মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি চৰকাৰে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশ, খিলঞ্জীয়া লোকসকলক ভূমি-অধিকাৰ প্ৰদান আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ হকে কাম কৰাৰ লগতে হিতাধিকাৰীসকলৰ বাবে আঁচনিসমূহৰ উপলভ্যতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ কাৰ্বি আংলঙৰ ডিফুত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভাষণ প্ৰদান কৰি ড° শৰ্মাই কয় যে ধান ক্ৰয়ৰ জৰিয়তে যোৱা এবছৰত ৰাজ্যখনৰ অৰ্থনীতিলৈ ৮০০ কোটিৰো অধিক টকা সঞ্চাৰিত হৈছে৷ তেওঁ কয় যে চৰকাৰে ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিলৈ ৫, ০০০ কোটি টকা সঞ্চাৰিত কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে বৰ্তমানৰ ১৪ লাখ কৃষকৰ পৰা বৃদ্ধি কৰি ২৭ লাখ কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিধিলৈ অনাৰ এক অভিলাষী পৰিকল্পনা কৰিছে৷ এই আঁচনিৰ অধীনত, এজন কৃষকে তিনিটা সমান কিস্তিত ৬০০০ টকা সাহায্য হিচাপে লাভ কৰিব৷ লগতে, মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ অধীনত ২৭ লাখ মহিলালৈ পূৰ্বৰ ১০০০ টকাৰ পৰা বৃদ্ধি কৰি মাহিলি ১২৫০ টকাকৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে৷ তেওঁ কয় যে অতি সোনকালেই চৰকাৰৰ ঋণ ৰেহাই আঁচনিৰ জৰিয়তে আৰু পাঁচ লাখ মহিলা লাভান্বিত হ’ব৷ “আমাৰ লক্ষ্য হৈছে ২৭ লাখ মহিলাক ঋণমুক্ত কৰা”, তেওঁ দলৰ সহকৰ্মীসকলক জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ হৈছে দীৰ্ঘদিন ধৰি অৱহেলিত চাহ বাগিচাৰ শ্ৰমিকসকলৰ সবলীকৰণ৷ “বৰ্তমানলৈকে কেৱল বাগিচাৰ স্বত্বাধিকাৰীহে চাহ বাগিচাৰ ভূমি অধিগ্ৰহণৰ বাবে ক্ষতিপূৰণ লাভ কৰা একমাত্ৰ হিতাধিকাৰী হৈ আহিছে৷ কিন্তু, এতিয়া আমি ক্ষতিগ্ৰস্ত বাগিচাসমূহৰ শ্ৰমিকসকলকো ক্ষতিপূৰণৰ এটা অংশ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ তেওঁ অসমক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰাৰ কথা উল্লেখ কৰে৷ “আমি অহা চাৰি বছৰত বিদ্যুৎ উৎপাদন বৰ্তমানৰ ৫০০ মেগাৱাটৰ পৰা ২, ০০০ মেগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ৷ আমি মুলতঃ সেউজ শক্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম,” ড° হিমন্ত বিশ্ব শৰ্মাই কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত যোগ্য শিক্ষাৰ্থীসকলে মিছন ভূমিপুত্ৰৰ অধীনত তেওঁলোকৰ বিদ্যালয়তে জাতিগত প্ৰমাণপত্ৰ লাভ কৰিব৷ ৰাজ্য চৰকাৰে গাঁওসমূহত পানীৰ সংযোগ পৰীক্ষা কৰিবলৈ মাহিলী ৬,৫০০ টকা পাৰিশ্ৰমিক প্ৰদানেৰে ২৬,০০০ গৰাকী ‘জল মিত্ৰ’ নিয়োগ কৰিব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে মিছন বসুন্ধৰা-১ৰ অধীনত ৭ লাখ পৰিয়ালৰ ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিছে৷ “মিছন বসুন্ধৰা-২ ৰ জৰিয়তে আমি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিম”, তেওঁ দলৰ সতীৰ্থসকলক কয়৷ ৰাজ্য চৰকাৰে ২৭ লাখ কৃষকক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিধিলৈ অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিলৈ ৫, ০০০ কোটি টকা সঞ্চাৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১২৫০ টকালৈ বৃদ্ধি কৰি ২৭ লাখ মহিলালৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰৰ লক্ষ্য হৈছে ২৭ লাখ মহিলাক মাইক্ৰ’ফাইনেন্স ঋণ মাফ আঁচনিৰ সুবিধা প্ৰদান কৰা ৰাজ্য চৰকাৰে মাহিলী ৬, ৫০০ টকা পাৰিশ্ৰমিক প্ৰদানেৰে ২৬, ০০০ গৰাকী ‘জল মিত্ৰ’ নিয়োগ কৰিব