গোলাঘাট পুলিবৰৰ বগৰীজেং গাঁৱৰ বিষ্ণুপ্ৰিয়া আত্মসহায়ক গোটৰ ১১গৰাকী সদস্যৰ বাবে এই আগষ্ট মাহটো যথেষ্ট ব্যস্ততাপূৰ্ণ আছিল। অৱশ্যে যোৱাবছৰ অমৃত বৃক্ষ আন্দোলনত ভাগ লোৱা প্ৰতিগৰাকী সদস্যই বুজি উঠিছে এই পদক্ষেপৰ প্ৰয়োজনীয়তা কিমান। যোৱা বছৰ ৰোৱা গছপুলি দুটা লহপহকৈ বাঢ়িছে, গতিকে এইবাৰ ছটা নতুন পুলি লগাই তেওঁলোকে এই বৃক্ষ আন্দোলনক অধিক শক্তিশালী কৰাৰ বাবে সংকল্প লৈছে। জীৱিকা সখীসকলে তেওঁলোকক বগীপমা, তিতাচপা, মেহগনি আদি পুলি বিতৰণ কৰি থৈ যোৱাৰ পাছত তেওঁলোকে পুলি লগাবলৈ আৰম্ভ কৰে।
বিষ্ণুপ্ৰিয়া আত্মসহায়ক গোটৰ মৰমী কোঁৱৰে যোৱা ১৩ আগষ্টত গছপুলিকেইটা ৰোপণ কৰি অসম চৰকাৰে সাজু কৰা প’ৰ্টেলটোত ফ’টো আপল’ড কৰে। মৰমী কোঁৱৰে কয়, “আমাৰ গোটৰ লগতে আমাৰ সম্পূৰ্ণ গাঁওখনে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে। এই পদক্ষেপটোৱে আমাক এখন সেউজীয়া অসম প্ৰদান কৰিব। এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য, কেৱল চৰকাৰে দিয়া বুলিয়ে নহয় আমি নিজাববীয়াকৈ এনে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত।”
অসম চৰকাৰৰ বন বিভাগে অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত দ্বিতীয় বাৰৰ বাবে অমৃত বৃক্ষ আন্দোলন ২.০ৰ বিষয়ে ঘোষণা কৰে। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলন ২.০ৰ জৰিয়তে ৰাজ্যত তিনি কোটি গছপুলি ৰোপণ কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে যোৱা জুলাইত অমৃত বৃক্ষ আন্দোলন ২.০ক সফল কৰি তোলাৰ বাবে জিলা আয়ুক্তক সভাপতি হিচাপে লৈ প্ৰতিখন জিলাতে এখনকৈ জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল। জিলা আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প বিষয়াকে আদি কৰি মুঠ ১২গৰাকী সদস্যৰ সৈতে এই সমিতিখন গঠন কৰা হৈছিল। বিদ্যালয়, মহাবিদ্যালয়, স্বেচ্ছাসেৱী সংগঠন, আৰক্ষী বিভাগ, আন চৰকাৰী বিভাগসমূহক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল। অৱশ্যে তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যক স্পৰ্শ কৰিবলৈ আত্মসহায়ক গোটসমূহক সক্ৰিয়ভাৱে জড়িত কৰাটো প্ৰয়োজনীয় আছিল।
অসমত আত্মসহায়ক গোটৰ ৩৯ লাখতকৈও অধিক সদস্য আছে। তেওঁলোকৰ প্ৰতিগৰাকী সদস্যই ৬টাকৈ গছপুলি ৰোপণ কৰাটো নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক মাছাণ্ডা মেগডেলিন পাৰ্টিনে এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আমি লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছোঁ। অমৃত বৃক্ষ আন্দোলন আৰু কেন্দ্ৰীয় চৰকাৰৰ এজুপি গছ মাৰ নামত পদক্ষেপৰ অধীনত আত্মসহায়ক গোটসমূহক আমি একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি বন বিভাগৰ সৈতে যোগাযোগ কৰি পুলি বিতৰণ প্ৰক্ৰিয়াটো নিশ্চিত কৰিছিলোঁ।”
তেওঁ লগতে কয়, “আমি পুলিসমূহৰ বিতৰণ নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি আছিলোঁ। প্ৰথম সাত-আঠ দিনৰ ভিতৰত আত্মসহায়ক গোটৰ বাইদেউসকলে পুলি পোৱাটো নিশ্চিত কৰিবলৈ বিচাৰিছিলোঁ। আন আন অংশীদাৰ যেনে শিক্ষা প্ৰতিষ্ঠান বা স্বেচ্ছাসেৱী সংগঠনবোৰে প্ৰতিগৰাকী সদস্যই দুটাকৈ পুলি ৰোপণ কৰাৰ বিপৰীতে আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে ৬টাকৈ পুলি ৰোপণ কৰিছে।”
“আমাৰ বাইদেউসকলে এই পদক্ষেপটোক সফল কৰি তুলিবলৈ এক সমূহীয়া প্ৰচেষ্টা গ্ৰহণ কৰিছে। তিনি কোটি গছপুলিৰ লক্ষ্যৰ ভিতৰত ২.১৬ কোটি গছপুলি ৰোপণৰ দায়িত্ব আছিল আমাৰ বাইদেউসকলৰ। আমাৰ ডিপিএমসকলৰ লগতে এমট্ৰনে আপল’ড আৰু পঞ্জীয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আমি প্ৰতিদিনে আপল’ডৰ ক্ষেত্ৰত জিলা ভিত্তিত এক সূচক প্ৰদান কৰিছিলোঁ, যাতে আমি লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় হ’ব পাৰে ,” তেওঁ কয়।
মাছাণ্ডা মেগডেলিন পাৰ্টিনে কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ওচৰত আত্মসহায়ক গোটৰ বাইদেউসকলৰ জৰিয়তে এক বৃহৎ তৃণমূল শক্তি উপলভ্য হৈছে আৰু অসম চৰকাৰে আমাৰ বাইদেউসকলৰ সবলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহে এই দিশত ৰাজ্যখনক উপকৃত কৰিছে।
নলবাৰীৰ শ্যামৰায় আত্মসহায়ক গোটৰ সাধনা ভাগৱতী গোস্বামীয়ে কয়, “আমাৰ জিলাখনে সৰ্বাধিক গছপুলি ৰোপণ কৰিছে। এয়া গৌৰৱৰ বিষয়। আমি আত্মসহায়ক গোটৰ সদস্যসকলে নিজাববীয়া প্ৰচেষ্টাও গ্ৰহণ কৰি এই লক্ষ্য স্পৰ্শ কৰিব পাৰিছোঁ। আমি পঞ্চায়ত কাৰ্যালয়ত গছপুলিৰ উপলভ্যতা নিশ্চিত কৰিছিলোঁ।” তেওঁ লগতে কয়, “আমাৰ গোটৰ সদস্যসকলৰ লগতে আমাৰ ওচৰৰ গাঁও পঞ্চায়তৰ সদস্যসকলেও পুলি ৰোপণ কৰিছিল। আমাৰ নলবাৰী জিলাত বানৰ সমস্যাৰ বাবে প্ৰয়োজনীয় গছপুলিৰ সংখ্যা অলপ কম হৈছিল যদিও কোনো অভিযোগ নকৰাকৈ আমি সদস্যসকলে বিভিন্ন স্থানৰ পৰা নিজা প্ৰচেষ্টাৰেও কিছু গছপুলি সংগ্ৰহ কৰি এই সমস্যাৰ সমাধানৰ পথ উলিয়াওঁ।”
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ সদস্যসকলে অমৃত বৃক্ষ আন্দোলন ২.০ৰ অধীনত মুঠ ২,৫২,৬৫,৬৮১জোপা গছপুলি ৰোপণ কৰাৰ ফ’টো প’ৰ্টেলত আপল’ড কৰে (২৪ আগষ্টলৈকে)। এই সংখ্যা আছিল নিৰ্ধাৰিত লক্ষ্যৰ (২,১৩,৪৩,৬০২) ১১৭.৯১% । নলবাৰী জিলাৰ পৰা সৰ্বাধিক ১৫,৭৭,০৯৯খন ফ’টো আপল’ড কৰা হয়। দ্বিতীয় স্থানত থাকে ১৫,২৭,১৪৪খন ফ’টো আপল’ডেৰে কৰিমগঞ্জ জিলা। বৰপেটা, লখিমপুৰ, শোণিতপুৰ, ধুবুৰী আৰু যোৰহাটত ফ’টো আপল’ডৰ সংখ্যাই দহ লক্ষৰ সীমা অতিক্ৰম কৰে।
আত্মসহায়ক গোটসমূহৰ লগতে শিক্ষা প্ৰতিষ্ঠান, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, জিলা আৰক্ষী, অসম আৰক্ষী বেটেলিয়ন, গাঁওৰক্ষী বাহিনী, সেনা, স্বেচ্ছাসেৱী সংগঠন, কৃষক গোটসমূহেও অমৃত বৃক্ষ আন্দোলন ২,০ত অংশগ্ৰহণ কৰে। তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য অতিক্ৰম কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ প’ৰ্টেলত মুঠ ফ’টো আপল’ড হয় ৩,১৯,৮৩,১২৩খন (২৫ আগষ্টলৈকে)।