মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২ অক্টোবৰত ‘মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা’ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয় অনলাইন পৰিশোধ কৰাৰ বাবে মুকলি কৰা এই আঁচনিয়ে বহু লোকক উপকৃত কৰিব৷
এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চিজিএইচএছ)ৰ হাৰ অনুসৰি হিতাধিকাৰীৰ চিকিৎসা ব্যয় পৰিশোধ কৰা হ’ব ৷ উল্লেখযোগ্য যে হিতাধিকাৰীৰ বেংক একাউণ্টত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চিকিৎসা ব্যয় তথা বিল পোনপটীয়াকৈ প্ৰদান কৰা হ’ব৷ তদুপৰি পৰ্যায়ক্ৰমে নগদবিহীন ধন পৰিশোধৰ বিকল্পৰো ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত আঁচনিৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাই চৰকাৰৰ চিকিৎসা ব্যয় পৰিশোধৰ প্ৰক্ৰিয়াক সৰলীকৃত কৰি চৰকাৰী কৰ্মচাৰীক সকাহ দিব৷
তেখেতে কয় যে বৰ্তমান যিকোনো ব্যক্তিয়ে নিজ পছন্দ অনুসৰি যিকোনো চিকিৎসালয়ত চিকিৎসাৰ বাবদ বিল পৰিশোধ কৰিব পাৰে৷ পূৰ্বে বিলৰ সফল প্ৰক্ৰিয়াকৰণৰ বাবে কেৱল চৰকাৰী অনুমোদিত চিকিৎসালয়তহে এই সুবিধা প্ৰযোজ্য আছিল বুলি তেখেতে কয়৷
“এই আঁচনিখনৰ অধীনত চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ নগদবিহীন সুবিধা গ্ৰহণ কৰিবলৈ কাম চলি আছে৷ ৰ এপ্ৰিলৰপৰা সমগ্ৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আৰু চাংসাৰিস্থিত এইমছত চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা নগদবিহীন কৰি তোলা হ’ব৷ ২০২৪ চনৰ ২ অক্টোবৰৰপৰা দেশৰ অগ্ৰণী চিকিৎসালয়সমূহতো এই আঁচনিৰ অধীনত চিকিৎসা সেৱা নগদবিহীন কৰা হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ সুফল গ্ৰহণ কৰিবলৈ অনিচ্ছুক কৰ্মচাৰীৰ বাবে চিকিৎসা ব্যয় পৰিশোধৰ পুৰণি ব্যৱস্থাই কাৰ্যক্ষম হৈ থাকিব৷