সেউজ পৰিৱেশ সৃষ্টিৰে ৰাজ্যত এক বহনক্ষম ভৱিষ্যৎ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চলিত বৰ্ষৰ ৮ জুনত কামৰূপ জিলাৰ চানডুবি অঞ্চলত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় অমৃত গছপুলি ৰোপণ অনুষ্ঠান৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু ৰাজ্যৰ ফাৰ্ষ্ট লেডী অনিতা কাটাৰিয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণ কাৰ্যসূচীৰ লগতে এখন জনসভাতো অংশ লয়৷ এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে ৰাজ্যৰ সাংসদ, বিধায়ক তথা জ্যেষ্ঠ বিষয়াসকলে ৫০০তকৈও অধিক গছপুলি ৰোপণ কৰে৷
অনুষ্ঠানত জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বিষয়ত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নৱীকৰণযোগ্য শক্তিৰ যথাযথ ব্যৱহাৰৰ কথা উল্লেখ কৰে৷ ইয়াৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ২ অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ বিশেষ দিনটোত ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
“অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে ১ কোটি গছপুলি ৰোপণ কৰিব৷ এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গছজোপাৰ প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকা কৃতজ্ঞতা হিচাপে আগবঢ়োৱাৰ লগতে ৩ বছৰৰ পাছত পুনৰ ২০০ টকা প্ৰদান কৰিব,” সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
গছপুলি ৰোপণক এক জন আন্দোলন হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে চানডুবিত শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, জামুক, কদম, সোণাৰু আদি ৰোপণ কৰা হয়৷ এই পদক্ষেপে চানডুবিৰ সৌন্দৰ্যবৰ্ধনৰ লগতে পৰিৱেশৰ প্ৰতি ৰাইজক সজাগ কৰি তুলিব৷
ইয়াৰ লগতে বাণিজ্যিকভাৱে চাহিদা থকা গছপুলি ৰোপণ কৰাৰ বাবে উদগনি যোগাই ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, “আমি ৰাজ্যৰ মুঠ ভৌগোলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰপৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা অব্যাহত ৰাখিছোঁ৷”
উল্লেখযোগ্য যে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালগৰাকীয়ে ‘প্ৰাকৃতিক কৃষিৰ দিশত এখোজ’ শীৰ্ষক এখন সহায়িকা পুথি আৰু ‘Rare and threatened plant species of Assam’ শীৰ্ষক পুস্তিকাও শুভ উন্মোচন কৰে৷