে কাম কৰি যোৱাৰ পণ লৈছোঁ।” এই কথা সদৰী কৰি তেখেতে অধিক উৎপাদনশীল মনোভাবেৰে কৃষিকাৰ্যত মনোনিৱেশ কৰিব বুলি কয়।
এওঁলোকৰ দৰে লখিমপুৰৰ বেদান্ত কলিতায়ো ৭০ কুইণ্টল ধান বিক্ৰী কৰে। বিগত ১০ বছৰৰ পৰা খেতিৰ সৈতে জড়িত হৈ থকা বেদান্ত কলিতাই ধানৰ লগতে বিভিন্ন ৰবি শস্যৰো খেতি কৰি আহিছে আৰু অঞ্চলটোৰ আন খেতিয়কসকলকো অনুপ্ৰেৰণা যোগাই আহিছে।
কামৰূপ জিলাৰ ৰিচি শৰ্মাই ৪০০-৫০০ কুইণ্টল ধান বিক্ৰী কৰি তাৎক্ষণিকভাৱে প্ৰাপ্য ধনো লাভ কৰিছে।

“এইবছৰ আমাৰ ধান খেতিৰ উৎপাদনশীলতা বৃদ্ধি পাইছে। চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যই মোৰ দৰে কৃষকসকলক কৃষিকাৰ্যত শক্তিশালী ৰূপত আগুৱান হ’বলৈ প্ৰেৰণা যোগাইছে। আমি আশাবাদী যে কৃষক ৰাইজৰ বাবে চৰকাৰখনে অনাগত দিনতো আন আন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি যাব,” ৰিচি শৰ্মাই কয়।
জিলাখনৰ আন এগৰাকী খেতিয়ক অজয় বৈশ্যও ৰিচি শৰ্মাৰ কথাত সমৰ্থন আগবঢ়াই কয়, “মই তৃতীয়বাৰৰ বাবে ধান বিক্ৰী কৰিছোঁ। প্ৰতিবছৰে বৃদ্ধি পোৱা মূল্যই আমাক সকাহ দিছে। পূৰ্বে আমি কেতিয়াবা প্ৰায় ৫০০ টকাতো স্থানীয় বেপাৰীৰ ওচৰত ধান কৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু এতিয়া আমাৰ কষ্টৰ উচিত মূল্য পাইছোঁ।”
এই কথা সদৰী কৰি তেখেতে পুনৰ কয়, “মই নিজাববীয়াকৈ প্ৰায় ১০ বিঘা ভূমিত ধান খেতি কৰি আহিছোঁ। এইবাৰ প্ৰায় ২৫০ কুইণ্টল বিক্ৰী কৰিলোঁ। ইয়াৰ পৰা লাভ কৰা ধন মোৰ পৰিয়াল আৰু খেতিৰ কামত ব্যয় কৰিম বুলি ভাবিছোঁ।”
মাজুলীৰ ৰাতুল মিলি আৰু অজয় দাসেও ধান বিক্ৰী কৰি লাভান্বিত হৈছে। ৰাতুল মিলিয়ে প্ৰায় ১০০ কুইণ্টল আৰু অজয় দাসে দুবাৰকৈ প্ৰায় ১৫৩ কুইণ্টল আৰু ১৪৪ কুইণ্টল ধান বিক্ৰী কৰিছে।
ৰাতুল মিলিয়ে ধান বিক্ৰী কৰি লাভ কৰা ধনখিনি তেখেতৰ পুত্ৰ সন্তান দুটিৰ উচ্চ শিক্ষাৰ বাবে ব্যয় কৰিব বুলি অৱগত কৰে আৰু এই পদক্ষেপৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়।