অহা নৱেম্বৰলৈ অতি উদগ্ৰীৱ হৈ অপেক্ষা কৰি আছে গোলাঘাটৰ মহিমা চাহ বাগিচাৰ ডলী কুৰ্মী। চাহ জনজাতিৰ হৃদয়ৰ আপোন ঝুমইৰক লৈ অসম চৰকাৰৰ বৃহৎ আয়োজনত ডলীয়ে অংশগ্ৰহণ কৰাৰ কথা।
“এয়া সঁচাকৈয়ে অতি আনন্দৰ কথা যে বিহুৰ পাছত এইবাৰ অসম চৰকাৰে ঝুমইৰক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাহ জনজাতিৰ সংস্কৃতি আৰু পৰম্পৰা প্ৰায় ২০০ বছৰ পুৰণি আৰু এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়,’’ ডলীয়ে অসম বাৰ্তাৰ এই প্ৰতিৱেদকক কয়। তেওঁ লগতে উল্লেখ কৰে, “চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে ঝুমইৰ সৰুৰে পৰা মোৰ জীৱনৰ এটা অংশ হৈ আহিছে। ইয়াৰ ছন্দ আৰু সংগীতৰ মাদকতা প্ৰতিমুহূৰ্ততে মোৰ মনত বাজি থাকে। এয়া কেৱল এক প্ৰদৰ্শন নহয়, এয়া হৈছে আমাৰ সাংস্কৃতিক শিপাডালৰ এক পৰিচয়। এই পদক্ষেপে যুৱ প্ৰজন্মক প্ৰেৰণা প্ৰদান কৰিব।”
সৰুৰে পৰা ঝুমইৰ নাচি অহা ডলীয়ে কয়, “এজনী আদিবাসী ছোৱালী হিচাপে আমাৰ সংস্কৃতিক এনে এখন মঞ্চত প্ৰদৰ্শন কৰিবলৈ পোৱাটো গৌৰৱৰ কথা।”
“ডিব্ৰুগড়ৰ এগৰাকী মাষ্টাৰ প্ৰশিক্ষক মৈত্ৰী চাযাই উৎসাহিত হৈ কয়, “মই উৎসাহিত হৈ আছোঁ যদিও অলপ উগুল-থুগুল নলগা নহয়। মোৰ বিশ্বাস যে এই পদক্ষেপে বিশ্ববাসীৰ সন্মুখত আমাৰ সংস্কৃতিৰ পৰিচয় প্ৰদান কৰিব” -ডলী কুৰ্মী
“চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে ঝুমইৰ সৰুৰে পৰা মোৰ জীৱনৰ এটা অংশ হৈ আহিছে। ইয়াৰ ছন্দ আৰু সংগীতৰ মাদকতা প্ৰতিমুহূৰ্ততে মোৰ মনত বাজি থাকে। এয়া কেৱল এক প্ৰদৰ্শন নহয়, এয়া হৈছে আমাৰ সাংস্কৃতিক শিপাডালৰ এক পৰিচয়। এই পদক্ষেপে যুৱ প্ৰজন্মক প্ৰেৰণা প্ৰদান কৰিব।”
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথে অসম বাৰ্তাক কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ দৰে অসমৰ ৮১৭খন চাহ বাগিচাৰ প্ৰায় ৮০০০গৰাকী শিল্পীয়ে একেলগে এই ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিব।
তেখেতে কয়, “সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিশানৰ সৈতে হোৱা আলোচনাৰ পাছত অনুষ্ঠানৰ বাবে এখন এছঅ’পি প্ৰস্তুত কৰা হৈছে।”
“এই এছঅ’পি অনুসৰি মহিলা অংশগ্ৰহণকাৰীসকলৰ বয়স ১৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত আৰু পুৰুষ অংশগ্ৰহণকাৰীসকলৰ বয়স ১৫ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। ২০০ৰো অধিক মাষ্টাৰ প্ৰশিক্ষক অনুষ্ঠানটিৰ বাবে নিয়োগ কৰা হ’ব। ৮৪টা বিধান সভা সমষ্টিত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে দুজনকৈ মাষ্টাৰ প্ৰশিক্ষক নিয়োগ কৰা হ’ব,” মীনাক্ষী দাস নাথে কয় ।
তেওঁ লগতে কয়, “”সকলো অংশগ্ৰহণকাৰীয়ে দক্ষতা-স্তৰৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব আৰু এই প্ৰমাণপত্ৰখনে তেওঁলোকক বিভিন্ন ধৰণে লাভান্বিত কৰিব। ইয়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়ৰ সুযোগ লাভ কৰি ঝুমইৰ প্ৰদৰ্শনকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিব পাৰিব আৰু সাংস্কৃতিক পৰ্যটন বৃদ্ধিত অৰিহণা যোগাব পাৰিব।”
সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে, “মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ সুৰক্ষা আৰু প্ৰচাৰৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰে গীনিজ বিশ্ব অভিলেখ গঢ়া বিহুনাচৰ আৰ্হিত এই এই বৃহৎ ঝুমইৰ প্ৰদৰ্শনৰ আয়োজন কৰিছে। এই পদক্ষেপ দুই শতিকা পুৰণি চাহ জনজাতিৰ সামাজিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক পটভূমিত এক শ্ৰেষ্ঠ সংযোজন হ’ব।”
এগৰাকী ঝুমইৰ বিশেষজ্ঞ আৰু মূল সমিতিৰ সদস্য ভগীৰথ কৰণে এই প্ৰতিৱেদকক কয় যে ঝুমইৰ অসম সংস্কৃতিৰ এক অভিন্ন অংশ হৈ পৰিছে। হাজাৰ হাজাৰ নাচনী (নৃত্যশিল্পী) আৰু ঢুলীয়াৰ সৈতে এই বৃহৎ ঝুমইৰ প্ৰদৰ্শন আয়োজন কৰাটো এক প্ৰশংসনীয় পদক্ষেপ।”