অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীস্থিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত ৮,০০০ৰো অধিক শিল্পীয়ে একেলগে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰাৰ মুহূৰ্তটো অতি সজীৱ হৈ ৰ’ব। এই অনুষ্ঠানটি হৈছে অসমৰ বৰ্ণিল সংস্কৃতিৰ প্ৰতিফলন আৰু চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ বিশ্বাস-পৰম্পৰা-ঐতিহ্যৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন।
ঝুমইৰ : পৰম্পৰাত শিপাই থকা এটি নৃত্য
ঝুমইৰ অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ লগত গভীৰভাৱে জড়িত। চাহ বাগিচাত শ্ৰমিকসকলে কষ্টকৰ কাম কৰাৰ পাছত ই এক বিনোদনৰ এক মাধ্যম হিচাপে বিকশিত হৈছিল। শস্য চপোৱাৰ অংশ হিচাপে কৰম পূজা তথা টুছু পূজাৰ দৰে উৎসৱত এই নৃত্য পৰিৱেশন কৰা হয়, যি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু শস্যক সমৃদ্ধি আৰু প্ৰচুৰতাৰ প্ৰতীক হিচাপে মান্যতা দিয়ে।
ঝুমইৰ নৃত্যৰ উৎপত্তি অসমৰ চাহ উদ্যোগৰ লগত গভীৰভাৱে জড়িত। ১৮২৩ চনত ৰবাৰ্ট ব্ৰুছে অসমত চাহৰ সন্ধান পোৱাৰ পাছত ব্ৰিটিছসকলে ৰাজ্যখনত বৃহৎ পৰিমাণৰ চাহ খেতিৰ সম্ভাৱনা চিনাক্ত কৰে। শ্ৰমিকৰ অভাৱ পূৰণ কৰিবল তেওঁলোকে বৰ্তমানৰ ঝাৰখণ্ড, বিহাৰ, ওড়িশা, পশ্চিমবংগ, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ পৰা শ্ৰমিকসকলক অসমলৈ লৈ আহিছিল। সেই সময়তে চাহ জনগোষ্ঠীয় সমাজখন গঠন হয় আৰু তেওঁলোকৰ নিজস্ব সামাজিক-সাংস্কৃতিক পৰিচয় বিকশিত হয়। ঔপনিবেশিক শাসনৰ প্ৰভাৱ তথা আন বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ পৰম্পৰা জীয়াই ৰাখিছিল, য’ত ঝুমইৰ নৃত্য এক সাংস্কৃতিক আৰু কলাসুলভ প্ৰতীক হিচাপে উদ্ভৱ হৈছিল।
অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দৰে মহান ব্যক্তিসত্তাই ঝুমইৰক চাহ বাগিচাৰ ভিতৰতেই সীমাবদ্ধ নাৰাখি অসমত প্ৰচলিত লোক-সংস্কৃতিৰ অংশ হিচাপেও ইয়াৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
ঝুমইৰৰ বিশেষত্ব
ঝুমইৰ কেৱল এক নৃত্য নহয়; এয়া হৈছে পৰিচয়, ঐতিহ্য আৰু বিশ্বাসৰ প্ৰতিফলন। এই নৃত্য শিল্পীসকলে খালী ভৰিৰে পৰিৱেশন কৰে, যিয়ে তেওঁলোকৰ আপোন মাটিৰ সৈতে গভীৰ সংযোগক প্ৰতিনিধিত্ব কৰে। মহিলা নৃত্যশিল্পীসকলে ৰঙা পাৰি থকা শাৰীৰে সজ্জিত হয় আৰু পৰম্পৰাগত গহনাৰে নিজৰ সৌন্দৰ্য প্ৰকাশ কৰে। তেওঁলোকৰ নৃত্য পৰিৱেশনে চাহপাত সংগ্ৰহ কৰাৰ মুহূৰ্তখিনিক সজীৱ কৰি কঠোৰ পৰিশ্ৰমক শৈল্পিক সৌন্দৰ্যৰ ৰূপ দিছে।
ঝুমইৰ নৃত্য : ঐতিহ্য, বিশ্বাস, পৰম্পৰাৰ প্ৰতিফলন
ঝুমইৰ সাধাৰণতে মুকলি ঠাইত পৰিৱেশন কৰা হয়, য’ত নৃত্যশিল্পীসকলে অর্ধবৃত্ত বা শাৰী শাৰীকৈ সংগঠিতৰূপত নৃত্য পৰিৱেশন কৰে। মহিলা শিল্পীসকলে নৃত্য পৰিৱেশন কৰোঁতে পুৰুষ শিল্পীসকলক গায়ক তথা বাদ্যযন্ত্ৰীৰ ৰূপত দেখিবলৈ পোৱা যায়। ঢোল, মাদল, ধামচা, বাঁহী আদি বাদ্যযন্ত্ৰৰ সুৰত এই নৃত্য জীৱন্ত হৈ উঠে।
ঝুমইৰ নৃত্যৰ সৌন্দৰ্যৰ উপৰি ইয়াৰ গভীৰ অৰ্থৱহ গীতসমূহৰ বাবেও ই বিশেষ হৈ উঠিছে। এই গীতসমূহে অসমৰ চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ সংগ্ৰাম, আনন্দৰ কাহিনীবোৰ কৈ যায়। সময়ৰ লগে লগে এই লোককলাক তেওঁলোকৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে।
ঝুমইৰ বিনন্দিনীৰ প্ৰস্তুতি
এই বৃহৎ অনুষ্ঠানৰ প্ৰস্তুতি ২০২৫ চনৰ জানুৱাৰী মাহত সমষ্টি পৰ্যায়ত আৰম্ভ হৈছিল, য’ত বিভিন্ন চাহ বাগিচাৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছত চাৰিটা মণ্ডলভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছিল, য’ত প্ৰায় ৮,০০০গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছিল। পৰিকল্পনাৰ সফল ৰূপায়ণৰ বাবে ৩৫০গৰাকী মাষ্টাৰ ট্ৰেইনাৰক দায়িত্ব দিয়া হৈছিল, যিয়ে নৃত্যশিল্পীসকলক প্ৰশিক্ষণ দিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা সফলভাৱে ৰূপায়ণৰ বাবে এই পৰ্যায়সমূহ সুকলমে সম্পন্ন কৰা হৈছিল।
প্ৰত্যেক নিৰ্বাচিত দলত ৩২ গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছিল—২৫গৰাকী নৃত্যশিল্পী, ৬গৰাকী বাদ্যযন্ত্ৰী আৰু ১গৰাকী ৰসিক (Rasika)। নিৰ্বাচন প্ৰক্ৰিয়া এক নিৰ্ধাৰিত নিয়মৰ মাজেৰে পৰিচালনা কৰা হৈছিল, য’ত প্ৰাৰ্থীসকলে নিজৰ পৰিচয়, বেংক সম্পৰ্কীয় তথ্য আৰু স্বাস্থ্যসম্পৰ্কীয় যোগ্যতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিছিল। মণ্ডলভিত্তিক নৃত্য প্ৰদৰ্শন ৩ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী ২০২৫ চনলৈ অনুষ্ঠিত হৈছিল, য’ত অভিজ্ঞ প্রশিক্ষকৰ তত্ত্বাৱধানত পৰিৱেশনসমূহ সু-সমন্বিত কৰা হৈছিল। জিলা প্ৰশাসনে সকলো সহযোগিতা আগবঢ়াই স্থান নিৰ্ধাৰণ, অ’ডিঅ’-ভিজুৱেল ব্যৱস্থা, চিকিৎসা ক্ষেত্ৰত সহায় আদিৰ দিশ নিশ্চিত কৰিছিল।
২৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে অনুষ্ঠিত চূড়ান্ত অনুষ্ঠানৰ বাবে নিৰ্বাচিত সকলো শিল্পী ২০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিল। অনুষ্ঠানৰ সফল পৰিচালনাৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত এক কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছিল।
অসমৰ চাহ ঐতিহ্যলৈ সন্মান প্ৰদৰ্শন
এই অনুষ্ঠানটি অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া যাত্ৰা উদযাপনৰ এক গৌৰৱময় মুহূৰ্ত আছিল। ৮০০ৰো অধিক চাহ বাগিচা থকা অসমৰ চাহ উদ্যোগে ৰাজ্যখনৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশৰূপে নিজক প্ৰতিষ্ঠা কৰিছে। ঝুমইৰ বিনন্দিনী অনুষ্ঠানটি চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ অৱদানৰ প্ৰতি যোগ্য সন্মান আছিল, যিয়ে অসমৰ চাহ ঐতিহ্য গঢ়ি তোলাৰ ক্ষেত্ৰত অপৰিসীম অৰিহণা আগবঢ়াইছে।
অসমৰ চাহৰ কথা বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰাৰ সময়তে ঝুমইৰেও ইয়াৰ স্বকীয় গৰিমাৰে জিলিকি উঠিছে। এই নৃত্যশৈলীয়ে এখন সমাজৰ কাহিনী কৈ যায়, যিয়ে অসংখ্য প্ৰত্যাহ্বানৰ মাজতো নিজৰ সাংস্কৃতিক পৰিচয় জীয়াই ৰাখিবলৈ সক্ষম হৈছে।
মই গৌৰৱান্বিত যে এই বৃহৎ আয়োজনৰ নেতৃত্ব দিয়াৰ সুযোগ পাইছিলোঁ, য’ত কেৱল প্ৰতীকী অৰ্থতেই নহয়, বাস্তৱ সমন্বয়ো প্ৰদৰ্শিত হৈছিল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত। এনেদৰেই আমি সমন্বয়ৰ বাণীৰে ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীক আগুৱাই নিছোঁ।
(লেখক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী)