এবছৰৰ পূৰ্বৰ কথা, নতাশা কৰ্মকাৰ কামৰূপ মহানগৰৰ ডিগাৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল৷ অৱশ্যে নতাশাৰ বিদ্যালয়ৰ উপস্থিতি সেৰেঙা আছিল৷ আমচং চাহ বাগিচাৰ বাসিন্দা নতাশাৰ এখন চাইকেল নথকাৰ বাবে বিদ্যালয়লৈ যাবলৈ প্ৰতিদিনৰ গাড়ী ভাৰা যোগাৰ কৰা কঠিন আছিল৷
আনফালে শিৱসাগৰ নগৰৰপৰা প্ৰায় ১৭ কিল’মিটাৰ নিলগৰ ৰাজমাই চাহ বাগিচাৰ বহু ছাত্ৰ-ছাত্ৰী আকৌ বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে হাজিৰা কাম কৰিবলৈ ওলায় যায়৷
২০২২ চনৰ ২৬ মে’ত আমচং চাহ বাগিচা আদৰ্শ বিদ্যালয়খন স্থাপন হোৱাৰ পাছত নতাশাই এই বিদ্যালয়ত নামভৰ্তি কৰে৷ এই প্ৰতিৱেদকক তেওঁ কয়, “ইয়াত মোৰ বিদ্যালয়লৈ অহা-যোৱাৰ অসুবিধা নোহোৱা হ’ল৷ ছাৰ-বাইদেউসকলে আমাক ধুনীয়াকৈ পঢ়ায়৷”
চাহ বাগিচাৰ মন চুই যোৱা পৰিৱেশৰ মাজেৰে গৈ এই প্ৰতিৱেদক যেতিয়া ৰাজমাই চাহ বাগিচা আদৰ্শ বিদ্যালয়ত উপস্থিত হয়, সেই সময়ত ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ সভাৰ বাবে শাৰী পাতি আছিল৷
ৰাজমাই চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জিতেন নাথে কয়, “আমাৰ বিদ্যালয়ত বৰ্তমান ১৯৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷ এই সকলো ছাত্ৰ-ছাত্ৰী চাহ বাগিচাৰে৷ বিদ্যালয়খন হোৱাৰ পাছত তেওঁলোকৰ বিদ্যালয়লত উপস্থিতিৰ হাৰ বাঢ়িছে যদিও অভিভাৱকৰ অনীহা বা অন্যান্য আনুষংগিক কাৰণত কেতিয়াবা কিছুমান ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত সেৰেঙা হৈ পৰে৷ আমাৰ
শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈও পঢ়াশালিলৈ অহাৰ গুৰুত্বৰ বিষয়ে বুজায়৷”
বিদ্যালয়খনৰ শনিবৰীয়া চ’ৰাত ছাত্ৰ-ছাত্ৰীসকলক গান, আবৃত্তি, নৃত্য আদিও শিকোৱা হয়৷ এগৰাকী শিক্ষয়িত্ৰী গীতাৰাণী হাজৰিকাই কয় যে শনিবৰীয়া চ’ৰাই
ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছে৷
দিব্যাংগৰ বাবে শৌচালয় আদিৰ ব্যৱস্থাৰ সৈতে বিদ্যালয়খনৰ ভৱনটো বিজ্ঞানসন্মত বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়, “চৌহদটো যদিও অত্যাৱশ্যকীয় তথাপি চৌহদ এটা হ’লেই বিদ্যালয় এখন সম্পূৰ্ণ হৈ নুঠে৷ প্ৰশাসনীয় বা অন্যান্য আন্তঃগাঁথনিৰ কিছুমান অসুবিধা নথকা নহয়৷ অৱশ্যে চৰকাৰখনে খুঁটি পুটিছে যেতিয়া অতি সোনকালে সকলো ব্যৱস্থিত হৈ উঠিব যেন অনুভৱ হয়৷” তেওঁ লগতে কয়, “আমাৰ বিদ্যালয়ৰপৰা নৱজ্যোতি ফুলমাই, ৰামা ছ’নাৰি আদি বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে ফুটবল, হেণ্ডবল আদি খেলত জিলা আৰু ৰাজ্যক প্ৰতিনিধিত্ব কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷”
ৰাজমাইৰ পৰা প্ৰায় ১০ কিল’মিটাৰ পশ্চিমে অৱস্থিত খঙীয়া চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত আন এটা ভৱন নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে৷ এই প্ৰতিৱেদক বিদ্যালয়ত উপস্থিত হওঁতে ভাৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ গগৈ বহি আছিল ‘মাদল’ত৷ গুণোৎসৱত ‘এ’ গ্ৰেড পোৱা বিদ্যালয়খনত মূল্যাংকনৰ সময়ত প্ৰতিটো কক্ষৰ এটা বিশেষ নামফলক আঁকি দিয়া হৈছিল – ‘মাদল’, ‘সুৱাগমণি’, ‘চিফুং’ আদি৷
নাৰায়ণ গগৈয়ে কয়, “বিদ্যালয়খনত ১৯১গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৮গৰাকী শিক্ষক আছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়াকৈ বিদ্যালয়লৈ অহাৰ বাবে শিক্ষক-শিক্ষয়ত্ৰীসকলে যথেষ্ট কষ্ট কৰে৷ বিদ্যালয়খন হোৱাৰে পৰা বাগিচাৰ ল’ৰা-ছোৱালীসমূহৰ যথেষ্ট সুবিধা হৈছে৷”
আমচং চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষ কৃতী শিক্ষকৰ বঁটাপ্ৰাপক উপেন গোস্বামীৰ বাবে তেওঁৰ ২২ বছৰীয়া শিক্ষকতা জীৱনৰ এই বছৰটো আছিল এক নতুন অভিজ্ঞতাৰে সমৃদ্ধ৷
পাঁচটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপক অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে, “এই বিদ্যালয়খন হোৱাৰ পূৰ্বে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে ডিগাৰুৰ এখন বিদ্যালয়লৈ যাবলগীয়া হৈছিল৷ সেইখন বিদ্যালয়লৈ দূৰত্ব অধিক হোৱাৰ বাবে ড্ৰপ-আউটৰ সংখ্যা এই অঞ্চলত যথেষ্ট আছিল৷ অৱশ্যে এই চাহ বাগিচা আদৰ্শ বিদ্যালয়খনে এনে বহু সমস্যা হ্ৰাস কৰিছে৷” তেওঁ কয়, “চাহ বাগিচা অঞ্চলত বহু আৰ্থ-সামাজিক সমস্যা নথকা নহয়৷ চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহে এই সমস্যাবোৰ পাৰ কৰি আগবাঢ়িবলৈ বহুদূৰ বাকী যদিও শিক্ষাৰ ক্ষেত্ৰত এক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিছে যেন অনুভৱ হয়৷” তেওঁ লগতে কয়, “বৰ্তমান আমাৰ বিদ্যালয়ত ৮০ শতাংশ চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী আৰু লগতে তিৱা জনগোষ্ঠীৰো বহু ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে৷”
শিৱসাগৰৰ জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে কয়, “যিহেতু আমি চাহ বাগিচা আদৰ্শ বিদ্যালয় বুলি উল্লেখ কৰিছোঁ, সেয়ে বাগিচা এখনৰ বাসিন্দাসকলে বিদ্যালয়খনক নিজৰ বিদ্যালয় হিচাপে আঁকোৱালি লৈছে৷ বিদ্যালয়সমূহক যিধৰণেৰে নিৰ্মাণ কৰা হৈছে সেই বাহ্যিক ৰূপটোৱেও ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছে৷ বৰ্তমান শিৱসাগৰত ৫খন আৰু চৰাইদেউত ৪খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আছে৷ ভাল কৰিবলগীয়া যথেষ্ট আছে আৰু সেইদিশত চৰকাৰে কাম কৰি থকা আমি লক্ষ্য কৰিছোঁ৷” তেওঁ বিশেষভাৱে উল্লেখ কৰি কয় যে, “চাহ বাগিচা শ্ৰমিকসকলৰ সন্তানে ঘৰুৱা তত্ত্বাৱধান যথেষ্ট কমকৈ লাভ কৰে৷ এই বিদ্যালয়সমূহে তেওঁলোকক যথেষ্ট সহায় কৰিছে, বিশেষকৈ মানসিকভাৱে৷”