মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আৰম্ভ কৰিছে ~ CM Flight” — Chief Minister’s Foreign Languages Initiative for Global Human Talent নামৰ শীৰ্ষক এখন বিশেষ আঁচনি। এই আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ যুৱসমাজক বিশ্বমঞ্চত প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোকক সমৰ্থন আগবঢ়োৱা। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টা হৈছে অসমক দক্ষ আৰু যোগ্য বৃত্তিগত কেন্দ্ৰত পৰিণত কৰাৰ দৃঢ় সংকল্পৰ প্ৰতিফলন।
দীর্ঘদিন ধৰি অসমৰ যুৱসমাজে হতাশাৰে ভৰা বাস্তৱৰ সন্মুখীন হৈছে। অসীম প্ৰতিভা আছে, কিন্তু সুযোগ সীমিত। শিক্ষা আৰু কৰ্মক্ষেত্ৰৰ সোঁতত বহু যুৱক-যুৱতীয়ে নিজৰ জন্মস্থান ত্যাগ কৰিছে, কিন্তু ৰাজ্যত সেই প্ৰতিভাক উচ্চমূল্যৰ পেচাত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰৰ অভাৱ আছিল। ‘চি এম ফ্লাইট’ আঁচনিখন সেই কাহিনীবোৰ সলনি কৰিবলৈ আৰম্ভ কৰা হৈছে।
এই আঁচনিৰ উদ্বোধনৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “প্ৰথম পৰ্যায়ত ১৮০গৰাকী যুৱক-যুৱতীক জাপানী ভাষা শিক্ষাৰ লগতে সাংস্কৃতিক দিশৰ শিক্ষা, কৰ্মসংস্থাপনত সহায় আৰু আৰ্থিক সহায়ৰ ব্যৱস্থা কৰা হ’ব। এই পদক্ষেপে অসম আৰু জাপানৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু যোগাযোগ তথা সম্পৰ্ক অধিক সুদৃঢ় কৰিব।”
তেখেতে লগতে কয় যে এই কাৰ্যসূচী উত্তৰ-পূব দক্ষতা কেন্দ্ৰ, গুৱাহাটীত পৰিচালিত হ’ব আৰু ইয়াৰ যোগেদি অসমৰ যুৱক-যুৱতীয়ে জাপানৰ কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু এনেদৰেই জীৱন যাত্ৰাত নতুন দিশ উন্মোচন হ’ব।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই উদ্যোগটো হৈছে জাপানৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ ফুকুশিৰো নুকাগাৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ ফলশ্ৰুতি; যাৰ আৰম্ভণি মুখ্যমন্ত্ৰীগৰাকীৰ এডভাণ্টেজ আছাম ২.০ৰ পূৰ্বে জাপান ভ্ৰমণৰ সময়ত হৈছিল। এই বৈঠকসমূহৰ ফলস্বৰূপে এছিয়ান ৱান কোম্পানী লিমিটেডৰ অধ্যক্ষ তোশিআকি নিশিকাৱায়ে প্ৰশিক্ষণ মাচুল ৩.৬ লাখ টকাৰ পৰা ১.৮ লাখ টকালৈ হ্ৰাস কৰিবলৈ একমত হয়।

চি এম ফ্লাইট পদক্ষেপৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিগৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণৰ বাবে ১ লাখ টকা আৰ্থিক সহায় প্ৰদান কৰিব। লগতে, প্ৰশিক্ষণ প্ৰদানকাৰী প্ৰতিষ্ঠানকো ৰূপায়ণৰ বাবে চৰকাৰী সহায় আগবঢ়াব। প্ৰশিক্ষণৰ পাছত, চাকৰি লাভ কৰা প্ৰাৰ্থীসকলক অতিৰিক্ত ৫০,০০০ টকা স্থানান্তৰ খৰচৰ বাবে প্ৰদান কৰা হ’ব।
🔹যুৱসমাজৰ বাবে আশা
“মই সদায় বিদেশত কাম কৰাৰ সপোন দেখিছিলোঁ, কিন্তু অসমতে থাকি এই সুযোগ পাম বুলি কল্পনাও কৰা নাছিলোঁ,” নগাঁৱৰ ঋত্বিকা বৰাই কয় — “এই কাৰ্যসূচীয়ে আমাৰ দৰে নিয়োগ প্ৰত্যাশী প্ৰাৰ্থীসকলক সঠিক দিশত আগবাঢ়িবলৈ এটি সুযোগ দিছে।”
যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অভিজিৎ হাজৰিকাই কয়, “আমাৰ প্ৰজন্মটো প্রযুক্তিত দক্ষ, কিন্তু গঠনমূলক দক্ষতাৰ অভাৱ আছে। চি এম ফ্লাইট প্ৰকল্পই আমাৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ দুৱাৰ মুকলি কৰিব বুলি মই নিশ্চিত।”
তথ্য
জাপানী ভাষা প্ৰশিক্ষণ পাঠ্যক্ৰম — ১.৮ লাখ টকা
অসম চৰকাৰৰ পৰা ১ লাখ টকা
জাপান চৰকাৰৰ পৰা ৫০ হাজাৰ টকা
এক্সিছ বেংকৰ পৰা ৩০,০০০ টকা বৈকল্পিক ঋণৰ সুবিধা
স্থানীয় প্ৰতিভাৰে আন্ত:ৰাষ্ট্ৰীয় সুযোগ
চি এম ফ্লাইট কেৱল প্ৰশিক্ষণ নহয়, এই উদ্যোগে অংশগ্ৰহণকাৰীসকলক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ আৰু প্ৰত্যক্ষ অভিজ্ঞতা লাভৰ সুযোগ দিব। বহু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱচামে বিশ্বমানৰ কৰ্মসংস্কৃতিৰ সৈতে পৰিচিত হ’ব পাৰিব।
প্ৰকল্পটোৱে মেণ্টৰশ্বিপ মডিউলো অন্তৰ্ভুক্ত কৰিছে, য’ত যুৱ প্ৰাৰ্থীসকলক বিদেশত কৰ্মৰত অভিজ্ঞ পেচাদাৰীসকলৰ সৈতে সংযোগ কৰা হ’ব, যাৰ ফলত দীৰ্ঘকালীন কৰ্মজীৱনতো সহায় কৰিব।
গুৱাহাটীৰ স্নেহা ৰয়ে কয়, “মই দেখিছোঁ যে মোৰ জ্যেষ্ঠসকলে বিদেশত কাম কৰিবলৈ গৈ সংস্কৃতি আৰু কৰ্মসংস্কৃতিৰ পাৰ্থক্যৰ বাবে সমস্যাৰ সন্মুখীন হয়। কিন্তু যদি আমি আগতেই মেণ্টৰশ্বিপ বা প্ৰশিক্ষণৰ জৰিয়তে পৰিচিত হ’ব পাৰোঁ, তেন্তে আমি অধিক আত্মবিশ্বাসী আৰু প্ৰস্তুত হ’ম।”
অসম চৰকাৰে এই কাৰ্যসূচীক কেৱল চাকৰি প্ৰদানৰ সুযোগ নহয়, এক সামাজিক সমতা স্থাপনকাৰী উদ্যোগ হিচাপেও গ্ৰহণ কৰিছে। এই পদক্ষেপে প্রতিগৰাকী যুৱক-যুৱতীক আগবাঢ়ি যাবলৈ সম সুযোগ প্ৰদান কৰিব।










