ভাৰতৰ উন্নয়নমুখী যাত্ৰাপথত বিভিন্ন বাধা আছে৷ লাগিলে সেয়া সামাজিক-ৰাজনৈতিক, অৰ্থনৈতিক হওঁক, সাংস্কৃতিক বা বৈজ্ঞানিক হওঁক- এই সত্যটো স্বীকাৰ কৰাৰ সময় আহি পৰিছে যে ইয়াৰ এটা অন্যতম কাৰণ হৈছে বিস্তৃত আৰু উচ্চ মানৰ গৱেষণাত চৰকাৰী সহযোগিতাৰ অভাৱ৷ গৱেষণাৰ বাবে সম্পদ বা সমল প্ৰদান কৰাটো হৈছে অপৰিসীম সৃষ্টিশীল সম্ভাৱনাৰে ভৰপূৰ আমাৰ মানৱ সম্পদক ব্যৱহাৰ কৰাৰ এক শ্ৰেষ্ঠ উপায়৷
গৱেষণাক শিক্ষাৰ এক অভিন্ন দৃষ্টিভংগী আৰু কেৰিয়াৰ বিকল্প হিচাপে চোৱা উচিত৷ ই আমাক কেৱল উদ্ভাৱনীমূলক চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে নাইবা পৰিৱেশ সম্পৰ্কীয় সমসাময়িক সমস্যাবোৰৰ কাৰ্যকৰী সমাধানৰ লগতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱপৰ কৰি তোলে, এনে নহয়৷ গৱেষণাই বৌদ্ধিক সন্তুষ্টি প্ৰদান কৰাৰ লগতে সাংস্কৃতিকৰ পৰা ঐতিহাসিক, ৰাজনৈতিকৰ পৰা অৰ্থনৈতিক- এই সকলোবোৰ ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ মূল্যাঙ্কনৰ এক সঁজুলি হিচাপে কাম কৰে৷ আমাৰ দেশত যি ধৰণৰ শিক্ষাৰ প্ৰচলন হৈছে সেয়া একবিংশ শতিকাৰ বৈশ্বিক পৰ্যায়ৰ নিয়োগ আৰু উপযুক্ত মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত বৰকৈ কাৰ্যকৰী হোৱা নাই৷ গৱেষণাভিত্তিক পদ্ধতি এটাৰ ফলশ্ৰুতিত ব্যৱহাৰিক জ্ঞানেৰে সজ্জিত ব্যৱস্থাই প্ৰকৃতাৰ্থত এক উৎপাদনশীল আৰু সুসঙ্গত টাস্কফ’ৰ্চ গঠন কৰিব৷ ই চৰকাৰখনৰ লগতে আমাৰ সমাজখনৰ বাবেও এক ‘লাভজনক বিনিয়োগ’ হিচাপে গণ্য হ’ব৷ উদাহৰণস্বৰূপে, ভাৰতৰ অৰ্থনৈতিক আৰু সমাজতাত্ত্বিক গৱেষণাৰ অগ্ৰগতিয়ে ব্যাপক আৰু দক্ষ নীতি গঠন তথা ৰূপায়ণত সহায় কৰিব৷ আনহাতে, সাহিত্য আৰু সংগীত গৱেষণাই আমাৰ ঐতিহ্য সুৰক্ষিত কৰাত আৰু ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰখাত অৰিহণা যোগাব৷
ওপৰোক্ত সকলোবোৰ কথা বিবেচনা কৰি, বিষয়টো ভালদৰে অধ্যয়ন কৰি আৰু ভাৰতৰ গৱেষণা খণ্ডত বাধাৰ সৃষ্টি কৰা সমস্যাবোৰৰ সমাধান বিচাৰি উলিওৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷ চৰকাৰে এই পৰ্যন্ত অনুদান লাভ নকৰা গৱেষকসকলৰ স্থিতি পুনৰীক্ষণ কৰি গৱেষণা কাৰ্যসমূহ আৰম্ভ কৰিব পাৰে আৰু এই ক্ষেত্ৰত হৈ থকা বিলম্বৰ সমাপ্তি ঘটাব পাৰে৷ এই প্ৰণালীটোক এনেদৰে পুনৰুজ্জীৱিত কৰিব লাগিব যি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় অনুদান লাভ কৰাত সহায় কৰে৷ দেশ আৰু সামগ্ৰিকভাৱে বিশ্বৰ হিতৰ বাবে সম্ভাৱনাপূৰ্ণ প্ৰকল্পবোৰ চিনাক্ত কৰিবলৈ আৰু তেনে প্ৰকল্পক প্ৰয়োজনীয় সমৰ্থন প্ৰদানৰ প্ৰয়োজন আছে৷
এক নিৰ্দিষ্ট আবেদন/আপীল প্ৰণালীৰে এক নতুন “গৱেষণা অনুদান” নীতি সৃষ্টি কৰাটো আন এক উপযোগী পদক্ষেপ হ’ব পাৰে যি সুযোগ্য ব্যক্তিৰদ্বাৰা পুংখানুপুংখকৈ পৰীক্ষা কৰাৰ পাছত সম্ভাৱনাময় প্ৰকল্পবোৰক বিত্তীয় আৰু অন্যান্য সহযোগিতা প্ৰদান কৰিব৷ ই ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০১ সৈতেও সামঞ্জস্যপূৰ্ণ হ’ব যি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰম্পৰাগত ৰূপ পৰিৱৰ্তন কৰাৰ দিশত বাট চাই আছে৷
ব্যতিক্ৰমী চিন্তাৰে পুষ্ট যুৱক-যুৱতীসকলক উৎসাহিত কৰিবলৈ আৰু বৃহৎ পৰিসৰত নতুন চিন্তা কৰাৰ পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ যথেষ্ট থল আছে৷