ডিব্ৰুগড় জিলাৰ কামাখ্যাবাৰী চাহ বাগিচাৰ বাসিন্দা ভানু ভূমজীয়ে বহুদিনৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপত ভূগি আহিছে। তেখেতৰ ঘৰ দূৰৱর্তী অঞ্চলত হোৱা কাৰণে নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ অহা-যোৱা কৰাটো কঠিন হৈ পৰিছিল। কিন্তু মোবাইল মেডিকেল ইউনিট (এম এম ইউ) চাহ বাগিচালৈ আহি চিকিৎসা সেৱা প্ৰদান কৰাৰ পাছত ভানুৰ জীৱনত নতুন আশাৰ ৰেঙনি দেখিবলৈ পোৱা গ’ল।
“আমাৰ ওচৰত পৰীক্ষা কেন্দ্ৰ নথকাৰ বাবে মই দুই-তিনিটা মাহৰ পাছত এবাৰ চুগাৰৰ পৰীক্ষা কৰিছিলোঁ। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। এম এম ইউ ভেনখন প্ৰতি মাহে কমেও দুবাৰ চাহ বাগিচালৈ আহে, য’ত মই তৎক্ষণাত মোৰ পৰীক্ষাৰ ফলাফল লাভ কৰোঁ। এই ভেনত চিকিৎসকো থাকে, যিয়ে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে,” ভানুৱে ‘অসম বাৰ্তা’ৰ প্ৰতিৱেদকক জনায়। তেখেতে লগতে কয়, “জ্বৰ, কাঁহ, ডায়েৰিয়া আদিকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসা এই ভেনটেই কৰিব পাৰি।”
নিয়মীয়া চিকিৎসা সেৱাৰ ফলত ভানুৰ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ যথেষ্ট উন্নতি ঘটিছে। “এই এম এম ইউ আমাৰ বাবে আশীৰ্বাদস্বৰূপ। এতিয়া চিকিৎসাৰ বাবে দূৰলৈ যাব নালাগে,” তেখেতে কয়। ভানুৱে আশা কৰে যে এই সেৱা অনাগত বছৰবোৰৰ বাবেও অব্যাহত থাকিব।

বলাই চাহ বাগিচাৰ বলাক কৰ্মকাৰো এম এম ইউৰ চিকিৎসাৰ বাবে সন্তুষ্ট। তেখেতে কয়, “এই সেৱা আমাৰ বাবে যথেষ্ট সহায়ক। চিকিৎসকৰ পৰামৰ্শৰ বাবেই আমাৰ স্বাস্থ্য উন্নত হৈছে।”
ভানু, বলাকহঁতৰ দৰেই চাহ বাগিচাৰ ৰাইজে এই মোবাইল মেডিকেল ইউনিটৰ সুবিধা লাভ কৰিছে। শ্ৰম বিভাগে “হান্স ফাউণ্ডেশ্যন”ৰ সৈতে এক বুজাবুজিৰ চুক্তিৰ জৰিয়তে পৰৱৰ্তী সময়ত এই হান্স মোবাইল মেডিকেল ইউনিট প্ৰকল্প আৰম্ভ কৰিছে।
এই বুজাবুজিৰ চুক্তিৰ অধীনত অ’ পি ডি পৰামৰ্শ, বিনামূলীয়া ঔষধ, চিকিৎসা পৰীক্ষা, কাউন্সেলিং আৰু স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে কার্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান ৫খন জিলাৰ (ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ) ১৯৪খন চাহ বাগিচাত এই সেৱা উপলভ্য।
২০২৪ চনৰ ১১ জুনত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পৰা বৰ্তমানলৈ ৩৯খন মোবাইল মেডিকেল ইউনিটে মুঠ ৩৪,৯৮৯টা অ’ পি ডি শিবিৰৰ আয়োজন কৰিছে আৰু ১,৮২,১৫৯গৰাকী ৰোগীৰ চিকিৎসা কৰিছে। এম এম ইউসমূহে দক্ষ লেব টেকনিচিয়ানৰ দ্বাৰা পৰিচালিত উচ্চ প্ৰযুক্তিৰ লেব মেচিনৰ জৰিয়তেও ৭০,৭৫৮টা ৰোগ নিৰ্ণয়ৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰি দলটোৱে ৫৮৮টা ঘৰ ভ্ৰমণ কৰি আৰ্তজনক অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা আগবঢ়াইছে। উল্লেখযোগ্য যে ২,৮৪৪গৰাকী ৰোগীক উচ্চ চিকিৎসাৰ বাবে চিনাক্ত কৰি উন্নত সুবিধাৰ বাবে প্ৰেৰণো কৰা হৈছে।
ডিব্ৰুগড়ৰ সহকাৰী শ্ৰম আয়ুক্ত অভিনন্দন বৰঠাকুৰে এই পদক্ষেপক গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰে। “এই পদক্ষেপে দূৰৱর্তী চাহ বাগিচাৰ লোকসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিছে। কেৱল আধুনিক স্বাস্থ্য সেৱা তেওঁলোকক প্ৰদান কৰাই নহয়, এম এম ইউত কাম কৰা যুৱক-যুৱতীসকলো যথেষ্ট দক্ষ। তদুপৰি চিকিৎসকসকলে কেৱল ঔষধেই প্ৰদান নকৰে, ৰোগীক সঠিক পৰামৰ্শ দি তেওঁলোকৰ স্বাস্থ্যৰ সময়ে সময়ে বুজ লয়,” বৰঠাকুৰে কয়।
তেখেতে লগতে জনায়, “প্ৰত্যেকটো এম এম ইউ শিবিৰত কমেও ৫০গৰাকী লোক উপস্থিত থাকে। পূৰ্বে ৰোগৰ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হৈছিল, কিন্তু এতিয়া সকলোৱে তাৎক্ষণিকভাৱে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল পাই স্বাস্থ্য সম্পৰ্কে সজাগ হ’ব পাৰিছে।”
হান্স ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ কাপুৰে ‘অসম বাৰ্তা’ক জনায়, “আমাৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদান কৰা, বিশেষকৈ অসমৰ চাহ বাগিচাবাসীক এই দিশত উপকৃত কৰাটোৱেই আমাৰ লক্ষ্য। বৰ্তমান ৭৫খন এম এম ইউ ভেন চলি আছে, যাৰ সংখ্যা আগন্তুক দিনত বৃদ্ধি কৰা হ’ব। লগতে দিব্যাংগ লোকসকলৰ বাবে বিশেষ থেৰাপী বাছৰ ব্যৱস্থা, বিনামূলীয়াকৈ ডায়েলাইছিছ সেৱাৰ বাবে হান্স ৰেনাল কেয়াৰ চেণ্টাৰ স্থাপন আৰু চাহ বাগিচাৰ বিদ্যালয় উন্নীতকৰণৰ ব্যৱস্থা কৰা হ’ব।”
উন্নত চিকিৎসা সেৱাৰ বাবে ৪খন এম এম ইউ-ত প’র্টেবল এক্সৰে মেচিন সংযোজন কৰা হৈছে, যিয়ে ভিতৰুৱা অঞ্চলৰ চিকিৎসাৰ গুণগত মান অধিক উন্নত কৰিব।
