অসমৰ চাহ উদ্যােগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ‘অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন আঁচনি’ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৪খন নিৰ্বাচিত চাহ বাগিচাক ২ কোটি টকাৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জনতা ভৱনত শেহতীয়াকৈ অনুষ্ঠিত এক কাৰ্যসূচীত অনুমোদন পত্ৰ প্ৰদান কৰা হয়। অসমৰ চাহ বাগিচাৰ আন্তঃগাঁথনি উন্নয়নেৰে চাহ ঐতিহ্যক সমৃদ্ধ কৰি উৎকৃষ্ট পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।
অসমৰ চাহ পৰ্যটনৰ বিপুল সম্ভাৱনাক সাৰোগত কৰি ৰাজ্য চৰকাৰে মিছন মোডত ৫০খন নিৰ্বাচিত চাহ বাগিচাক পৰ্যটনৰ গন্তব্যস্থলী হিচাপে গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। এই পদক্ষেপত চাহ বাগিচাৰ মাজত পৰ্যটকৰ সামগ্ৰিক অভিজ্ঞতা প্ৰাপ্তি বা অত্যাধুনিক সুবিধাসম্পন্ন বাংলোত থকাৰ সামগ্ৰিক অভিজ্ঞতা অন্তৰ্ভুক্ত কৰা হৈছে। আঁচনিৰ অন্তৰ্ভুক্ত বিভিন্ন সুবিধাসমূহ হ’ল: চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগেৰে ট্ৰেকিঙৰ ব্যৱস্থা, চাহৰ সোৱাদ ল’বৰ বাবে ব্যৱস্থা গ্ৰহণ, আধুনিক চাহ কাৰখানা ভ্ৰমণ কৰা, চাহৰ পাত তোলা কাৰ্যৰ অভিজ্ঞতাৰ সাক্ষী হোৱা ইত্যাদি।
এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ২২খন চাহ বাগিচাক ২ কোটি টকাকৈ প্ৰদান কৰা হৈছে আৰু শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৪খন চাহ বাগিচা সামৰি লোৱা হয়। চাহ বাগিচাসমূহক ঐতিহ্য আৰু ইয়াৰ অনন্যতা তথা বিশেষত্বৰ আধাৰত নিৰ্বাচিত কৰা হয়।
৫০% ৰাজসাহায্যযুক্ত (৫০% চাহ বাগিচা কৰ্তৃপক্ষই ব্যয় কৰিব) এই আঁচনিখন অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়ণ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ দ্বাৰা নিৰীক্ষণ কৰা হয়।
জনতা ভৱনত অনুমোদন পত্ৰ বিতৰণ কৰি পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ২০০ বছৰীয়া ঐতিহ্যমণ্ডিত চাহ উদ্যােগটিয়ে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ এই উদ্যোগটিত অযুত সম্ভাৱনা নিহিত হৈ আছে।
“গৰিমামণ্ডিত চাহ উদ্যোগৰ ২০০ বছৰৰ পাছতো বিভিন্ন সমস্যাৰ বাবে এই উদ্যোগটিৰ বিকাশ আশা কৰা অনুযায়ী সম্ভৱ হোৱা নাই। সম্ভাৱনাময় আমাৰ চাহ বাগিচাসমূহত সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰাৰ বিভিন্ন দিশ অনুৰ্ভুক্ত হৈ আছে আৰু ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে,” তেখেতে কয়।
চাহ বাগিচাত গ’ল্ফ কোৰ্ছ আৰু ঐতিহ্যমণ্ডিত বাংলোৰ সম্ভাৱনাৰ বিষয়তো তেখেতে আলোকপাত কৰে। বৰ্তমানৰ আন্তঃগাঁথনিসমূহ উন্নয়ন কৰাৰ লগতে বাগিচাসমূহৰ স্বকীয়তা ৰক্ষা কৰিবলৈ অনুমোদিত চাহ বাগিচাসমূহৰ পৰিচালনা সমিতিসমূহক পৰ্যটন মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
“প্ৰথম পৰ্যায়ত আঁচনিখনৰ সুবিধা লাভ কৰা চাহ বাগিচাসমূহে ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰিছে। নৱেম্বৰৰ পৰা আমি নদী পৰ্যটনৰ সম্ভাৱনাক নতুন দিশলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিম,” পৰ্যটন মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা চাহ উদ্যোগ আৰু চৰকাৰী বিষয়াসকলৰ উদ্দেশ্যে কয়।
————————————————————–