প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট বৈঠকত চাৰিলেনযুক্ত উত্তৰ গুৱাহাটীৰ বাইপাছৰ নিৰ্মাণ তথা উন্নয়ন আৰু বৰ্তমানৰ গুৱাহাটী বাইপাছৰ বহলকৰণ আৰু উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা হয়। গুৱাহাটী ৰিং ৰোড প্ৰকল্প হিচাপে নামকৰণ কৰা এই প্ৰকল্পৰ দৈৰ্ঘ্য হ’ব ১২১ কিল’মিটাৰ।
১২১ কিল’মিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড ‘বিল্ড অপাৰেট টোল (বিঅ’টি) মোড’ত মুঠ ৫,৭২৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। তিনিটা খণ্ডত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ অধীনত সামৰি লোৱা হ’ব – চাৰিলেনযুক্ত এক্সেছ ক’ণ্ট্ৰ’লড উত্তৰ গুৱাহাটী বাইপাছ (৫৬ কিল’মিটাৰ), ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ চাৰিলেনযুক্ত বাইপাছ বহল কৰি ৬ লেন কৰা (৮ কিল’মিটাৰ), ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নীতকৰণ (৫৮ কিল’মিটাৰ)।
এই প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব। এই দলংখনে দৰং জিলাত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ অংশৰ কুৰুৱাক সংযোগ কৰিব আৰু ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পূব অংশৰ নাৰেংগী হ’ব ইয়াৰ দক্ষিণ সংযোগী বিন্দু।
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নিৰ্মাণৰ কাম ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অৰ্পণ কৰিছে। প্ৰাধিকৰণে দীৰ্ঘদিনীয়া জৰীপৰ অন্তত পথ প্ৰকল্পটোক তিনিটা খণ্ডত বিভক্ত কৰে।
গুৱাহাটী ৰিং ৰোডে নগৰীয়া যাতায়াত ব্যৱস্থা উন্নীত কৰাৰ লগতে গুৱাহাটীৰ প্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৰিং ৰোডৰ জৰিয়তে গুৱাহাটীৰ কাষৰীয়া মুখ্য ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁট হ্ৰাস হ’ব। তদুপৰি এই পথে শিলিগুড়ি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা, বৰপেটা আদি গুৰুত্বপূৰ্ণ চহৰ/নগৰসমূহৰ যোগাযোগ ব্যৱস্থাক এক নতুনত্ব প্ৰদান কৰিব। ইয়াৰ লগতে এই প্ৰকল্পই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ (পূব-পশ্চিম কৰিড’ৰ)ত সুচল যাতায়াত নিশ্চিত কৰাৰ লগতে যান-যঁটৰ পৰিমাণো হ্ৰাস কৰিব।
প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্পটো সমগ্ৰ অসমৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প। সেয়েহে অসম চৰকাৰে ৰাজ্যৰ জিএছটিৰ অংশ আৰু ফ’ৰেষ্ট ৰয়েল্টী পৰিশোধৰ ক্ষেত্ৰত ৰেহাই দিবলৈ সন্মত হৈছে।
স্বাধীনতা দিৱসৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে কেন্দ্ৰৰ অনুমোদনে গুৰুত্বপূৰ্ণ উন্নয়নক প্ৰতিফলিত কৰিছে। এই প্ৰকল্প সম্পূৰ্ণ হ’লে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নে গতিশীলতা লাভ কৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে।
———————————————————————————