• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home প্ৰথম পৃষ্ঠা

চিন্তন শিবিৰ : চিন্তা আজিৰ, লক্ষ্য ২০২৬

AB Bureau by AB Bureau
October 1, 2022
in অসমীয়া, প্ৰথম পৃষ্ঠা
0
0
চিন্তন শিবিৰ : চিন্তা আজিৰ, লক্ষ্য ২০২৬

চিন্তন শিবিৰত কেইবাগৰাকী জ্যেষ্ঠ আমোলাই (ওপৰৰ ছবিত) অংশগ্ৰহণ কৰিছে

প্ৰায় তিনি সপ্তাহ পূৰ্বে অসমত কৰ্মৰত ভাৰতীয় লোকসেৱা আয়োগৰ এগৰাকী বিষয়াই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এখন বিশেষ পত্ৰ লাভ কৰে৷ এই পত্ৰখনত আছিল মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলক একেখন মঞ্চত একগোট কৰিবলৈ আয়োজন কৰা ‘চিন্তন শিবিৰ’ৰ বিশদ বিৱৰণ৷ এই সংগমৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ২০২৬ চনলৈকে এক ইতিবাচক দৃষ্টিভংগী নিৰ্ধাৰণ কৰা, যেতিয়া বৰ্তমানৰ চৰকাৰখনে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব৷ পত্ৰখনৰ অন্তৰ্নিহিত বাৰ্তাটো আছিল ‘লক্ষ্য ২০২৬’ত উপনীত হ’বলৈ প্ৰতিটো বিভাগে নিজৰ ৰণনীতি আৰু কাৰ্যপন্থা বিতংকৈ উল্লেখ কৰিব লাগিব৷ বিজ্ঞপ্তিখনত উল্লেখ আছিল যে প্ৰক্ৰিয়াগত আৰু অন্যান্য অৱৰোধসমূহ আঁতৰ কৰিবলৈ এক পৰিকল্পিত দৃষ্টিভংগীৰ প্ৰয়োজন হ’ব৷

চিন্তন শিবিৰত অংশগ্ৰহণ কৰা এই বিষয়াগৰাকীয়ে অসম বাৰ্তাক কয়, “আমি ইয়াত উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ৷ আমি বিজ্ঞপ্তিখন লাভ কৰাৰ ডেৰ সপ্তাহৰ ভিতৰত এটা দল গঠন কৰি লওঁ৷ আমাৰ নিজৰ নিজৰ বিভাগসমূহত যোৱা পাঁচ বছৰে হোৱা কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ ইজনে সিজনৰ লগত সমন্বয় স্থাপন কৰোঁ৷ আমি যোৱা পাঁচ বছৰে দেশৰ শীৰ্ষ পাঁচ ৰাজ্যৰ তুলনাত নিৰ্দিষ্ট কিছুমান প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নিজকে মূল্যাংকন কৰোঁ আৰু ২০২৬ চনলৈকে আমি কি লক্ষ্য পূৰণ কৰিবলৈ বিচাৰোঁ তাক স্থিৰ কৰি লওঁ৷”

চিন্তন শিবিৰত কেইবাগৰাকী কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলাই (ওপৰৰ ছবিত) অংশগ্ৰহণ কৰিছে

২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ আয়োজন কৰা এই তিনিদিনীয়া শিবিৰ হৈ পৰিছিল আধ্যাত্মিকতা, আত্মীয়তা আৰু ভৱিষ্যৎমুখী চিন্তা-চৰ্চাৰ সংগমস্থলী৷ এই শিবিৰত অংশগ্ৰহণ কৰা মন্ত্ৰী, জনপ্ৰতিনিধি তথা অধিকাৰীসকলৰ হৃদয়-মন প্ৰশান্তিৰে ভৰাই তোলে জগ্গী বাসুদেৱ (সদগুৰু) আৰু শ্ৰীশ্ৰী ৰবি শংকৰৰ দৰে আধ্যাত্মিক গুৰুৱে৷ বহুকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে এই বিশেষ অনুষ্ঠানৰ উচ্চ প্ৰশংসা কৰে৷

আধ্যাত্মিকতা এই শিবিৰৰ কেৱল এটা অংশহে আছিল৷ এই গুৰুত্বপূৰ্ণ শিবিৰত অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ শীৰ্ষ আমোলাসকলৰ লগতে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়কে আদি কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়ববীয়াসকল উপস্থিত আছিল৷ দেবৰয়ে বিষয়া তথা নীতি নিৰ্ধাৰকসকলৰ সৈতে এক বিশেষ বৈঠকত অংশ লয় আৰু অসমক ৰাজ্যৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা সংকল্পক সাৰ্থক কৰি তুলিবলৈ কিছুমান বিশেষ পন্থাৰ বিষয়ে আলোচনা কৰে৷ আমোলাসকলে এই বৈঠকসমূহৰ ইতিবাচক ফলাফলৰ সম্ভাৱনীয়তাক যথেষ্ট প্ৰশংসা কৰে৷

আন এগৰাকী জ্যেষ্ঠ বিষয়াই অসম বাৰ্তাক কয়, “আন আন বিষয়া তথা মন্ত্ৰীসকলৰ সৈতে সময় অতিবাহিত কৰি আমি এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ৷ বিশেষকৈ সামূহিক আৰু আন্তঃবিভাগীয় সহযোগিতা তথা সমন্বয়ৰ প্ৰয়োজন হোৱা বিষয়বোৰৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰাটো এটা গুৰুত্বপূৰ্ণ দিশ আছিল৷” তেওঁ কয় যে নিজৰ লক্ষ্য আৰু অগ্ৰাধিকাৰ সম্পৰ্কে চৰকাৰখনৰ স্থিতি স্পষ্ট হৈ আছে৷
“বৈঠকসমূহত প্ৰয়োজনীয় সম্পদ আৰু সীমাবদ্ধতা আদি সম্পৰ্কেও আলোচনা কৰা হৈছিল৷ আমি এই শিবিৰক কাৰ্য পৰিকল্পনা ৰূপায়ণৰ মঞ্চৰূপেও অভিহিত কৰিব পাৰোঁ৷”

এগৰাকী বিষয়াই লগতে পৰামৰ্শ আগবঢ়ায় যে এনে ধৰণৰ সমাৱেশৰ বাবে এই সময়সূচী অলপ দীঘলীয়া হোৱাৰ প্ৰয়োজন আৰু এনে অনুষ্ঠানত পৰিয়ালৰ সদস্যকো অন্তৰ্ভুক্ত কৰিব পৰা যায়৷
মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে অনানুষ্ঠানিক বৈঠকৰ জৰিয়তে এনে শিবিৰক আৰু অধিক আত্মীয়তাপূৰ্ণ কৰি তুলিব পাৰি৷

Caption: চিন্তন শিবিৰত কেইবাগৰাকী কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলাই (ওপৰৰ ছবিত) অংশগ্ৰহণ কৰিছে

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In