যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৬ আৰু ১৭ আগষ্টত বিশ্ববিদ্যালয়খনৰ অধীনস্থ দুখন মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত অংশ লৈ এই ভূমিকাৰ প্ৰশংসা কৰে৷
কৃষি মহাবিদ্যালয়, যোৰহাটৰ মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি ১৬ আগষ্টত মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত চাৰিটা প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ ‘ৰাষ্ট্ৰীয় ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক’ত বিশ্ববিদ্যালয়খনৰ স্থান উন্নীত হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰি কয় যে ৰাজ্যখনৰ শিক্ষা খণ্ডৰ বাবে এয়া এক অভূতপূৰ্ব সফলতা৷
কৃষি গৱেষণাৰ ক্ষেত্ৰখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অনন্য কৃতিত্বৰ বাবে বহু দূৰণিবটীয়া অঞ্চলৰ লোক আৰু প্ৰতিষ্ঠানসমূহ এই শিক্ষানুষ্ঠাখনৰ প্ৰতি আকৰ্ষিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰদ্বাৰা থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা ‘মুগা’ ডিটেকশ্যন কিটৰ উদ্ভাৱনৰ দৰে কল্যাণকামী পদক্ষেপে ৰাজ্যখনৰ কৃষি অৰ্থনীতিত নতুন সুযোগ-সম্ভাৱনাৰ সৃষ্টি কৰাত সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷
খাদ্য সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৃষি গৱেষণাৰ সফল ব্যৱহাৰৰ বিষয়ত গুৰুত্ব প্ৰদান কৰে৷ ইয়াৰ লগতে কৃষকৰ কল্যাণ সাধনৰ দিশতো যাতে কৃষি গৱেষণাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, সেই সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷
মুখ্যমন্ত্ৰীয়ে কয় যে খাদ্য সুৰক্ষা সম্পৰ্কীয় যিকোনো পৰিকল্পনা তথা আলোচনাত তিনিটা উপাদানক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা উচিত৷ খাদ্য সম্পদৰ উপলভ্যতা, খাদ্য সম্পদৰ উৎপাদনমুখীতা আৰু খাদ্য সম্পদ ক্ৰয় কৰাৰ বিশ্বজনীন সামৰ্থ্য- এই উপাদানসমূহে খাদ্য সুৰক্ষাৰ বিষয়টোক গতিশীলতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বাখ্যা কৰে৷ তদুপৰি বৰ্তমানৰ আধুনিক কৃষি ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা, পৰিৱেশ অনুকূল প্ৰযুক্তিবিদ্যা, উচ্চ উৎপাদনশীল বীজৰ প্ৰয়োগ আৰু অন্যান্য দিশবোৰে কৃষি খণ্ডৰ উত্তৰণৰ যাত্ৰাত অৰিহণা যোগোৱাৰ কথাও ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে৷
এই অনুষ্ঠানৰ অংশ হিচাপে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত নিৰ্মাণ কৰা জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক উৎপাদন কেন্দ্ৰটোৰ লগতে ৩১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আন্তঃৰাষ্ট্ৰীয় অতিথিশালা মুখ্যমন্ত্ৰীয়ে উক্ত দিনটোতে উদ্বোধন কৰে৷
তদুপৰি ১৭ আগষ্টত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে খানাপাৰাত ৩০.৭৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালা ভৱনটোৰো শুভ উদ্বোধন কৰে৷
তেখেতে হাঁহ-কুকুৰা পালন আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ সম্ভাৱনাময় দিশটোৰ উত্তৰণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি ভাষণত কয়, “অসমৰ কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে চাকৰিমুখী হোৱাতকৈ নিয়োগ সৃষ্টিকৰ্তা হিচাপে নিজকে প্ৰস্তুত কৰা উচিত৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত ঘোষণা কৰে যে ইয়াৰ লগতে পশু চিকিৎসা খণ্ডৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আধাৰত শীঘ্ৰে ৰাজ্যিক স্বাস্থ্য অভিযানৰ পদক্ষেপ ৰূপায়ণৰ কাম হাতত লোৱা হ’ব ৷