দেশৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ২০২২ বৰ্ষটো সমগ্ৰ দেশতে ‘আজাদী কা অমৃত মহোৎসৱ’ হিচাপে পালন কৰা হৈছে৷ স্বাধীন ভাৰতৰ বাবে একেখন পতাকাৰ সপোন দেখা স্বাধীনতা সংগ্ৰামী আৰু বীৰ-শ্বহীদসকলৰ অদম্য সাহস তথা ত্যাগক স্মৰণ কৰি চলিত বৰ্ষৰ ২২ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ সপোনৰ ভাৰত গঢ়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ দোহাৰে৷
“আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশস্বৰূপে আহক আমি ‘ঘৰে ঘৰে জাতীয় পতাকা’ (Har Ghar Tiranga) অভিযানক শক্তিশালী কৰোঁ৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে সকলোৱে নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন বা প্ৰদৰ্শন কৰক৷ এই অভিযানে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে আমাৰ সম্পৰ্কক অধিক আত্মিক কৰি তুলিব,” প্ৰধানমন্ত্ৰীয়ে টুইটযোগে আহ্বান জনায়৷
দেশৰ জনগণ, সংস্কৃতি আৰু গৌৰৱগাথাৰ আন্তৰিক উদযাপনেৰে ভাৰত চৰকাৰে ২০২১ বৰ্ষৰ ১২ মাৰ্চৰ পৰা ২০২৩ বৰ্ষৰ ১৫ আগষ্টলৈকে ‘আজাদী কা অমৃত মহোৎসৱ’ পালন কৰাৰ সিদ্ধান্ত লৈছিল৷ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি আমাৰ গভীৰ দায়বদ্ধতাক হৃদয়ংগম কৰি এইবাৰ স্বাধীনতা দিৱসত সমগ্ৰ দেশৰ ঘৰে ঘৰে ‘ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বিধি-২০০২’ পালন কৰি ২০ কোটি পতাকা উত্তোলন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ সফল ৰূপায়ণ সন্দৰ্ভত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ১৭ জুলাইত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল তথা প্ৰশাসকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয়৷ তেখেতে টুইটযোগে জনায় যে, “দেশবাসীৰ হৃদয়ত দেশভক্তিৰ ভাবনাক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘ঘৰে ঘৰে জাতীয় পতাকা’ নামৰ এক অনন্য অভিযানৰ ঘোষণা কৰিছে৷”
এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অসম চৰকাৰেও সকলো প্ৰস্তুতি আৰম্ভ কৰিছে৷ ৰাজ্য চৰকাৰে অহা ১৩ৰ পৰা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনৰ ৮০ লাখ গৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লক্ষ্য লৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক টুইটত উল্লেখ কৰে যে তেখেতে সকলো জিলাৰ উপায়ুক্তক প্ৰতিঘৰতে ত্ৰিৰংগ পতাকা উত্তোলনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীত ভাৰতীয় হোৱাৰ গৌৰৱেৰে অংশ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷