মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত থকা সদাতৎপৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ বাবে বিগত বছৰটোত ৰাজ্যখনত সংঘটিত অপৰাধৰ পৰিসংখ্যা হ্ৰাস পাইছে।
১০ মে’ ২০২১ৰ দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে শপত গ্ৰহণ কৰে আৰু তাৰ কিছু সময়ৰ পাছতেই ৰাতি ৯ বজাত মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱনত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় য’ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান(আইন-শৃংখলা) আৰু গৃহ বিভাগৰ সচিব উপস্থিত আছিল। দুঘণ্টীয়া এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সাতটা প্ৰধান সমস্যা- নিচাযুক্ত পদাৰ্থ, নাৰী আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ,পশু সৰবৰাহ, এটা খৰ্গৰ গড় চিকাৰ, ভূমি বেদখল, সন্ত্ৰাসবাদ আৰু খাৰুৱা তেল চুৰিৰ বিৰুদ্ধে এক কাৰ্যক্ষম পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।
এই বছৰটোত অপৰাধৰ বিৰুদ্ধে লোৱা এক সুপৰিকল্পিত ব্যৱস্থাই সমালোচকসকলৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ২০২১ চনত প্ৰতিমাহে পঞ্জীভুক্ত হোৱা ১১,১০৩টা গোচৰৰ বিপৰীতে ২০২২ চনত এই সংখ্যা হ্ৰাস হৈ প্ৰতিমাহে ৬,২৪৭টা হৈছেহি।
ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ যুঁজখন বহু পুৰণি। কিন্তু নতুন চৰকাৰে শাসনৰ বাঘজৰী হাতত লোৱাৰে পৰা এই ক্ষেত্ৰত এক নতুন উদ্যমৰ সৃষ্টি হৈছে। ১০ মে’ ২০২১ ৰপৰা ১৭ এপ্ৰিল,২০২২ লৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত প্ৰায় ৪,৮৩৮ জন অপৰাধীক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰায় ৫৪৮.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে।
অসামাজিক কাৰ্যকলাপ দূৰ কৰিবলৈ চৰকাৰখনে যিদৰে বল প্ৰয়োগ কৰিছে ঠিক তেনেকৈ মূলসুঁতিৰ পৰা অঁতৰি যোৱা যুৱক-যুৱতীসকলক অস্ত্ৰ সম্বৰণ কৰি উভতি আহিবলৈ আহ্বান জনাইছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সহস্ৰাধিক যুৱক-যুৱতী মূলসুঁতিলৈ উভতি আহিছে। যোৱা ৪ ছেপ্টেম্বৰ ২০২১ত UPLA, PDCK, KPLT আৰু KLNLF-য়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ বুজাবুজিৰ চুক্তিত (MoS) স্বাক্ষৰ কৰি ক্ৰমান্বয়ে নিজৰ সকলো সাংগঠনিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে অন্ত পেলায়। উল্লেখ্য যে আন বহুকেইটা সংগঠনৰ সৈতে চৰকাৰৰ শান্তি আলোচনা সঠিক দিশত আগবাঢ়িছে। মুখ্যমন্ত্ৰীয়ে আলফা স্বাধীনকো আলোচনাৰ মাজলৈ অহাৰ বাবে বিভিন্ন মঞ্চৰ পৰা আহ্বান জনাইছে।
২০২০ চনৰ বড়ো চুক্তি অনুসৰি ২১২.৩০ কোটি টকা ব্যয়ৰে ৪,২০৩গৰাকী প্ৰাক্তন NDFB কেডাৰৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। UPLA, PDCK, KPLT আৰু KLNLFৰ আত্মসমৰ্পণ কৰা কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ বাবে চৰকাৰে ৭৭.৪ কোটি টকা মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনাইছে।
চৰকাৰখন শাসনলৈ অহাৰ পৰা এটা খৰ্গৰ গঁড়ৰ চোৰাং চিকাৰ লক্ষণীয়ভাৱে হ্ৰাস পাইছে। চৰকাৰী তথ্যমতে ২০২১ চনত মাত্ৰ এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা গঁড় সংৰক্ষণৰ সৈতে সক্ৰিয়ভাৱে জড়িত কেভিন পিটাৰছেনে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰিছে।
বিগত বছৰটোত পশুধন সৰবৰাহৰ সৈতে জড়িত ৯৯২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৯,৪৫৪টা পশুধন উদ্ধাৰ কৰা হৈছে।পশুধনৰ সুৰক্ষাৰ ক্ষেত্ৰত ‘অসম পশুধন সুৰক্ষা আইন,২০২১’ এক শক্তিশালী প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে।
ৰাজ্যখনত নাৰী আৰু শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই আছে। যোৱা বছৰটোত মুঠ ১০৪জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২৫০জন ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতিৰ প্ৰয়োগেৰে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে আৰু চোৰাংচোৱা প্ৰণালীটোকো শক্তিশালী কৰি তোলা হৈছে।
মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ অসমৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগতে জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ মনোবল বৃদ্ধি কৰে আৰু আইন-শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত মানৱীয় প্ৰমূল্যবোধ বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।