চাহ বাগিচা অঞ্চলসমূহত শিক্ষাৰ উৎকৰ্ষ সাধনৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৫ মে’ত শোণিতপুৰৰ এক অনুষ্ঠানত নতুনকৈ স্থাপন হোৱা ৯৬খন চাহ বাগিচা আদৰ্শ উচ্ছ মাধ্যমিক বিদ্যালয় ৰাইজৰ উদ্দেশ্যে উৎসৰ্গা কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰৰ ঘগৰা, ৰূপাজুলি, সোণাজুলি, নাহৰণি, ফুলবাৰী আৰু ঠাকুৰবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়কেইখনৰ শুভ উদ্বোধন কৰে৷ ৩০ মে’লৈকে এই উদ্বোধনী কাৰ্যসূচীত ভাগ লয় আন আন মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলে৷
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ কোনো এখন চৰকাৰে লোৱা এয়া হৈছে এনে প্ৰথমটো পদক্ষেপ৷ তেওঁ লগতে কয় যে এতিয়া শিক্ষাক আহিলা স্বৰূপে লৈ চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাট মুকলি হ’ব৷
“স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বাগিচাৰ শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ উদ্দেশ্যে চাহ বাগিচাত বিদ্যালয় স্থাপন কৰা হৈছে৷ এই পদক্ষেপে তেওঁলোকৰ বাবে উন্নত শিক্ষাৰ এটা যুগৰ সূচনা কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীয়ে এক জনসভাত ৰাইজক সম্বোধন কৰি কয় যে এই ৯৬খন আদৰ্শ বিদ্যালয়ত ১৪, ৫৯৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰাৰ লগতে প্ৰতিখন বিদ্যালয়ত ৮ গৰাকীকৈ শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছে৷
তেওঁ লগতে কয় যে চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক উন্নয়নৰ দিশত যিসকল বৰেণ্য ব্যক্তিয়ে অনবদ্য অৱদান আগবঢ়াইছে, এই শিক্ষানুষ্ঠানসমূহ তেওঁলোকৰ নামেৰে নামকৰণ কৰা হৈছে৷ তেজপুৰ-ঘগৰাত শ্বহীদ মাংৰি ওৰাং, ৰূপাজুলিত অমিয় কুমাৰ দাস আৰু সোণাজুলিত শ্বহীদ হেমলাল কালান্দিৰ নামেৰে চাহ বাগিচা উচ্চ বিদ্যালয়সমূহৰ নামকৰণ কৰা হৈছে৷ আগন্তুক শৈক্ষিক বৰ্ষত ৰাজ্য চৰকাৰে এই উচ্চ বিদ্যালয়সমূহক পৰ্যায়ক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব আৰু চাহ বাগিচা অঞ্চলৰ শিশুসকলৰ বাবে শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব৷
“পূৰ্বতে হোৱা ভুলবোৰক সংশোধন কৰাৰ ই এক নতুন প্ৰয়াস৷ যদি পূৰ্বৰ চৰকাৰসমূহে চাহ বাগিচা অঞ্চলত উচ্চ বিদ্যালয় স্থাপন কৰিলেহেঁতেন, তেন্তে ৰাজ্যখনো উপকৃত হ’লহেঁতেন”, তেওঁ আৰু কয় যে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়সমূহ ইংৰাজী মাধ্যমতো শিকোৱা হ’ব যাতে শিক্ষাৰ্থীসকলে উৎকৃষ্ট মানৰ শিক্ষা লাভ কৰি অনাগত ভৱিষ্যতৰ বাবে সাজু হ’ব পাৰে৷
চাহ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহৰ পৰিচালনাৰ বাবে, প্ৰতিখন বিদ্যালয়ৰ নামত ১ লাখ টকাকৈ ধাৰ্য কৰা হৈছে আৰু ইয়াৰে ২৫,০০০ টকা ইতিমধ্যে মুকলি কৰা হৈছে৷ এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন আৰু বিনামূলীয়া ইউনিফৰ্মো লাভ কৰিব৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যৎ সুনিশ্চিত কৰাৰ উদ্দেশ্যে অভিভাৱকসকলক তেওঁলোকৰ সন্তানক নিয়মিতভাৱে বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়৷ ‘জগন্নাথ সেৱা কেন্দ্ৰ’ স্থাপনৰ বাবে অসমৰ ৮০০ চাহ বাগিচাক ১ কোটি টকাকৈ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷