৩০ নৱেম্বৰত গুৱাহাটী ভ্ৰমণ কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে উৎপাদক সংগঠন, শ্ৰমিক সংগঠন আৰু উপভোক্তা সংগঠনৰ প্ৰতিনিধিসহ অসমৰ চাহ উদ্যোগৰ অংশীদাৰসকলক সাক্ষাৎ কৰে। এই আলোচনাৰ সময়ত, অংশীদাৰসকলে চাহ উদ্যোগে মুখামুখি হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে তেওঁক অৱগত কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত চাহ উদ্যোগটোক কেৱল বাণিজ্যিক কাৰ্যকলাপৰ লগতে অসমীয়া জীৱনৰ আয়ুসৰেখা হিচাপে অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে চাহ খণ্ডটোত প্ৰায় ৪০ লাখ ব্যক্তি প্ৰত্যক্ষভাৱে জড়িত আছে। তেখেতে ৰাজ্যখনৰ অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত চাহ উদ্যোগটোৰ প্ৰভাৱৰ বিষয়েও উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চাহ উদ্যোগে যে বৰ্তমান সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলগীয়া হৈছে সেই বিষয়ে উল্লেখ কৰি কয় যে এই সমস্যাসমূহৰ সমাধানৰ বাবে সহযোগিতামূলক, একত্ৰিত দৃষ্টিভংগীৰ প্ৰয়োজণ। ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ চাহ শ্ৰমিক আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ বিষয়ে আলোকপাত কৰি কয় যে চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ১,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰে ৪০০ কোটি টকা আবণ্টন কৰা হৈছে ৰাজ্যখনৰ চাহ কৰ্মচাৰীৰ উন্নত স্বাস্থ্য আৰু শিক্ষাসেৱা নিশ্চিত কৰাৰ বাবে।