চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱা শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশস্বৰূপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ইয়াৰ জৰিয়তে ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’লৈ উন্নীত কৰা হ’ব।
অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে এই সন্দৰ্ভত কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে সম্পূৰ্ণৰূপে স্বাস্থ্য সেৱা প্ৰদান কৰাৰ লগতে এক সুস্থ-সবল জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় বিভিন্ন দিশৰ বিষয়ে প্ৰচাৰ কৰিব। “প্ৰতিটো কেন্দ্ৰত ১২টা স্বাস্থ্য পেকেজৰ অধীনত সেৱা প্ৰদান কৰিবলৈ প্রশিক্ষিত একোগৰাকী কমিউনিটী হেল্থ অফিচাৰ থাকিব।”
এই স্বাস্থ্য কেন্দ্ৰসমূহত গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত যত্ন লোৱা, নৱজাতক আৰু শিশুৰ স্বাস্থ্যসেৱা, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যসেৱা, পৰিয়াল পৰিকল্পনা সেৱা, সংক্ৰামক ৰোগৰ ব্যৱস্থাপনা, সাধাৰণ ৰোগৰ বাবে বহিঃ চিকিৎসা সেৱা, অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, চকু আৰু নাক, কাণ তথা ডিঙিৰ চিকিৎসা, মুখৰ ৰোগৰ যত্ন, মানসিক স্বাস্থ্যৰ যত্ন, জৰুৰীকালীন চিকিৎসা সেৱা আৰু বয়সস্থ তথা দুৰাৰোগ্য ৰোগীৰ যত্ন আদি উপলভ্য থাকিব।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৪,৯৪৭টা স্বাস্থ্য কেন্দ্ৰ ইতিমধ্যে ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ হিচাপে উন্নীত কৰা হৈছে।
এই চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ আৰু নিদানৰ ব্যৱস্থা উপলভ্য হ’ব, প্ৰয়োজনীয় সঁজুলি, যন্ত্ৰ-পাতি আৰু সামগ্ৰী যোগান ধৰা হ’ব। লগতে আন্তঃগাঁথনি উন্নয়নৰ কাম কৰাৰ উপৰি চিকিৎসালয়সমূহত লেবাৰ ৰুম আৰু নৱজাতকৰ জৰুৰী চিকিৎসা ইউনিট (এনবিএছইউ) স্থাপন কৰা হ’ব বুলি সিংহলে জানিবলৈ দিয়ে।